কুৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুৰুৱা (Pallas's Fish Eagle)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Falconiformes
(or Accipitriformes, q.v.)

পৰিয়াল: Accipitridae
গণ: Haliaeetus
প্ৰজাতি: H. leucoryphus
বৈজ্ঞানিক নাম
Haliaeetus leucoryphus
(Pallas, 1771)
সমাৰ্থক

Aquila leucorypha Pallas, 1771

Haliaeetus leucoryphus

কুৰুৱা [2] (ইংৰাজী: Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)[3]), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে [4]

বিৱৰণ[সম্পাদনা কৰক]

কুৰুৱাৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭২-৮৪ ছে:মি:৷ মাইকী চৰাইৰ আকাৰ মতাটোতকৈ ডাঙৰ৷ মতা কুৰুৱাৰ ওজন ২-৩.৩ কি:গ্ৰা: আৰু মাইকীৰ ২.১-৩.৭ কি:গ্ৰা: হয়৷ মুখখন বগা আৰু মূৰৰ ওপৰৰ অংশ (hood) পাতল মটীয়া ৰঙৰ৷ ইয়াৰ ডেউকা দুখন গাঢ় মটীয়া আৰু পিঠিখন মাখন বৰণৰ হোৱা দেখা যায়৷ নেজডাল ক'লা বৰণৰ, তাত বহল আৰু স্পষ্ট আঁচ থকা দেখা পোৱা যায়৷ তলৰ পাখিবোৰত বগা আঁচো থাকে৷ কুৰুৱাৰ পোৱালিৰ দেহৰ বৰণ গাঢ়, কিন্তু নেজত কোনোধৰণৰ আঁচ নাথাকে৷ [5]

বিতৰণ[সম্পাদনা কৰক]

কুৰুৱা চৰায়ে সাধাৰণতে এছিয়াকাজাখাস্তানৰ পৰা মংগোলিয়া, হিমালয়, বাংলাদেশ আৰু উত্তৰ ভাৰত পৰ্যন্ত প্ৰজনন কৰে৷ ই এছিয়াৰে কিছু অঞ্চললৈ শীতকালত প্ৰব্ৰজন কৰাও দেখা যায়৷ [6]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

কুৰুৱা চৰায়ে প্ৰধানকৈ ডাঙৰ আকাৰৰ মাছ ধৰি খায়৷ তাৰোপৰি ই অন্যান্য জলচৰ চৰাই পানীতে খেদি নি চিকাৰ কৰিও খোৱা দেখা যায়৷ উদাহৰণস্বৰূপে ই নিজৰ দেহতকৈও অধিক ওজনৰ পূৰ্ণবয়স্ক Greylag Geese ধৰি দাঙি নিয়াৰ তথ্য পোৱা যায়৷ [7]

প্ৰজনন[সম্পাদনা কৰক]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এটা কুৰুৱা চৰাই

কুৰুৱা চৰাইৰ সংখ্যা বিভিন্ন কাৰণত কমি আহি বৰ্তমান কেৱল ২,৫০০ ৰ পৰা ১০,০০০ টা চৰাইহে বাচি থকাৰ তথ্য পোৱা গৈছে৷ সেয়ে আই. ইউ. চি. এন. এ ইয়াক সংকটপূৰ্ণ (Vulnerable) বুলি স্বীকৃতি দিছে৷ বাসস্থান ধ্বংস, প্ৰদূষণ,অত্যাধিক মাছ ধৰা আদিকে ইয়াৰ বিলুপ্তিৰ অন্যতম কাৰণ বুলি অভিহিত কৰা হয়৷ তাৰোপৰি জলাশয়সমূহ ক্ৰমাৎ আৱৰি পেলোৱা পানীমেটেকাকো ইয়াৰ বাবে দায়ী কৰা হয়৷ কাৰণ পানীমেটেকাৰে পূৰ্ণ জলাশয়ত কুৰুৱাই মাছ চিকাৰ কৰিবলৈ অসুবিধা পায়৷[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. IUCN redlist.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Etymology: Haliaeetus, New Latin for "sea-eagle". leucoryphus, "white-headed", from Ancient Greek leukos "white" + corypha, "head".
  4. শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশন (২০১১), তৃত্বীয় মুদ্ৰণ (২০১৩), পৃঃ ১৮৩
  5. Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  6. 6.0 6.1 del Hoyo, Elliott & Sargatal 1994.
  7. Wood, Gerald (1983). The Guinness Book of Animal Facts and Feats. ISBN 978-0-85112-235-9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাঁচ:Buteoninae