সমললৈ যাওক

কেশৱ মহন্ত (ৰাজনীতিবিদ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেশৱ মহন্ত
কেশৱ মহন্ত
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০৬
পূৰ্বসূৰী গুণীন হাজৰিকা
সমষ্টি কলিয়াবৰ
অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১০ মে’ ২০২১
অসম চৰকাৰৰ জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
২৬ মে’ ২০১৬ – ৯ মে’ ২০২১
অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৪
পূৰ্বসূৰী অতুল বৰা
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৯৯৬ – ১৯৯৮
পূৰ্বসূৰী তৰুণ গগৈ
উত্তৰসূৰী অতুল বৰা
সমষ্টি কলিয়াবৰ লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ৬ জুলাই, ১৯৫৯ (৬৫ বছৰ)
কলিয়াবৰ, নগাঁও, অসম
ৰাজনৈতিক দল অসম গণ পৰিষদ
দাম্পত্যসঙ্গী চয়নিকা মহন্ত
সন্তান দিবিশা মহন্ত আৰু লুলাক্ষী কে. মহন্ত

কেশৱ মহন্ত (ইংৰাজী: Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ, অসমকলিয়াবৰ সমষ্টিৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন, লোকসভালৈ অসম গণ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০০৬ চনৰ পৰা কলিয়াবৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।[1][2][3][4] তেওঁ ২০১৬ চনৰ পৰা ২০২১ চনলৈ, সোণোৱাল মন্ত্ৰালয়ত, অসম চৰকাৰৰ জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন মন্ত্ৰী আছিল। ২০২১ চনৰ পৰা বৰ্তমানলৈকে তেওঁ শৰ্মা মন্ত্ৰালয়ত অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০১৪ চনৰ পৰা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]