গ্ৰীষ্মকালীন অলিম্পিক ২০২০ত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলিম্পিক গেমছত ভাৰতবৰ্ষ

ভাৰতবৰ্ষৰ পতাকা
আইঅ'চি ক'ড  IND
এনঅ'চি ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটwww.olympic.ind.in
২০২০ গ্ৰীষ্মকালীন অলিম্পিক,
প্ৰতিযোগী ১২৪ জন ১৮ টা ক্ৰীড়াত
পতাকা বহনকাৰী মেৰী কম, মনপ্ৰীত সিং[1] (উদ্বোধনী)
বজৰং পুনিয়া (সামৰণি)
পদক
স্থান: ৪৮
স্বৰ্ণ
ৰূপ
ব্ৰঞ্জ
মুঠ
অলিম্পিক ইতিহাস
গ্ৰীষ্মকালীন গেমছ
শীতকালীন গেমছ

ভাৰতে জাপানটকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰে। ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া সমাৰোহখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল।[2] ভাৰতে ১৯২০ চনৰ পৰা গ্ৰীষ্মকালীন অলিম্পিকৰ প্ৰতিটো সংস্কৰণত অৱতীৰ্ণ হৈছে যদিও ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল। ভাৰতে মুঠ ১২৪জন প্ৰতিযোগীৰ এটা দল ২০২০ চনৰ অলিম্পিকলৈ প্ৰেৰণ কৰিছিল। ১৯২০ চনত প্ৰথম নিয়মীয়া অলিম্পিকত অৱতীৰ্ণ হোৱাৰ পিছত এতিয়ালৈকে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক হৈছে ভাৰতৰ বাবে আটাইতকৈ সফল অলিম্পিক।[3][4] এই প্ৰতিযোগিতাত ভাৰতীয় অলিম্পিয়ানসকলে মুঠ ৭টা পদক (১টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জ) জয় কৰিবলৈ সক্ষম হয়।[5]

ভাৰতীয় দলটোৱে বিভিন্ন ক্ৰীড়া শাখাত পদক অৰ্জন কৰে।[4] পুৰুষৰ জেভলিন থ্ৰোত নীৰজ চোপ্ৰাই এথলেটিকছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে।[3] ই হৈছে দেশৰ দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণ আৰু ২০০৮ চনৰ পিছত প্ৰথমটো ব্যক্তিগত স্বৰ্ণ পদক। ১৯৪৮ চনত স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰথম অলিম্পিকত অৱতীৰ্ণ হোৱাৰ পিছত এইটো ভাৰতৰ প্ৰথম এথলেটিকছ পদক আৰু ১৯০০ চনত নৰমান প্ৰিচাৰ্ডৰ ৰূপৰ পদকৰ পিছত সামগ্ৰিকভাৱে এথলেটিকছৰ তৃতীয়টো পদক আছিল। পি. ভি. সিন্ধুৱে মহিলাৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম ভাৰতীয় মহিলা এথলীট আৰু ব্যক্তিগত ইভেণ্টৰ বাবে একেৰাহে দুটা অলিম্পিক পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয় (২০১৬ চনত বেডমিণ্টনত ৰূপৰ পদক অৰ্জন)। আনহাতে পুৰুষৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভেৰে ১৯৮০ চনৰ পিছত হকীত প্ৰথম অলিম্পিক পদক অৰ্জন কৰিবলৈ সক্ষম হয়।[6] পুৰুষৰ ৪ x ৮০০ মিটাৰ ৰিলে দলে ৩:০০:২৫ ৰ এক নতুন এছিয়ান অভিলেখ স্থাপন কৰে। মহিলা গল্ফত অদিতি অশোক আৰু পুৰুষৰ ফ্ৰীষ্টাইল মল্লযুদ্ধত দীপক পুনিয়া (৮৬ কি:গ্ৰা:), এই দুয়োগৰাকী খেলুৱৈ চূড়ান্ত ৰেংকিঙত চতুৰ্থ স্থানত থাকে। মহিলা ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ১৯৮০ চনত অলিম্পিকত আত্মপ্ৰকাশ কৰাৰ পিছত এই প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন অৰ্জন কৰে।

পদক বিজয়ীসকল[সম্পাদনা কৰক]

পদক নাম খেল শাখা তাৰিখ
1 স্বৰ্ণ পদক নীৰজ চোপ্ৰা এথলেটিকছ পুৰুষৰ জেভেলিন থ্ৰ' ৭ আগষ্ট
2 ৰূপৰ পদক সাইখোম মীৰাবাই চানু ভাৰোত্তোলন মহিলাৰ ৪৯ কে:জি: ২৪ জুলাই
2 ৰূপৰ পদক ৰবি কুমাৰ দাহিয়া মল্লযুদ্ধ পুৰুষৰ ৫৭ কে:জি: ৫ আগষ্ট
 ব্ৰঞ্জৰ পদক পি. ভি. সিন্ধু বেডমিণ্টন মহিলাৰ একক ১ আগষ্ট
 ব্ৰঞ্জৰ পদক লাভলীনা বৰগোহাঁই বক্সিং মহিলাৰ ৱেল্টাৰৱেইট ৪ আগষ্ট
 ব্ৰঞ্জৰ পদক ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল
ফিল্ড হকী পুৰুষ ৫ আগষ্ট
 ব্ৰঞ্জৰ পদক বজৰং পুনিয়া মল্লযুদ্ধ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কে:জি: ৭ আগষ্ট

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Mary Kom, Manpreet Singh to be India's flag bearers for Tokyo Games opening ceremeony". www.timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/sports/tokyo-olympics/mary-kom-manpreet-to-be-indias-flag-bearers-for-tokyo-games-opening-ceremony/articleshow/84141926.cms। আহৰণ কৰা হৈছে: 6 July 2021. 
  2. "Joint Statement from the International Olympic Committee and the Tokyo 2020 Organising Committee". Olympics. 24 March 2020. https://www.olympic.org/news/joint-statement-from-the-international-olympic-committee-and-the-tokyo-2020-organising-committee. 
  3. 3.0 3.1 "Tokyo Olympics: Neeraj Chopra scripts history with stunning javelin throw". The Times of India. 7 August 2021. https://timesofindia.indiatimes.com/sports/tokyo-olympics/india-in-tokyo/tokyo-olympics-neeraj-chopra-scripts-history-with-stunning-javelin-throw-gold/articleshow/85128653.cms. 
  4. 4.0 4.1 "Tokyo Olympics 2020: Neeraj Chopra wins historic gold as India's campaign ends with best-ever Olympic medal haul". Firstpost. 7 August 2021. https://www.firstpost.com/sports/tokyo-olympics-2020-neeraj-chopra-wins-historic-gold-as-indias-campaign-ends-with-best-ever-olympic-medal-haul-9871311.html. 
  5. "How many medals did India win in Tokyo 2020?". SportsTiger. https://www.sportstiger.com/how-many-medals-did-india-win-in-tokyo-2020/। আহৰণ কৰা হৈছে: 8 August 2021. 
  6. Bhaduri, Tushar (5 August 2021). "India’s long medal wait in hockey ends after pulsating win in bronze playoff". Indian Express. https://indianexpress.com/article/olympics/india-vs-germany-hockey-india-beat-germany-5-4-win-olympic-medal-in-hockey-after-41-years-7439117/.