সমললৈ যাওক

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতবৰ্ষ

ভাৰতবৰ্ষৰ পতাকা
আইঅ'চি ক'ড  IND
এনঅ'চি ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটwww.olympic.ind.in
প্ৰতিযোগী ১১৮ জন ১৫ টা ক্ৰীড়াত
পতাকা বহনকাৰী অভিনৱ বিন্দ্ৰা[1]
পদক
স্থান: ৬১
স্বৰ্ণ
ৰূপ
ব্ৰঞ্জ
মুঠ
অলিম্পিক ইতিহাস
গ্ৰীষ্মকালীন গেমছ
শীতকালীন গেমছ

ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ'ত অনুষ্ঠিত হোৱা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহণ সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে।

ভাৰতীয় অলিম্পিক এছচিয়েছনে ৰিঅ' অলিম্পিকলৈ ৰাষ্ট্ৰখনৰ পৰা সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ (২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক) প্ৰেৰণ কৰিছিল। উক্ত প্ৰতিযোগিতাত ভাৰতে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, মুঠ দুটা পদক অৰ্জন কৰে। বেডমিণ্টনৰ মহিলাৰ একক শাখাত পি. ভি. সিন্ধুয়ে ৰূপৰ পদক আৰু কুস্তিৰ মহিলাৰ ফ্ৰীষ্টাইল ৬৮ কি.গ্ৰা. শাখাত সাক্ষী মালিকে ব্ৰঞ্জৰ পদক লাভ কৰে।

পদক বিজয়ী

[সম্পাদনা কৰক]
পদক নাম ক্ৰীড়া ইভেণ্ট তাৰিখ
 ৰূপৰ পদকপি. ভি. সিন্ধুবেডমিণ্টনমহিলাৰ একক১৯ আগষ্ট
 ব্ৰঞ্জৰ পদকসাক্ষী মালিককুস্তিমহিলাৰ ফ্ৰীষ্টাইল ৬৮ কি.গ্ৰা.১৭ আগষ্ট

প্ৰতিযোগীসকল

[সম্পাদনা কৰক]

২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহন কৰা ক্ৰীড়াবিদসকলৰ তালিকা তলত দিয়া হৈছে। মন কৰিবলাগিব যে ফেঞ্চিং, ফিল্ড হকী, ফুটবল, আৰু হেণ্ডবলৰ সংৰক্ষিত খেলুৱৈ সকলক ইয়াত ধৰা হোৱা নাই:

ক্ৰীড়া পুৰুষ মহিলা মুঠ ইভেণ্ট
আৰ্চাৰী
এথলেটিকছ১৭১৭৩৪১৯
বেডমিণ্টন
বক্সিং
ফিল্ড হকী১৬১৬৩২
গ'ল্ফ
জিমনাষ্টিক[2]
জুডু
ৰ'য়িং
শ্বুটিং১২১১
সাতুৰ
টেবুল টেনিছ
টেনিছ
ভাৰোত্তোলন
কুস্তি
মুঠ৬৪ ৫৪১১৮ ৬৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]