সমললৈ যাওক

চি. এ. ভৱানী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চি. এ. ভৱানী দেৱী
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম ভৱানী দেৱী
সম্পূৰ্ণ নাম চাদালাভদা আনন্দ সুন্দৰৰামন ভৱানী দেৱী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৭ আগষ্ট, ১৯৯৩ (৩৩ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ফেন্সিং
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
সৰ্বোচ্চ বিশ্ব ৰেংকিং ৩৬

চাদালাভদা আনন্দ সুন্দৰৰামন ভৱানী দেৱী চমুকৈ চি. এ. ভৱানী দেৱী (ইংৰাজী: C. A. Bhavani Devi, জন্ম: ২৭ আগষ্ট ১৯৯৩) এগৰাকী ভাৰতীয় চেবাৰ শৈলীৰ ফেন্সিং খেলুৱৈ। চেবাৰ শৈলীৰ ফেন্সিং হৈছে এবিধ দ্ৰুত গতিত তৰোৱাল চলোৱা খেল। তেওঁ ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ জৰিয়তে তেওঁক গোস্পৰ্টছ ফাউণ্ডেচনে ক্ৰীড়াক্ষেত্ৰত সহায়তা আগবঢ়ায়। তেওঁ ২০২১ চনৰ টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হিচাপে পৰিগণিত হয়।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ২৭ আগষ্ট তাৰিখে তামিলনাডুচেন্নাইৰ এক মধ্যবিত্ত পৰিয়ালত ভৱানী দেৱীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক এজন পুৰোহিত আৰু মাক এগৰাকী গৃহিনী আছিল। চি. এ. ভৱানী দেৱীয়ে ২০০৩ চনত তেওঁৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ চেন্নাইৰ মুৰুগা ধনুশকোডী ছোৱালী উচ্চতৰ মাধ্যমিকত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত চেন্নাইৰ চেণ্ট জোচেফ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। ২০০৪ চনত তেওঁ বিদ্যালয় পৰ্যায়ত ফেন্সিংৰ সৈতে পৰিচয় লাভ কৰিছিল।[3] দশম শ্ৰেণী শেষ কৰাৰ পিছত তেওঁ কেৰালাৰ থালাচেৰীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰত যোগদান কৰে। ১৪ বছৰ বয়সত তেওঁ তুৰ্কীত তেওঁৰ প্ৰথম আন্তৰ্জাতিক টুৰ্ণামেণ্টত খেলিবলৈ সুযোগ লাভ কৰে। ইয়াত তেওঁ তিনি মিনিট পলম হোৱাৰ বাবে ক'লা কাৰ্ড পাইছিল। ২০১০ চনত ফিলিপাইনত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ পদক লাভ কৰিছিল।[4]

খেলুৱৈ জীৱন

[সম্পাদনা কৰক]

তেওঁ মালয়েছিয়াত অনুষ্ঠিত ২০০৯ চনৰ কমনৱেলথ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদকৰ পৰা আৰম্ভ কৰিছিল। তাৰপিছত ভৱানী দেৱীয়ে ২০১০ চনৰ থাইলেণ্ডত অনুষ্ঠিত আন্তৰ্জাতিক অপেনত ব্ৰঞ্জ পদক লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ২০১০ চনত ফিলিপাইনত অনুষ্ঠিত কেডেট এছিয়ান চেম্পিয়নশ্বিপ, ২০১২ চনত জাৰ্চিত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপ, ২০১৫ চনত মংগোলীয়াত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপ আৰু ২০১৫ চনৰ ফ্লেমিছ অপেনতো তেওঁ পদক অৰ্জন কৰিছে। ২০১৪ চনত ফিলিপাইনৰ ২৩ বছৰ অনুৰ্ধ শিতানত এছিয়ান চেম্পিয়নশ্বিপত তেওঁ প্ৰথম ভাৰতীয় হিচাপে ৰূপৰ পদক লাভ কৰিছিল। [5] এছিয়ান চেম্পিয়নশ্বিপৰ সফলতাৰ পিছত ২০১৪ চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাআমেৰিকা যুক্তৰাষ্ট্ৰত উন্নত প্ৰশিক্ষণৰ বাবে তেওঁক বিত্তীয় সহায় হিচাপে তিনি লাখ টকাৰে সন্মানিত কৰে।[6] ২০১৫ চনত তেওঁ ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ বাবে 'গোস্পৰ্টছ ফাউণ্ডেচন' বাছনি কৰা ১৫জন খেলুৱৈৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হৈছিল। [7] ভৱানী দেৱীয়ে ২০১২ চনত জাৰ্চিত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপ আৰু ২০১৪ চনত ইটালীত অনুষ্ঠিত টাচকানি কাপত ২টা কৈ স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৰেকজাভিকত অনুষ্ঠিত হোৱা আইচলেণ্ডিক আন্তৰ্জাতিক চেবাৰ টুৰ্ণামেণ্টত পঞ্চম স্থান লাভ কৰিছিল আৰু ২০২০ চনৰ টকিঅ' অলিম্পিকত ভাৰতৰ পৰা ফেন্সিংৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে যোগ্যতা লাভ কৰিছিল। .[8][9] তেওঁ ২০১৯ চনত বেলজিয়ামৰ ঘেণ্টত ট্যুৰ্ণৈ চেটেলাইট ফেন্সিং প্ৰতিযোগিতাত মহিলাৰ চেবাৰ ব্যক্তিগত শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত তেওঁ আজাৰবাইজান বাষ্টা আন্নাৰ হাতত পৰাজিত হৈছিল।[10] [11] তেওঁ চেবাৰ ইভেণ্টত কেনবেৰাৰ জ্যেষ্ঠ কমনৱেলথ ফেন্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় হৈ ইতিহাস ৰচনা কৰিছিল। তেওঁ ছেমি ফাইনেলত স্কটলেণ্ডৰ কেটিৰোনা থমচনক পৰাজিত কৰিছিল আৰু তাৰ পিছত ইংলেণ্ডৰ এমি ৰুঅক্সক পৰাজিত কৰিছিল। তেওঁ ইটালীৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কান্নুৰ কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰিছে।[12]

২০২০ চনৰ ছেপ্টেম্বৰ লৈকে তেওঁ ৩৭.০ পইণ্টৰ সৈতে বিশ্বত ৪৫ তম স্থানত আছে।[13]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. PTI (2021-03-14). "Bhavani Devi becomes first Indian fencer to qualify for Olympics". https://www.thehindu.com/sport/other-sports/bhavani-devi-becomes-first-indian-fencer-to-qualify-for-olympics/article34067133.ece আহৰণ কৰা হৈছে: 2021-03-14.
  2. Anirudh Menon (2021-03-14). "Bhavani Devi becomes first Indian fencer ever to qualify for Olympics". ESPN. https://www.espn.com/olympics/fencing/story/_/id/31062439/bhavani-devi-becomes-first-indian-fencer-ever-qualify-olympics আহৰণ কৰা হৈছে: 2021-03-14.
  3. "Tamil Nadu fencer Bhavani talks about battling against the odds to succeed in a fledgling sport". Sportskeeda.com. http://www.sportskeeda.com/fencing/tn-fencer-bhavani-battling-against-odds আহৰণ কৰা হৈছে: 2016-09-08.
  4. Roshne B (2016-04-13). "Will a Fencer's Sabre Strike Gold?". Archived from the original on 2016-08-17. https://web.archive.org/web/20160817015456/http://www.newindianexpress.com/sport/Will-a-Fencers-Sabre-Strike-Gold/2016/04/13/article3377151.ece আহৰণ কৰা হৈছে: 2016-09-08.
  5. Venugopal, Ashok (2014-10-13). "Sword of Bhavani Fetches Asian First". Archived from the original on 2016-08-17. https://web.archive.org/web/20160817001202/http://www.newindianexpress.com/sport/Sword-of-Bhavani-Fetches-Asian-First/2014/10/13/article2475213.ece আহৰণ কৰা হৈছে: 2016-09-08.
  6. http://indiatoday.intoday.in/story/jaya-announces-sports-scholarship-reward-for-students/1/567360.html
  7. "Go Sports Foundation Selected 15 athletes for Rahul Dravid Athlete Mentorship Programme". Chennai Newz. Archived from the original on 2016-06-03. https://web.archive.org/web/20160603013614/http://www.chennainewz.com/go-sports-foundation-selected-15-athletes-for-rahul-dravid-athlete-mentorship-programme/ আহৰণ কৰা হৈছে: 2016-09-08.
  8. "Rio hopes gone but Bhavani dreams of Tokyo | News Today". Newstodaynet.com. 2016-07-11. Archived from the original on 2016-08-19. https://web.archive.org/web/20160819030823/http://newstodaynet.com/sports/rio-hopes-gone-bhavani-dreams-tokyo আহৰণ কৰা হৈছে: 2016-09-08.
  9. "Chennai fencer Bhavani aims for 2020 Olympics | News Today". Newstodaynet.com. 2016-05-23. Archived from the original on 2016-08-18. https://web.archive.org/web/20160818130247/http://newstodaynet.com/sports/chennai-fencer-bhavani-aims-2020-olympics আহৰণ কৰা হৈছে: 2016-09-08.
  10. "Tournoi Satellite Fencing: India's CA Bhavani Devi wins silver in sabre individual category after going down to Azerbaijan’s Bashta Anna". Firstpost. https://www.firstpost.com/sports/tournoi-satellite-fencing-indias-ca-bhavani-devi-wins-silver-in-sabre-individual-category-after-going-down-to-azerbaijans-bashta-anna-7425271.html আহৰণ কৰা হৈছে: 2019-11-22.
  11. Venkatesan, S. Prasanna. "Bhavani Devi clinches silver in Belgium meet" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/bhavani-devi-indian-fencer-wins-silver-medal-in-tournoi-satellite-competition-belgium/article29550760.ece আহৰণ কৰা হৈছে: 2020-09-13.
  12. Kishore, M. Hari (2018-11-24). "Commonwealth fencing championship: Bhavani Devi wins gold" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/commonwealth-fencing-championship-bhavani-devi-wins-gold/article25587330.ece.
  13. "Bhavani Devi - Official website" (en ভাষাত). Bhavanidevi. https://www.bhavanidevi.com/ আহৰণ কৰা হৈছে: 2020-09-13.