কুঞ্জলতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Ipomoea|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
কুঞ্জলতা
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Ipomoea
প্ৰজাতি: I. quamoclit
দ্বৈৰাশিক নামকৰণ
Ipomoea quamoclit
L.[1]
সমাৰ্থক[2]
  • Incarvillea argyi H.Lév.
  • Clitocyamos pinnatifidus St.-Lag.
  • Convolvulus pennatifolius Salisb.
  • Convolvulus pennatus Desr.
  • Convolvulus pennifolius Drapiez
  • Convolvulus quamoclit (L.) Spreng.
  • Ipomoea cyamoclita St.-Lag.
  • Quamoclit pennata Bojer
  • Quamoclit quamoclit (L.) Britton
  • Quamoclit vulgaris Choisy

কুঞ্জলতা বা আইপ'মিয়া কোৱাম'ক্লিট (বৈজ্ঞানিক নাম: Ipomoea quamoclit) হৈছে এবিধ লতাজাতীয় সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত চাইপ্ৰেছ ভাইন, চাইপ্ৰেছ ভাইন মৰ্নিং গ্ল'ৰী, কাৰ্ডিনেল ক্ৰিপাৰ, কাৰ্ডিনেল ভাইন, ষ্টাৰ গ্ল'ৰী, ষ্টাৰ অৱ বেথলহেম বা হামিংবাৰ্ড ভাইন নামেৰে জনা যায়। ই কনভলভুলেচিয়া পৰিয়ালৰ এটা প্ৰজাতি যি আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চল আৰু অন্যান্য ঠাইত প্ৰাকৃতিক ক্ৰান্তীয় অঞ্চলৰ থলুৱা উদ্ভিদ।

বিৱৰণ[সম্পাদনা কৰক]

কুঞ্জলতা ৩-১০ ফুট পৰ্যন্ত বৃদ্ধি পায়। ইয়াৰ পাত ১-৪ ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ পাতবোৰ খাঁজকটা আৰু পাতৰ প্ৰতিটো ফালে ৯-১৯টা খাঁজ থাকে। ফুলৰ আকাৰ ১-২ ইঞ্চি দীঘল আৰু ১ ইঞ্চি ব্যাসৰ। পাঁচটা কোণৰ সৈতে পেঁপাৰ আকৃতিৰ। ফুলৰ ৰং ৰঙা, গোলাপী বা বগা হ’ব পাৰে।

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

এই প্ৰজাতিটোৰ নাম প্ৰথম আনুষ্ঠানিকভাৱে কাৰ্ল লিনিয়াছে তেওঁৰ গ্ৰন্থ Species plantarum-ত (১৭৫৩) ৰাখিছিল। কৌতূহলজনকভাৱে তেওঁ ইয়াৰ উৎপত্তিৰ বিষয়ে সৰলভাৱে "ভাৰতত বাসস্থান "[3][4] বুলি উল্লেখ কৰিছিল আৰু একে সময়তে উদ্ভিব্জোপাৰ পূৰ্বৰ বৰ্ণনাকাৰীসকলৰ উল্লেখ কৰিছিল যিসকলে ইয়াৰ উৎপত্তি মধ্য আমেৰিকা বুলি উল্লেখ কৰিছিল।[3]

স্থানীয় ভাষাৰ নাম[সম্পাদনা কৰক]

ভাৰতত কুঞ্জলতাক বিভিন্ন নামেৰে জনা যায়। তামিল ভাষাত ইয়াক মাইল মাণিকম আৰু মালয়ালমত ইয়াক আকাশমুল্লা বুলি জনা যায়। আনহাতে মাৰাঠী ভাষাত ইয়াক গণেশ ভেল বুলি জনা যায়। বাংলাদেশত ইয়াৰ স্থানীয় নাম তৰুলতা, কমলাতা, কুঞ্জলতা আৰু গেটফুল[5]

তেলেগুত ইয়াক ‘কাছিৰত্নম’ আৰু মিজো ভাষাত 'ৰিমেনহাইহ' বুলি কোৱা হয়। জামাইকাত ইয়াক ‘Indian creeper’ বুলি জনা যায়। নেপালত ইয়াক 'জয়ন্তী ফুল' বুলি জনা যায়।

বিতৰণ আৰু বাসস্থান[সম্পাদনা কৰক]

এই উদ্ভিদবিধ দক্ষিণ আমেৰিকাৰ উত্তৰ অঞ্চলৰ থলুৱা উদ্ভিদ যদিও ইউৰোপীয়সকলে প্ৰথমে আমেৰিকা অন্বেষণ কৰিবলৈ আৰম্ভ কৰাৰ পৰাই সমগ্ৰ বিশ্বতে ব্যাপকভাৱে বিস্তৃত হৈ আহিছে। প্ৰথম অৱস্থাত ই ঔষধি উদ্ভিদ হিচাপে আৰু পিছলৈ অলংকাৰিক উদ্ভিদ হিচাপে জনপ্ৰিয় হৈ পৰে।[2][3][6] ই বহু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত প্ৰাকৃতিকভাৱে গজে আৰু কিছুমান ঠাইত ইয়াক আক্ৰমণাত্মক অপতৃণ বুলি গণ্য কৰা হয়।[6][7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Ipomoea quamoclit". Royal Botanic Gardens, KewInternational Plant Names Index (IPNI). 2021. https://www.ipni.org/n/326361-2। আহৰণ কৰা হৈছে: 24 August 2021. 
  2. 2.0 2.1 "Ipomoea quamoclit". Royal Botanic Gardens, KewPlants of the World Online. http://powo.science.kew.org/taxon/326361-2। আহৰণ কৰা হৈছে: 24 August 2021. 
  3. 3.0 3.1 3.2 Austin, D.F. (2013). "The Origin of Quamoclit (Ipomoea quamoclit), Convolvulaceae): A Review". Economic Botany খণ্ড 67 (1): 63–79. doi:10.1007/s12231-013-9221-z. https://www.jstor.org/stable/43304305। আহৰণ কৰা হৈছে: 24 August 2021. 
  4. Linnaeus, Carl. "Species plantarum". Biodiversity Heritage Library. https://www.biodiversitylibrary.org/page/358179। আহৰণ কৰা হৈছে: 24 August 2021. 
  5. "IPOMOEA QUAMOCLIT L.". Medical Plants BD. Archived from the original on 2014-10-14. https://web.archive.org/web/20141014165951/http://www.mpbd.info/plants/ipomoea-quamoclit.php। আহৰণ কৰা হৈছে: 2013-08-26. 
  6. 6.0 6.1 Rojas-Sandoval, J. (2018). "Ipomoea quamoclit (cypress vine)". Centre for Agriculture and Bioscience InternationalInvasive Species Compendium. https://www.cabi.org/isc/datasheet/28796। আহৰণ কৰা হৈছে: 25 August 2021. 
  7. "Species profile—Ipomoea quamoclit". Queensland GovernmentQueensland Department of Environment and Science. 2019. https://apps.des.qld.gov.au/species-search/details/?id=16864। আহৰণ কৰা হৈছে: 25 August 2021.