কৈলাশ মন্দিৰ, ইলোৰা
কৈলাশ মন্দিৰ | |
---|---|
কৈলাশ মন্দিৰৰ সন্মুখভাগ | |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
জিলা | শাম্ভাজী নগৰ জিলা, |
স্থান | ইলোৰা গুহা |
স্থানাংক | 20°01′26″N 75°10′45″E / 20.02389°N 75.17917°Eস্থানাংক: 20°01′26″N 75°10′45″E / 20.02389°N 75.17917°E |
ইতিহাস | |
প্ৰতিস্থাপক | কৃষ্ণ ১ (৭৫৬-৭৭৩), ৰাষ্ট্ৰকূট সাম্ৰাজ্য |
কৈলাশ বা কৈলাশনাথ (ইংৰাজী: Kailashanatha, Kailasa) মন্দিৰ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ সম্ভাজী নগৰৰ সমীপৱৰ্তী ইলোৰা গুহাত থকা শিলত কটা হিন্দু মন্দিৰৰ ভিতৰত সবাতোকৈ ডাঙৰ। শিলৰ মুখত খোদিত বৃহদাকাৰ শিল; ইয়াৰ আকাৰ, স্থাপত্য আৰু ভাস্কৰ্যৰ পৰিশোধনৰ বাবে ইয়াক বিশ্বৰ অন্যতম উল্লেখযোগ্য গুহা মন্দিৰ হিচাপে গণ্য কৰা হয়[1] আৰু "ভাৰতীয় স্থাপত্যৰ শিলত কটা কালছোৱাৰ ক্লাইমেক্স হিচাপে বিবেচিত কৰা হয়। পুৰাতত্ত্ববিদসকলৰ মতে ইয়াক এটা শিলৰ পৰা তৈয়াৰ কৰা হৈছে।[2][3]
ইলোৰাৰ গুহাত দুই কিলোমিটাৰতকৈও অধিক দূৰত্বজুৰি ৩৪টা হিন্দু, বৌদ্ধ আৰু জৈন মন্দিৰ ব্যপ্ত হৈ আছে৷ ইয়াৰে ১৬ নম্বৰ গুহাটোত থকা কৈলাশ মন্দিৰ হৈছে সৰ্বৃবৃহৎ৷ [4]মন্দিৰৰ খননৰ অধিকাংশই অষ্টম শতিকাৰ ৰাষ্ট্ৰকুট ৰজা কৃষ্ণ-১ (প্ৰায় ৭৫৬-৭৭৩)ৰ সময়ত হোৱা বুলি কোৱা হয়৷ কিছু অংশ ইয়াৰ পিছত সম্পূৰ্ণ কৰা হয়। মন্দিৰৰ স্থাপত্যত পল্লৱ আৰু চালুক্য শৈলীৰ নিদৰ্শন দেখা যায়। মন্দিৰটোত স্থাপত্যৰ সমান বৃহৎ পৰিসৰত কেইবাটাও দেৱাল-খোদিত ভাস্কৰ্য আৰু মুক্তভাৱে থিয় হৈ থকা ভাস্কৰ্য আছে৷ অৱশ্যে প্ৰথম পৰ্যায়ৰ চিত্ৰসমূহৰ কিছু অংশহে বৰ্তমান দৃশ্যমান হৈ আছে ৷[5]
ইতিহাস
[সম্পাদনা কৰক]কৈলাশ মন্দিৰত উছৰ্গামূলক শিলালিপিৰ অভাৱ যদিও ইয়াৰ নিৰ্মাণ যে ৰাষ্ট্ৰকুট শাসকৰ নিৰ্দেশতেই কৰা হৈছিল;তাক লৈ কোনো সন্দেহ নাই।[6]ইয়াৰ নিৰ্মাণ ৰাষ্ট্ৰকুট ৰজা প্ৰথম কৃষ্ণ (৭৫৬-৭৭৩ খ্ৰীষ্টাব্দ)ৰ সময়ত হৈছিল বুলি কোৱা হয়৷ ইয়াৰ আধাৰ হৈছে "কৃষ্ণৰাজ"ৰ সৈতে মন্দিৰটোক সংযোজিত কৰা দুটা শিলালিপি:[6][7]
- দ্বিতীয় কৰ্কৰাজ (গুজৰাটৰ এটা ৰাষ্ট্ৰকুট শাখাৰ শাসক)ৰ বৰোদা তামৰ ফলকৰ শিলালিপি (প্ৰায় ৮১২-৮১৩ খ্ৰীষ্টাব্দ)ত বৰ্তমানৰ গুজৰাটৰ এখন গাঁও অনুদানৰ তথ্য পোৱা গৈছে। ইয়াত কৃষ্ণৰাজক কৈলাশনাথৰ পৃষ্ঠপোষক হিচাপে উল্লেখ কৰা হৈছে, লগতে এলাপুৰা (বা ইলোৰা)ৰ এটা শিৱ মন্দিৰৰ কথাও উল্লেখ আছে। ইয়াত কোৱা হৈছে যে ৰজাই ইমানেই আচৰিত ধৰণে মন্দিৰটো নিৰ্মাণ কৰিছিল যে; দেৱতা আৰু স্থপতিবিদজনো আচৰিত হৈছিল।[8] বেছিভাগ পণ্ডিতৰ মতে এয়া ইলোৰাৰ কৈলাশনাথ শিৱ মন্দিৰৰ উল্লেখ।
- গোবিন্দ প্ৰভুতবৰ্ষৰ কদবা অনুদানেও একেদৰেই মন্দিৰ নিৰ্মাণৰ কৃতিত্ব কৃষ্ণৰাজক দিয়া যেন লাগে৷[6]
পিছে এই মন্দিৰটো প্ৰথম কৃষ্ণৰ বুলি কোৱাটোও সম্পূৰ্ণ নিশ্চিত নহয়; কাৰণ এই শিলালিপিসমূহ গুহাৰ সৈতে ভৌতিকভাৱে জড়িত নহয়৷ লগতে কৃষ্ণৰাজৰ ৰাজত্বকালৰ তাৰিখো ইয়াত উল্লেখ কৰা হোৱা নাই।[7] আনকি কৃষ্ণৰ উত্তৰাধিকাৰীসকলে জাৰি কৰা ভূমি অনুদানত কৈলাশ মন্দিৰৰ কোনো উল্লেখ নাই ৷
কৈলাশ মন্দিৰত একাধিক সুকীয়া স্থাপত্য আৰু ভাস্কৰ্য্য শৈলীৰ ব্যৱহাৰ কৰা হৈছে। তুলনামূলকভাৱে বৃহদাকাৰৰ মন্দিৰটো সম্বন্ধে একাংশ পণ্ডিতে অনুমান কৰে যে ইয়াৰ নিৰ্মাণ একাধিক ৰজাৰ ৰাজত্বকালজুৰি বিস্তৃত আছিল।[9][10]কিছুমান মন্দিৰৰ দেৱাল-খোদিত ভাস্কৰ্য্য মন্দিৰৰ কাষতে অৱস্থিত ১৫ নং গুহাৰ দশাৱতৰ গুহাৰ শৈলীৰ দৰে একে৷ দশাৱতৰ গুহাত কৃষ্ণৰ পূৰ্বপুৰুষ আৰু ভতিজা দন্তিদুৰ্গ (প্ৰায় ৭৩৫–৭৫৬ খ্ৰীষ্টাব্দ)ৰ শিলালিপি আছে।[11] ইয়াৰ ভিত্তিত শিল্প ইতিহাসবিদ হাৰ্মান গ’য়েটজে (১৯৫২) তত্ত্ব আগবঢ়াইছিল যে কৈলাশ মন্দিৰ নিৰ্মাণৰ কাম দন্তিদুৰ্গাৰ দিনত আৰম্ভ হৈছিল। কৃষ্ণই ইয়াৰ প্ৰথম সম্পূৰ্ণ সংস্কৰণ সম্পূৰ্ণ কৰিছিল, যিটো বৰ্তমানৰ মন্দিৰতকৈ বহু সৰু আছিল।[12]গ'য়েটজৰ মতে মন্দিৰ নিৰ্মাণত দন্তিদুৰ্গাৰ ভূমিকা নিশ্চয়কৈ ইচ্ছাকৃতভাৱে দমন কৰা হৈছিল, কিয়নো কৃষ্ণই দন্তিদুৰ্গাৰ মৃত্যুৰ পিছত সিংহাসন দাবী কৰিবলৈ দন্তিদুৰ্গাৰ পুত্ৰসকলক একাষৰীয়া কৰি ৰাখিছিল।[13]বিভিন্ন শৈলীৰ বিশ্লেষণৰ ভিত্তিত গ’টজে আৰু অনুমান কৰিছিল যে পিছৰ ৰাষ্ট্ৰকুট শাসকসকলেও মন্দিৰটোৰ সম্প্ৰসাৰণত জড়িত হৈছিল। এই শাসকসকলৰ ভিতৰত ধ্ৰুৱ ধাৰাবৰ্ষ, গোবিন্দ তৃতীয়, আমোঘবৰ্ষ, আৰু কৃষ্ণ তৃতীয় প্ৰধান। গ’য়েটজৰ মতে, একাদশ শতিকাৰ পৰমৰা শাসক ভোজই ডেক্কানৰ আক্ৰমণৰ সময়ত তলৰ স্তম্ভত হাতী-সিংহৰ বহল মধ্যাংশ নিৰ্মাণৰ দায়িত্ব দিছিল, আৰু চিত্ৰৰ নতুন স্তৰ সংযোজন কৰিছিল। অৱশেষত অহিল্যবাই হোলকৰে মন্দিৰত চিত্ৰকলাৰ শেষ স্তৰটোৰ নিৰ্মাণৰ সপক্ষে অনুমতি দিলে।[14]
ভাৰতীয় ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদ মধুকৰ কেশৱ ধাৱলীকাৰে (১৯৮২) মন্দিৰৰ স্থাপত্য বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হয় যে মন্দিৰৰ প্ৰধান অংশ প্ৰথম কৃষ্ণৰ ৰাজত্বকালত সম্পূৰ্ণ হৈছিল৷ অৱশ্যে তেওঁ গ’য়েটজক সমৰ্থন কৰি মন্দিৰ প্ৰাংগণৰ আন কিছুমান অংশ পিছৰ শাসকসকলৰ বুলি গণ্য কৰিছিল৷ ধাৱলিকাৰৰ মতে কৃষ্ণই মূল মন্দিৰ, ইয়াৰ দুৱাৰ, নন্দি-মণ্ডপ, তলৰ মহল, হাতী-সিংহৰ বহল মধ্যাংশ, দৰবাৰৰ হাতী আৰু বিজয় স্তম্ভ সম্পূৰ্ণ কৰিছিল।[15] ধাৱলিকাৰে স্বীকাৰ কৰে যে ৰাৱণে কৈলাশ পৰ্বত কঁপাই থকা মন্দিৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিত্ৰকল্পটো মূল ভৱনটোৰ পিছতে নিৰ্মাণ কৰা যেন লাগে। এই ভাস্কৰ্য ভাৰতীয় শিল্পৰ অন্যতম উন্নত শিল্পকৰ্ম বুলি গণ্য কৰা হয়, আৰু ইয়াৰ পিছতে এই মন্দিৰটো কৈলাশ নামেৰে জনাজাত হোৱাটো সম্ভৱ। ধাৱলিকাৰে তত্ত্ব আগবঢ়ায় যে এই ভাস্কৰ্যটো লংকেশ্বৰ গুহাত থকা তাণ্ডৱ ভাস্কৰ্যৰ সৈতে সাদৃশ্যমূলক মূল মন্দিৰটো সম্পূৰ্ণ হোৱাৰ প্ৰায় ৩-৪ দশকৰ পিছত খোদিত কৰা হৈছিল।[14]অৱশ্যে গ’য়েটজে উক্ত ভাস্কৰ্য তৃতীয় কৃষ্ণৰ ৰাজত্বকালৰ বুলি কয়।[16] গ’য়েটজৰ দৰে ধাৱলিকাৰেও মন্দিৰ প্ৰাংগণৰ আন কিছুমান গঠনৰ কাৰণ পৰৱৰ্তী শাসকসকলৰ বুলি কয়। ইয়াৰ ভিতৰত লংকেশ্বৰ গুহা আৰু নদী দেৱীৰ মন্দিৰ (সম্ভৱতঃ তৃতীয় গোবিন্দৰ ৰাজত্বকালত নিৰ্মাণ কৰা) অন্যতম।[17]ধাৱলিকাৰে আৰু তত্ত্ব আগবঢ়াইছে যে দন্তীদুৰ্গাৰ দিনত আৰম্ভ হোৱা দশাৱতাৰ গুহাৰ খনন-কাৰ্য প্ৰথম কৃষ্ণৰ দিনত সম্পূৰ্ণ হৈছিল। ইয়াৰ পৰাই দুয়োটা গুহাত থকা ভাস্কৰ্য্যৰ সাদৃশ্যৰ ব্যাখ্যা পোৱা যায়।
পল্লৱ-চালুক্য প্ৰভাৱ
[সম্পাদনা কৰক]ধাৱলিকাৰে আঙুলিয়াই দিছিল যে একক মন্দিৰৰ ডাঙৰ কোনো অংশ পৰৱৰ্তী চিন্তাধাৰাৰ পৰিণতিত হোৱা যেন নালাগে৷ স্থাপত্যৰ প্ৰমাণেও কয় যে সমগ্ৰ মন্দিৰটোৰ পৰিকল্পনা আৰম্ভণিতে কৰা হৈছিল।[20]মূল মন্দিৰটো পট্টাড়াকালৰ বিৰুপাক্ষ মন্দিৰৰ সৈতে সাদৃশ্য আছে (যদিও ইয়াতকৈ ই বহু ডাঙৰ), যিটো নিজেই কাঁচীৰ কৈলাশ মন্দিৰৰ প্ৰতিৰূপ।[18] কাঁচীত কৈলাশ মন্দিৰ নিৰ্মাণ কৰা পল্লৱসকলৰ বিৰুদ্ধে সাব্যস্ত কৰা বিজয়ৰ স্মৃতিত বদমীৰ চালুক্যসকলে পট্টাড়াকাল বিৰুপাক্ষ মন্দিৰ নিৰ্মাণ শুভাৰম্ভ কৰিছিল। বিৰুপাক্ষ মন্দিৰৰ শিলালিপি অনুসৰি চালুক্যসকলে পল্লৱসকলক পৰাস্ত কৰি পল্লৱ শিল্পীসকলক পট্টাড়াকাললৈ লৈ আনিছিল। ধাৱলীকাৰে তত্ত্ব আগবঢ়াইছে যে চালুক্যসকলক পৰাস্ত কৰাৰ পিছত তেওঁলোকৰ ভূখণ্ডত অৱস্থিত বিৰুপাক্ষ মন্দিৰ চাই কৃষ্ণ নিশ্চয় আপ্লুত হৈছিল। ফলত তেওঁ বিৰুপাক্ষ মন্দিৰৰ ভাস্কৰ্য্য শিল্পী আৰু স্থপতিবিদসকলক (কিছুমান পল্লৱ শিল্পীকে ধৰি) নিজৰ ভূখণ্ডলৈ আনিছিল আৰু তেওঁলোকক ইলোৰাত কৈলাশ মন্দিৰ নিৰ্মাণৰ কামত নিয়োজিত কৰিছিল।[19]
যদি কোনোবাই ধৰি লয় যে বিৰুপাক্ষ মন্দিৰৰ স্থপতিবিদসকলে ইলোৰাত কৈলাশ মন্দিৰ নিৰ্মাণত সহায় কৰিছিল, তেন্তে এজন ৰজাৰ ৰাজত্বকালত বিশাল মন্দিৰ নিৰ্মাণ কৰাটো অসম্ভৱ যেন নালাগে। ইতিমধ্যে স্থপতিবিদসকলৰ হাতত এটা ৰূপৰেখা আৰু এটা প্ৰ’ট’টাইপ আছিল, যাৰ ফলত নতুন মন্দিৰ নিৰ্মাণৰ শ্ৰম নিশ্চয় বহু পৰিমাণে হ্ৰাস পাইছিল। তদুপৰি একক মন্দিৰৰ শিলৰ (monolith) খননত আচলতে একে আকাৰৰ নতুন মন্দিৰ নিৰ্মাণৰ বাবে ডাঙৰ ডাঙৰ শিল পৰিবহণ কৰাতকৈ কম কষ্টৰ প্ৰয়োজন হয়। প্ৰতিদিনে এজন ব্যক্তিয়ে প্ৰায় ৪ ঘনফুট শিল কাটিব পাৰে বুলি ধৰি লৈ ধাৱলিকাৰে অনুমান কৰিছে যে ২৫০ জন শ্ৰমিকে চাৰে পাঁচ বছৰৰ ভিতৰত ইলোৰাত কৈলাশ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'লহেঁতেন।[18]মন্দিৰত অৰাষ্ট্ৰকুট শৈলীৰ উপস্থিতিৰ কাৰণ চালুক্য আৰু পল্লৱ শিল্পীসকলৰ জড়িতকৰণ বুলি ক'ব পাৰি।[20]
নিৰ্মাণশৈলী
[সম্পাদনা কৰক]কৈলাশ মন্দিৰটো উলম্ব খননৰ বাবে উল্লেখযোগ্য৷ খোদিতকাৰীসকলে মূল শিলৰ ওপৰৰ পৰা আৰম্ভ কৰি তললৈ খনন কৰিছিল। পৰম্পৰাগত পদ্ধতিসমূহ মূল স্থপতিবিদে কঠোৰভাৱে অনুসৰণ কৰিছিল যিটো সন্মুখৰ পৰা খনন কৰাহেঁতেন সম্ভৱ নহ'লহেঁতেন।[21]
মধ্যযুগীয় এক মাৰাঠী কিংবদন্তিত কৈলাশ মন্দিৰ নিৰ্মাণৰ কথা উল্লেখ কৰা যেন লাগে। এই কিংবদন্তি উল্লেখ কৰা আটাইতকৈ প্ৰাচীন গ্ৰন্থখন হৈছে কৃষ্ণ যজ্ঞৱল্কী (প্ৰায় ১৪৭০–১৫৩৫ খ্ৰীষ্টাব্দ)ৰ কাহিনী-কল্পতৰু।[22]এই কিংবদন্তি অনুসৰি স্থানীয় ৰজাজন তীব্ৰ ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ ৰাণীয়ে স্বামীক সুস্থ কৰিবলৈ এলাপুৰাত ঘৃষ্ণেশ্বৰ (শিৱ) দেৱতাক প্ৰাৰ্থনা কৰিছিল। তেওঁৰ ইচ্ছা পূৰণ হ’লে মন্দিৰ নিৰ্মাণ কৰাৰ প্ৰতিজ্ঞা কৰিছিল, আৰু এই মন্দিৰৰ শিখৰ (উৰ্দ্ধ) দেখা নোপোৱালৈকে উপবাসে থকাৰ প্ৰতিশ্ৰুতি দিছিল। ৰজা আৰোগ্য হোৱাৰ পিছত তেওঁ তৎক্ষণাত মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিলে৷ কিন্তু একাধিক স্থপতিবিদে ঘোষণা কৰিলে যে শিখৰৰে সম্পূৰ্ণ মন্দিৰ নিৰ্মাণ কৰিবলৈ মাহৰ পিছত মাহ লাগিব। কোকাছা নামৰ এজন স্থপতিবিদে ৰজাক আশ্বাস দিলে যে ৰাণীয়ে এসপ্তাহৰ ভিতৰতে এটা মন্দিৰৰ শিখৰ চাব পাৰিব। তেওঁ ওপৰৰ পৰাই শিল এটা খোদিত কৰি মন্দিৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ এসপ্তাহৰ ভিতৰতে শিখৰ শেষ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত ৰাণীয়ে ব্ৰত এৰিব পাৰিছিল। ৰাণীৰ নামেৰে এই মন্দিৰৰ নাম মণিকেশ্বৰ ৰখা হৈছিল। এম কে ধাৱলিকাৰে তত্ত্ব আগবঢ়াইছে যে কোকাছা সঁচাকৈয়ে কৈলাশ মন্দিৰৰ মুখ্য স্থপতি আছিল৷ যি হয়তো প্ৰথমে মণিকেশ্বৰ নামেৰে জনাজাত আছিল। মধ্য ভাৰতৰ পৰা একাদশ-ত্ৰয়োদশ শতিকাৰ একাধিক শিলালিপিত কোকাছাৰ বিখ্যাত পৰিয়ালত জন্মগ্ৰহণ কৰা স্থপতিবিদসকলৰ উল্লেখ আছে।[23]
স্থাপত্যশৈলী
[সম্পাদনা কৰক]ডেক্কান অঞ্চলত প্ৰচলিত পূৰ্বৰ শৈলীতকৈ কৈলাশ মন্দিৰৰ স্থাপত্য পৃথক। ওপৰত কোৱাৰ দৰে ইয়াক পট্টাডাকালৰ বিৰুপাক্ষ মন্দিৰ আৰু কাঁচীৰ কৈলাশ মন্দিৰৰ ওপৰত আধাৰিত যেন লাগে যদিও ই এই দুটা মন্দিৰৰ সঠিক অনুকৰণ নহয়।[24]মন্দিৰৰ স্থাপত্যত দক্ষিণৰ প্ৰভাৱৰ কাৰণ হ'ব পাৰে ইয়াৰ নিৰ্মাণত চালুক্য আৰু পল্লৱ শিল্পীসকল নিয়োজিত হোৱাটো।[25]থলুৱা ডেক্কান শিপিনীসকলে মন্দিৰ নিৰ্মাণত ভূমিকা পালন কৰা যেন লাগে।[26]
মন্দিৰৰ চোতালৰ প্ৰৱেশদ্বাৰত এটা নিম্ন গোপুৰম আছে।[1]প্ৰৱেশদ্বাৰৰ বাওঁফালে থকা অধিকাংশ দেৱতা শৈৱত (শিৱৰ লগত জড়িত) হোৱাৰ বিপৰীতে সোঁফালে দেৱতা বৈষ্ণৱী (বিষ্ণুৰ লগত জড়িত)। দুমহলীয়া প্ৰৱেশদ্বাৰ এটা খোল খালে ইংৰাজী 'U' আকৃতিৰ চোতাল এখন দেখা যায়। চোতালখনৰ জোখ ৮২ মিটাৰ x গুৰিৰ ফালে ৪৬ মিটাৰ।[1]চোতালখনৰ কাষত তিনিমহলীয়া স্তম্ভযুক্ত ক্ষেত্ৰ (Arcade)। মূলতঃ শিলৰ উৰন্ত দলঙে এই দৃশ্যাৱলীসমূহক কেন্দ্ৰীয় মন্দিৰৰ গঠনৰ সৈতে সংযোগ কৰিছিল যদিও এইবোৰ খহি গৈছে। কিছুমান বিখ্যাত ভাস্কৰ্য্য হ'ল: শিৱ তপস্বী, শিৱ নৃত্যশিল্পী, শিৱক পাৰ্বতীয়ে ৰাৱণ দানৱৰ বিষয়ে সতৰ্ক কৰি দিয়া আৰু নদী দেৱী।[27]
চোতালৰ ভিতৰত শিৱক উৎসৰ্গিত এটা কেন্দ্ৰীয় মন্দিৰ, আৰু তেওঁৰ নন্দী পৰ্বতৰ (পবিত্ৰ ম’হ) প্ৰতিমূৰ্তি আছে। লিংগটো থকা কেন্দ্ৰীয় মন্দিৰটোত ১৬টা স্তম্ভৰে সমতল চালৰ মণ্ডপ আৰু দ্ৰাবিড়ৰ শিখৰ আছে।[1]মন্দিৰটো – খুঁটা, খিৰিকী, ভিতৰ আৰু বাহিৰৰ কোঠা, সমাৱেশগৃহ, আৰু ইয়াৰ ভিতৰত এটা বিশাল শিলৰ লিংগ আছে। ইয়াত প্লাষ্টাৰ, খিৰিকীৰ লগতে দেৱতা, মিথুন (কামুক পুৰুষ আৰু মহিলাৰ মূৰ্তি) আৰু অন্যান্য মূৰ্তিৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈছে। শিৱ মন্দিৰৰ পৰম্পৰা অনুসৰি কেন্দ্ৰীয় মন্দিৰৰ সন্মুখৰ এখন বাৰাণ্ডাত নন্দী বহি থাকে। নন্দী মণ্ডপ আৰু মূল শিৱ মন্দিৰ প্ৰত্যেকটো প্ৰায় ৭ মিটাৰ উচ্চতা আৰু ইয়াক দুমহলীয়াকৈ নিৰ্মাণ কৰা হৈছে। নন্দী মণ্ডপৰ তলৰ মহলা দুয়োটা কঠিন গঠন, বিশৃংখল চিত্ৰকল্প খোদিতৰে সজাই তোলা হৈছে। মন্দিৰৰ গুৰিটো এনেভাৱে খোদিত কৰা হৈছে যাতে হাতীয়ে এই গঠনটো ওপৰলৈ ধৰি ৰাখিছে বুলি অনুমান কৰিব পাৰি। এখন শিলৰ দলঙে নন্দী মণ্ডপক মন্দিৰৰ বাৰাণ্ডাখনৰ সৈতে সংযোগ কৰিছে। মন্দিৰৰ ভৱনৰ গুৰিতে মহাভাৰত আৰু ৰামায়ণৰ দৃশ্য দেখা যায়।
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]-
সন্মুখৰ দৃশ্য
-
শিখৰ
-
মণ্ডপৰ চূড়া
-
বাৰাণ্ডা
-
ৰামায়ণৰ দৃশ্যাৱলী
-
মহাভাৰতৰ দৃশ্যাৱলী
-
ৰাৱনানুগ্ৰহৰ ভাস্কৰ্য
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Section II: Periodic Report on the State of Conservation of Ellora Caves, India, 2003". UNESCO. https://whc.unesco.org/archive/periodicreporting/apa/cycle01/section2/243.pdf। আহৰণ কৰা হৈছে: 6 March 2016.
- ↑ Michell, 362
- ↑ "Ellora’s Kailasa Temple: Built from the Top" (en ভাষাত). www.livehistoryindia.com. Archived from the original on 2021-02-27. https://web.archive.org/web/20210227061210/https://www.livehistoryindia.com/amazing-india/2020/04/25/ellora-kailasa-temple। আহৰণ কৰা হৈছে: 2021-03-23.
- ↑ Michell, 357
- ↑ Michell, 362–366
- ↑ 6.0 6.1 6.2 Deepak Kannal 1996, পৃষ্ঠা. 101.
- ↑ 7.0 7.1 Lisa Owen 2012, পৃষ্ঠা. 135.
- ↑ Lisa Owen 2012, পৃষ্ঠা. 136.
- ↑ H. Goetz 1952, পৃষ্ঠা. 86.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 33.
- ↑ H. Goetz 1952, পৃষ্ঠা. 89.
- ↑ H. Goetz 1952, পৃষ্ঠা. 106.
- ↑ H. Goetz 1952, পৃষ্ঠা. 92.
- ↑ 14.0 14.1 H. Goetz 1952, পৃষ্ঠা. 107.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 42.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 39-40.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 41.
- ↑ 18.0 18.1 M. K. Dhavalikar 1982, পৃষ্ঠা. 35.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 37-38.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 38-39.
- ↑ Rajan, K.V. Soundara (1998). Rock-cut Temple Styles. প্ৰকাশক Mumbai: Somaily Publications. পৃষ্ঠা. 142–143. ISBN 81-7039-218-7.
- ↑ Himanshu Prabha Ray; Carla M. Sinopoli (2004). Archaeology As History In Early South Asia. Indian Council of Historical Research. পৃষ্ঠা. 109. ISBN 978-81-7305-270-5. https://books.google.com/books?id=ogluAAAAMAAJ.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 42-43.
- ↑ Deepak Kannal 1996, পৃষ্ঠা. 102.
- ↑ M. K. Dhavalikar 1982, পৃষ্ঠা. 38-40.
- ↑ Deepak Kannal 1996, পৃষ্ঠা. 108.
- ↑ Habib, Irfan (2007). Medieval India the study of a civilization. National Book Trust, India. পৃষ্ঠা. 49. ISBN 978-81-237-5255-6.