গৰৈ মাছ
গৰৈ মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Channa |
প্ৰজাতি: | C. punctata |
দ্বৈৰাশিক নামকৰণ | |
Channa punctata (Marcus Elieser Bloch, 1793) | |
সমাৰ্থক[2] | |
|
গৰৈ মাছ (ইংৰাজী: spotted snakehead, বৈজ্ঞানিক নাম :Channa punctata) এবিধ স্নেকহেড জাতৰ মাছ। ইয়াক ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চল যেনে আফগানিস্তান, পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু তিব্বতত পোৱা যায়।[2] পিতনি, পুখুৰী আৰু ক'লা চানেকীয়া জলাশয় গৰৈ মাছৰ প্ৰাকৃতিক বাসস্থান।[2] খাদ্য হিচাপে ই বহুলভাৱে সমাদৃত যদিও একুৱাৰিয়াম ব্যৱসায়ত ইয়াৰ আদৰ নাই।
বিৱৰণ
[সম্পাদনা কৰক]একোটা গৰৈ মাছ সাধাৰণতে প্ৰায় ১৫.০ চে.মি. (৫.৯ ইঞ্চি) দীঘল হয় যদিও ৩১.০ চে.মি. দৈৰ্ঘ্যৰ মতা গৰৈ মাছো পোৱা গৈছে।[2] এই প্ৰজাতিৰ প্ৰতি কোনো ডাঙৰ ভাবুকি নোহোৱাৰ বাবে গৰৈ মাছক IUCN ত Least Concern হিচাপে তালিকাভুক্ত কৰা হৈছে।[1]
গৰৈ মাছ মূলতঃ মাংসভোজী। এই প্ৰজাতিৰ প্ৰিয় খাদ্য হ’ল আন সৰু মাছ আৰু মাছৰ পলু। ইয়াৰ প্ৰাকৃতিক বাসস্থানত পোক-পৰুৱা, উদ্ভিদ আদিও খায়। ঋতু অনুসৰি ইয়াৰ খাদ্য খোৱাৰ অভ্যাস সলনি হয়। পোনা মেলাৰ সময়ত পূৰ্ণবয়স্ক মাছৰ খাদ্য গ্ৰহণৰ প্ৰৱণতা কম হয়। কমবয়সীয়া মাছে খাদ্যৰ নিৰন্তৰ খাদ্য গ্ৰহণ কৰে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Chaudhry, S.; de Alwis Goonatilake, S.; Fernado, M.; Kotagama, O. (2019). Channa punctata. 2019. p. e.T166437A60584432. doi:10.2305/IUCN.UK.2019-3.RLTS.T166437A60584432.en.
- ↑ 2.0 2.1 2.2 2.3 Froese, Rainer and Pauly, Daniel, eds. (2014). Channa punctata in FishBase. February 2014 version.
- ↑ AS Bhuiyan, S Afroz, T Zaman (2006). "Bhuiyan, A.S., Afroz, S. and Zaman, T., 2006. Food and feeding habit of the juvenile and adult snake head, Channa punctatus (Bloch)". J. Life Earth Sci খণ্ড 1 (2): 53–54. https://www.researchgate.net/publication/237307751.