কল্যাণজী-আনন্দজী
কল্যাণজী-আনন্দজী (ইংৰাজী: Kalyanji-Anandji) ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সুৰকাৰ যুটি আছিল: কল্যাণজী ভিৰজী শ্বাহ ( জন্ম ৩০ জুন ১৯২৮ –মৃতু্,২০০০ চনৰ ২৪ আগষ্ট) আৰু তেওঁৰ ভাতৃ আনন্দজী ভিৰজী শ্বাহ (জন্ম ২ মাৰ্চ ১৯৩৩)। দুয়োজন হিন্দী চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকত তেওঁলোকৰ কামৰ বাবে জনাজাত, বহুতো চিৰসেউজ গান তেওঁলোকে ৰচনা কৰিছে।
তেওঁলোকৰ কিছুমান সৰ্বাধিক পৰিচিত ৰচনা হৈছে ডন, বাইৰাগ, সৰস্বতীচন্দ্ৰ, কুৰবাণী, মুকাদ্দাৰ কা সিকন্দৰ, লাৱাৰী, ত্ৰিদেৱ, চফৰ আৰু বহুতো। তেওঁলোকে কোৰা কাগাজৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে ১৯৭৫ চনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। [1][2]
কৰ্মজীৱন
[সম্পাদনা কৰক]কল্যাণজী আৰু আনন্দজী গুজৰাটৰ কচ্ছৰ এজন ব্যৱসায়ীৰ সন্তান আছিল, কচ্ছৰ কুন্দ্ৰোদী গাঁৱৰ পৰা তেওঁ লোক 'বোম্বাই' (বৰ্তমানৰ মোম্বাই) লৈ ব্যৱসায়ৰ বাবে প্ৰব্ৰজন কৰিছিল। তেওঁলোকৰ সৰু ভায়েক আৰু তেওঁৰ পত্নী হৈছে বাবলা আৰু কাঞ্চন। বোম্বাইতে ভাই-ভনীসকলে এজন সংগীত শিক্ষকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ আজোককাক এজন বিখ্যাত লোকশিল্পী আছিল। তেওঁলোকে তেওঁলোকৰ বেছিভাগ প্ৰাৰম্ভিক বছৰ মাৰাঠী আৰু গুজৰাটী পৰিৱেশৰ মাজত গিৰগামৰ মুম্বাই অঞ্চলত আৰু ওচৰ-পাজৰে বাস কৰা কিছুমান বিশিষ্ট সংগীত প্ৰতিভাৰ মাজত অতিবাহিত কৰিছিল। কল্যাণজীয়ে এজন সংগীতজ্ঞ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল, ক্লাভায়োলিন নামৰ এটা নতুন ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰৰ সৈতে। যিটো বিখ্যাত "নাগিন বীন"ৰ বাবে ব্যৱহাৰ কৰা হৈছিল, নাগিন (১৯৫৪) চলচ্চিত্ৰত ব্যৱহাৰ কৰা হৈছিল য'ত হেমন্ত কুমাৰৰ সংগীত আছিল।[3]কল্যাণজীয়ে তেতিয়া তেওঁৰ ভাতৃ আনন্দজীৰ সৈতে কল্যাণজী ভিৰজী এণ্ড পাৰ্টি নামৰ এটা অৰ্কেষ্ট্ৰাৰ গোট আৰম্ভ কৰিছিল যিয়ে মুম্বাই আৰু বাহিৰত সংগীত অনুষ্ঠানৰ আয়োজন কৰিছিল। ভাৰতত চলন্ত সংগীতৰ প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ বাবে এইটো প্ৰথম প্ৰয়াস আছিল।
সংগীত ৰচনাকাৰী হিচাপে বোম্বাই চলচ্চিত্ৰ উদ্যোগত কল্যাণজী আনন্দজীৰ আগমন বৰ লেখত লবলগীয়া আছিল। যেতিয়া এছ. ডি. বৰ্মন, হেমন্ত কুমাৰ, '''মদন মোহন''', নৌশাদ, শংকৰ-জয়কিষাণ আৰু অ' পি নায়াৰৰ দৰে ডাঙৰ সংগীত পৰিচালকে হিন্দী চলচ্চিত্ৰ সংগীত জগতত শাসন কৰি আছিল আৰু এইটো চলচ্চিত্ৰ সংগীতৰ এটা সোণালী সময় আছিল, তেওঁলোকৰ মাজত স্থান পোৱাটো অতি কঠিন আছিল। তেওঁলোকে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিযোগিতাখনৰ মাজত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰত ভূষণ – নিৰুপ ৰয়ৰ 'সম্ৰাট চন্দ্ৰগুপ্ত'ক (১৯৫৮) হিট কৰিছিল কল্যাণজী ভিৰজী শ্বাহ হিচাপে তেওঁৰ প্ৰথম ছবিত ব্যৱহৃত সংগীতে। আজিলৈকে স্মৰণীয় হৈ থকা "চাহে পাছ হো" (লতা-ৰফি)ৰ দৰে গানবোৰে চিনেমাখনক বাণিজ্যিক ভাৱে সফল কৰি তুলিছিল। ইয়াৰ পিছত তেওঁ 'পোষ্ট বক্স ৯৯৯' ৰ দৰে অধিক চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে আৰু আনন্দজীয়ে তেওঁক সহায় কৰি থকাৰ আগতে আনুষ্ঠানিকভাৱে তেওঁৰ সৈতে 'সত্তা বজাৰ আৰু মাদাৰী' (১৯৫৯)ত কল্যাণজী-আনন্দজী যুটি গঠন কৰে। ছালিয়া (১৯৬০) তেওঁলোকৰ আটাইতকৈ পুৰণি মুখ্য হিট আছিল। ১৯৬৫ চনত 'হিমালয় কি গড মে' আৰু 'জব জব ফুল খিলে' নামৰ চিনেমা দুখনে এই যুটিক ৰচনাকাৰী হিচাপে বেছি প্ৰতিষ্ঠা কৰে।[4][5]
কল্যাণজী আৰু আনন্দজী দুয়োজনে ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ বাবে সংগীত ৰচনাকাৰী হিচাপে কাম কৰিছিল। যাৰ ভিতৰত ১৭খন সোণালী জয়ন্তী আৰু ৩৯খন ৰূপালী জয়ন্তী অতিক্ৰম কৰিছে। তেওঁলোকে ভাৰত আৰু বিদেশৰ বেচৰকাৰী সংগঠন আৰু কেইবাটাও দাতব্য প্ৰতিষ্ঠানৰ বাবে বহুতো দাতব্য সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল। এনে অনুষ্ঠানত আছিল দিলীপ কুমাৰ, অমিতাভ বচ্চন, অনিল কাপুৰ, বিনোদ খান্না, ৰেখা আৰু শ্ৰীদেৱী আদিৰ দৰে অভিনেতা আৰু অভিনেত্ৰী।
মনহৰ উধাছ, কুমাৰ চানু, অনুৰাধা পাড়োৱাল, অলকা য়াগনিক, সাধনা সৰগম, স্বপ্না মুখাৰ্জী, উদিত নাৰায়ণ, সুনিধি চৌহানৰ দৰে জনপ্ৰিয় গায়ক-গায়িকাই হিচ কল্যাণজী- আনন্দজীৰ পৰাই তেওঁলোকৰ প্ৰথম সংগীত জীৱনৰ যাত্ৰা আৰম্ভ কৰিছিল। লক্ষ্মীকান্ত পিয়াৰেলালে হিন্দী চলচ্চিত্ৰৰ বাবে স্বতন্ত্ৰভাৱে সংগীত ৰচনা কৰাৰ আগতে কল্যাণজী- আনন্দজীৰ সংগীত সহায়ক হিচাপে কাম কৰিছিল। তেওঁলোকে ১৯৬৬ চনলৈকে সংগীত পৰিচালক প্ৰতিষ্ঠিত হোৱাৰ পিছতো তেওঁলোকক সহায় কৰা অব্যাহত ৰাখিছিল।
গায়ক-গায়িকাৰ সৈতে সহযোগিতাত
[সম্পাদনা কৰক]দুয়োজনে কিশোৰ কুমাৰৰ বাবে ২৭০টা গান ৰচনা কৰিছিল। কিশোৰ কুমাৰৰ সৈতে তেওঁলোকৰ চুপাৰহিট গানবোৰৰ ভিতৰত আছিল 'চাফৰ'ৰ সৰ্বকালৰ হিট "জিন্দেগী কা চফাৰ", মুকাদ্দাৰ কা চিকন্দৰৰ "অ সাথী ৰে", কোৰা কাগাজৰ মেৰা জীৱন কোৰা কাগাজ (১৯৭৪), ব্লেকমেইলৰ "পল পল দিল কে পাচ", "নীলে নীলে আম্বাৰ পাৰ" কলাকাৰৰ (১৯৮৫), "সমঝোতা গামন চে কাৰ লো", সমঝোতা (১৯৭৩)ৰ বোলছবি। উলঝানৰ "আপনে জীৱন কি উলঝান কো" (১৯৭৫) আৰু কুৰবাণীৰ চাৰ্ট বাষ্টাৰ কাৱালী "কুৰবাণী কুৰবাণী কুৰবাণী" (১৯৮০) আদি উল্লেখযোগ্য।[6]
দুয়োজনে মহম্মদ ৰফিৰ বাবেও বহুতো গান ৰচনা কৰিছিল। সংগীত পৰিচালক হিচাপে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ত, মহম্মদ ৰফি তেওঁলোকৰ গায়কৰ প্ৰথম পছন্দ আছিল। তেওঁলোকে তেওঁৰ সৈতে অসংখ্য জনপ্ৰিয় গীত নিৰ্মাণ কৰিছিল। "জব জব ফুল খিলে"ৰ সকলো বোৰ গান যথেষ্ট সফল হৈছিল আৰু তেওঁলোকক খ্যাতিলৈ লৈ গৈছিল আৰু তাৰ পিছত পিছলৈ ঘূৰি চোৱা নাছিল।
দুয়োজনে তেওঁলোকৰ কেৰিয়াৰত লতা মংগেশকাৰৰ বাবে ৩২৬টা গান ৰচনা কৰিছিল (কল্যাণজী বীৰজী শ্বাহ নামৰ ২৪টা আৰু কল্যাণজী-আনন্দজী নামেৰে ৩০২ টা), লক্ষ্মীকান্ত-প্যাৰেলাল (৭১২), শংকৰ-জয়কিষাণ (৪৫৩) আৰু ৰাহুল দেৱমন (৩১)ৰ পিছত লতাজীৰ কেৰিয়াৰৰ বাবে যিকোনো সুৰকাৰৰ দ্বাৰা ৰচিত চতুৰ্থ সৰ্বাধিক সংখ্যাৰ গান। লতা মংগেশকাৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ১৯৫৪ চনলৈ ঘূৰি যায়, যেতিয়া কল্যাণজীয়ে নাগিন (১৯৫৪) বোলছবিত 'মন ড'লে মেৰা টন ড'লে'ৰ দৰে লতা মংগেশকাৰৰ বিখ্যাত 'বিন' সুৰ বজাইছিল।
আশা ভোশলে
দুয়োজনে আশা ভোশলেৰ বাবেও ২৯৭টা গান ৰচনা কৰিছিল। আশা ভোশলে কণ্ঠদান কৰা তেওঁলোকৰ সুপৰিচিত গানবোৰৰ ভিতৰত 'ডন'(১৯৭৮)ৰ সৰ্বকালৰ হিট "ইয়ে মেৰা দিল"ৰ গীত। এইটোৱে শ্ৰেষ্ঠ গায়িক হিচাপে আশাৰ ৭ম আৰু অন্তিম ফিল্মফেয়াৰ বঁটা অৰ্জন কৰিছিল। এই গীতটো ১৯৯০ চনত বিশ্বৰ আগশাৰীৰ বেণ্ড ব্লেক আইড পিজে প্ৰতিলিপি কৰিছিল আৰু তেওঁলোকৰ গানটোৱে গ্ৰেমী বঁটা অৰ্জন কৰিছিল। আশাৰ সৈতে তেওঁলোকৰ অন্যান্য হিটবোৰৰ ভিতৰত আছে কুৰবাণীৰ "কেয়া দেখতে হো" (1978) আইয়ে আপোনাৰ থা হামেইন ইণ্টজাৰ (মহল-1969), হুছন কে লাখোন ৰং (জনী মেৰা নাম-1970), "মুকাদৰ কাসিক চান্দৰ (18)ৰ "ও সাথী ৰে।"
মৃত্যু
[সম্পাদনা কৰক]২০০০ চনৰ ২৪ আগষ্ট তাৰিখে কল্যাণজীৰ মৃত্যু হয়।
কিশোৰ কুমাৰে কণ্ঠদান কৰা বিখ্যাত গীতসমূহ যেনে:- "জীৱন চে ভৰি তেৰি আংখে", "জিন্দেগী কা চফৰ হে য়ে কৈচা চফৰ", "পাল পাল দিলকে পাছ", "নীলে নীলে অম্বৰ পাৰ" আদি ৰাইজৰ মাজত প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ "পাল ভাৰ্কে লিয়ে" নামৰ ৰচনাটো দ্য চিম্পছনছৰ এটা খণ্ডত ব্যৱহাৰ কৰা হৈছিল।
বঁটাসমূহ
[সম্পাদনা কৰক]- সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে ১৯৯২ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা।
- চিনে মিউজিক ডাইৰেক্টৰএৱাৰ্ড – ১৯৬৫ – হিমালে কি গড মে
- প্ৰথম ৰাষ্ট্ৰীয় বঁটা – ১৯৬৮ – সৰস্বতীচন্দ্ৰ[7]
- ফিল্মফেয়াৰ বঁটা – ১৯৭৪ – কোৰা কাগাজ[8]
- এইচ.এম.ভি.-ৰ দ্বাৰা প্ৰথম প্লেটিনাম ডিস্ক – মুকাদ্দাৰ কা সিকন্দৰ (১৯৭৮)
- পলিডৰৰ দ্বাৰা প্ৰথম প্লেটিনাম ডিস্ক – কুৰবানি (১৯৮০)
- আই.এম.পি.পি.এ. বঁটা – ১৯৯২– চলচ্চিত্ৰলৈ অৱদানৰ বাবে
- আইফা বঁটা (দক্ষিণ আফ্ৰিকা) – ২০০৩ – জীৱনজোৰা প্ৰাপ্তি বঁটা
- চাহাৰা পৰিয়াল বঁটা (যুক্তৰাজ্য) – ২০০৪ – জীৱনজোৰা প্ৰাপ্তি বঁটা
- বিএমআই বঁটা (আমেৰিকা যুক্তৰাষ্ট্ৰ) – ২০০৬ – গ্ৰেমী বঁটা বিজয়ী ৰেপ গান "ডণ্ট ফুংক মাই হাৰ্ট " ৰ বাবে
- গিমা (Great Indian Music Awards) - ২০১৫ - জীৱনজোৰা প্ৰাপ্তি বঁটা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Kalyanji: He was more than just a composer". The Hindu newspaper. https://www.thehindu.com/entertainment/music/kalyanji-he-was-more-than-just-a-composer/article65926434.ece.
- ↑ Rajiv Vijayakar. "What set Kalyanji-Anandji apart from their contemporaries". Rediff.com website. https://www.rediff.com/entertai/2002/aug/24kal.htm। আহৰণ কৰা হৈছে: 2 June 2024.
- ↑ Carlo Nardi (July 2011). "The Cultural Economy of Sound: Reinventing Technology in Indian Popular Cinema". Journal on the Art of Record Production, Issue 5
- ↑ https://web.archive.org/web/20210916162558/https://www.rediff.com/entertai/2002/aug/24kal.htm
- ↑ https://web.archive.org/web/20160420001745/http://citwf.com/person26200.htm
- ↑ 39 Years of Qurbani (20/06/1980) Bollywooddirect.medium.com website
- ↑ Times of India, Entertainment. "National Awards Winners 1968: Complete list of winners of National Awards 1968". Times of India website. https://timesofindia.indiatimes.com/entertainment/movie-awards/national-awards-winners/1968/108.
- ↑ "Filmfare Awards Winners List (page 41 of 125)". Googlepages.com website. http://deep750.googlepages.com/FilmfareAwards.pdf। আহৰণ কৰা হৈছে: 3 June 2024.