কপৌ ফুল
| কপৌ ফুল | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বৰ্গ: | Asparagales |
| পৰিয়াল: | Orchidaceae |
| উপপৰিয়াল: | Epidendroideae |
| গোত্ৰ: | Vandeae |
| Subtribe: | Aeridinae |
| গণ: | Rhynchostylis |
| প্ৰজাতি: | R. retusa |
| বৈজ্ঞানিক নাম | |
| Rhynchostylis retusa | |
কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (ইংৰাজী: Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
বিতৰণ
[সম্পাদনা কৰক]এই উদ্ভিদটো মুকলি অৰণ্যত বা বনাঞ্চলৰ প্ৰান্তত 300–1,500 মিটাৰ (980–4,900 ফুট) উচ্চতাত গছৰ ডালত গজা epiphyte। ইয়াক ভূটান, কম্বোডিয়া, চীন (গুইজৌ, ইউনান), ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মলেছিয়াত পোৱা যায়। ম্যানমাৰ, নেপাল, ফিলিপাইনছ, চিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আৰু ভিয়েটনাম.[1]
ভাৰতত এই উদ্ভিদ উত্তৰ-পূব, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত বেছিকৈ দেখা যায়। অন্ধ্ৰ প্ৰদেশত এই উদ্ভিদক তেলেগু নাম চিন্তাৰানামু বুলি কোৱা হয়। জৈৱ-পাইৰেচিৰ বাবে,[উদ্ধৃতিৰ প্ৰয়োজন] ভাৰতত এই উদ্ভিদ বিলুপ্ত হোৱাৰ পথত। ৰাইকোষ্টাইলিছ ৰেটুছা ভাৰতত অৰুণাচল প্ৰদেশ আৰু অসমৰ লগতে শ্ৰীলংকাৰ উভা প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি লাভ কৰিছে।

স্থানীয় নাম সমূহ
[সম্পাদনা কৰক]
- ব্লাণ্ট ৰাইনক'ষ্টাইলিচ (Blunt Rhynchostylis)
- ছিনটাৰানামু (Chintaranamu)
- ফক্সটেইল অৰ্কিড (Foxtail orchid)
- কপৌ ফুল (kapau phool)
- যুৱান হুই লান (Zuan Hui Lan)
- আই য়া ৰেচ (Ai Ya Res (Thai))
বিভিন্ন ভাষাত নাম
[সম্পাদনা কৰক]- অসমীয়া, বাংলা: কপৌ ফুল
- মাৰাঠী: সোচেতী বেণী (सीतेची वेणी)
- হিন্দী: দ্ৰৌপদী মালা (द्रौपदी माला)
- নেপালী: ঘোগে গাবা (घोगे गावा)
বিস্তৃতি
[সম্পাদনা কৰক]
এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমূহত ভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহঁতৰ ভৌগোলিক বিস্তৃতি বাংলাদেশ, বেনিন, ম্যানমাৰ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, নেপাল, ফিলিপাইন, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামলৈকে বিয়পি আছে।[2][3]
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
যত্ন
[সম্পাদনা কৰক]এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।[2] যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।[4]
ব্যৱহাৰ
[সম্পাদনা কৰক]
ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।
অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব'হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ব্লুম, বিজড্ৰ. 286. 1825 |author=Xinqi Chen |author2=জেফ্ৰি জে উড |work=চীনৰ উদ্ভিদ |publisher=মিছৌৰী উদ্ভিদ উদ্যান, চেণ্ট লুইচ, এম অ' আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি হাৰ্বাৰিয়া, কেম্ব্ৰিজ, এম এ |access-date=28 এপ্ৰিল 2018} }
- ↑ 2.0 2.1 "Rhynchostylis Retusa" Archived 2016-03-06 at the Wayback Machine. Orchid Blooming. Retrieved on 2013-03-18.
- ↑ "Distribution - Rhynchostylis retusa". Tropicos.org. Retrieved on 2013-03-18.
- ↑ (1998-01-20). "Rhynchostylis page". Orchid Species.com. Retrieved on 2013-03-18.
| ৱিকিমিডিয়া কমন্সত কপৌফুল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |