এম মণিৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এম মনিৰামৰ পৰা পুনঃনিৰ্দেশিত)
মৈৰঙঠম মণিৰাম সিংহ

২০০৮ চনত এম মণিৰাম
জন্ম ১৯৭০ (বয়স ৫৩–৫৪)
উত্তৰ লখিমপুৰ, অসম
অন্য নাম এম মণিৰাম
পেচা চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৯৫ - বৰ্তমান
উল্লেখযোগ্য কৰ্ম মন যায়, ২০০৮
বঁটা, সন্মান, পুৰস্কাৰ আদি অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা


মৈৰঙঠম মণিৰাম সিংহ বা চমুকৈ এম মণিৰাম (জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত। লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত জন্মলাভ এম মণিৰাম মণিপুৰী সম্প্ৰদায়ৰ।[1] তেওঁৰ মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা মন যায় ছবিখনে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৭০ চনত অসমলখিমপুৰ জিলাউত্তৰ লখিমপুৰত এম মণিৰামৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বলবিহাৰী। তেওঁৰ পিতৃয়ে ১৪ বছৰ বয়সতে মণিপুৰৰ মায়ং লেংজিঙৰ ওচৰত অৱস্থিত ফুমলৌৰ গাঁৱৰ পৰা অসমলৈ আহিছিল। তেওঁ যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই.টি.আই.ৰ টেইলৰিং পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। ইয়াৰ পৰা টেইলৰিং শিকি তেওঁ তিনিচুকীয়াৰ চলচ্চিত্ৰ গৃহ এখনৰ কাষত নিজাকৈ কাপোৰৰ দোকান আৰম্ভ কৰে।[1] মণিৰামে তিনিচুকীয়াৰ ডুমডুমা ডন বস্ক' স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁৰ চলচ্চিত্ৰৰ প্ৰতি ৰাপ আছিল। তেওঁৰ পিতৃৰ কাপোৰৰ দোকান ছবিগৃহৰ কাষতে হোৱাৰ বাবে তেওঁ তাত প্ৰদৰ্শন কৰা প্ৰায় সকলো ছবি চাইছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ সৰুৰে পৰা নিজৰ প্ৰতিভা বিকাশৰ উপযুক্ত সুবিধা লাভ কৰিছিল। তেওঁ অষ্টম শ্ৰেণীত থাকোঁতে বিদ্যালয়ৰ বাৰ্ষিক উৎসৱৰ উপলক্ষে অনুষ্ঠিত একাংকিকাত প্ৰথম অভিনয় কৰিছিল। এই একাংকিকা খনৰ পৰিচালনা আৰু চিত্ৰনাট্য তেওঁ নিজেই কৰিছিল। ১৯৯০ চনত তেওঁ কলেজত পঢ়ি থাকোঁতে অসমীয়া ভিডিঅ' ছবিৰ সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিল। চলচ্চিত্ৰ বিষয়ক কোনো আনুষ্ঠানিক শিক্ষা নথকাৰ সত্বেও তেওঁ পিছলৈ নিজকে এজন স্বনিৰ্ভৰশীল চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। ১৯৯৫ চনৰ পৰা তেওঁ দূৰদৰ্শন আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে ইংৰাজী, অসমীয়া আৰু মেইতেই ভাষাৰ ২৫ খনতকৈ অধিক ধাৰাবাহিক, তথ্যচিত্ৰ আৰু টেলিফিল্ম নিৰ্মাণ কৰিছে।[1][3]

মৈৰঙঠম মুভিজৰ বেনাৰত নিৰ্মিত তেওঁৰ প্ৰথম ছবি মন যায় ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰে। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে। ২০১৬ চনত তেওঁৰ সন্ধিক্ষণ নামৰ দ্বিতীয় ছবিখনে মুক্তি লাভ কৰিছিল।

চলচ্চিত্ৰ ৰাজি[সম্পাদনা কৰক]

  • মন যায়, ২০০৮
  • ইউ আৰ নট মাই জুলী (মুক্তি লাভ কৰা নাই)
  • সন্ধিক্ষণ, ২০১৬

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Kongbam, Meghachandra (6 July 2009). "Mon jai (I feel like): An Assamese film mirroring contemporary society in Assam". Manipur Information Centre. Archived from the original on 8 February 2010. https://web.archive.org/web/20100208224636/http://mic-delhi.com/tag/review/। আহৰণ কৰা হৈছে: 7 January 2010. 
  2. http://pib.nic.in/archieve/others/2010/jan/r2010012302.pdf
  3. "M. Maniram". Archived from the original on 26 July 2011. https://web.archive.org/web/20110726171420/http://iffigoa.org/esg/iffi2008/pdf_files/IndianPanorama2008.pdf। আহৰণ কৰা হৈছে: 7 January 2010.