চোম-ফা
চোম-ফা ৰুং-ছেঙ-মুং(আহোম: 𑜋𑜪𑜤 𑜇𑜡 𑜍𑜤𑜂𑜫 𑜏𑜢𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: chum-phā-Reung-Cheng-Mueang) বা চোমদেও হৈছে আহোমসকলৰ ইষ্টদেৱতা[1] বা ফুৰালুং প্ৰথাত আহোমসকলৰ স্বৰ্গৰ দেৱতা ‘ফ্ৰা’ৰ প্ৰতিনিধি। আহোম ৰজাসকলে ৰাজপ্ৰাসাদৰ কাষত দেওঘৰত ৰাখি পূজা-পাতল কৰিছিল। নতুন ৰজাৰ ৰাজ্যাভিষেক বা শিঙৰীঘৰত উঠা অনুষ্ঠানতো ৰজাই চোমদেওক ডিঙিত আঁৰি লোৱাৰ নিয়ম আছিল।[2][3] আহোমসকলৰ প্ৰথমজন স্বৰ্গদেউ চুকাফা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহোঁতে লগত এনায়েকে দি পথোৱা চোমদেওক লগত লৈ আহিছিল। জনবিশ্বাস অনুসৰি চোমদেওৰ মহিমাত ৰাজসম্পত্তি নুগুচে আৰু শত্ৰুৱে জিনিব নোৱাৰে। চোমদেওৰ আকাৰ-আকৃতি সম্পৰ্কে বিশেষ জনা নাযায় যদিও ইয়াক এডোখৰ পাথৰ বুলি কোৱা হয়। কোনো কোনো উৎসৰ মতে এই পাথৰৰ আকৃতি এটা বগলীৰ দৰে। ইয়াক এক সৰু বাকচত সোনৰ পীৰাত ৰখা হৈছিল।[1] অসমত আহোম ৰাজত্বৰ অৱসান হোৱাৰ পিছত চোমদেওৰ প্ৰতিকৃতি অন্তৰ্ধান হয়।
ব্যুৎপত্তি
[সম্পাদনা কৰক]কিংবদন্তি অনুসৰি স্বৰ্গৰ ৰজা লেংডনে তেওঁৰ ভ্ৰাতৃৰ পুত্ৰদ্বয় খুনলুং আৰু খুনলাইক চোমদেওক লগত দি পৃথিৱীলৈ ৰজা হৈ থাকিবলৈ প্ৰেৰণ কৰে। পিছলৈ উত্তৰাধিকাৰসূত্ৰে চোমদেওৰ প্ৰতিমূৰ্তি চুকাফাৰ সতীয়া ভ্ৰাতৃ চুখ্ৰানফাৰ হাতলৈ আহে। চুকাফাৰ এনায়েকে অসমলৈ বুলি যাত্ৰা কৰোঁতে তেওঁৰ হাতত গোপনে চোমদেওক দি পথায়। আহোম ধৰ্ম অনুসৰি আহোমসকলে মূৰ্তিপূজা নকৰিছিল। সেয়ে তেওঁলোকৰ ধৰ্মগ্ৰন্থসমূহত থকা দেৱ-দেৱীসকলৰ কোনো প্ৰতিমূৰ্তি পোৱা নাযায়। কেৱল ৰাজপৰিয়ালৰ লোকসকলে চোম আৰু চেং নামৰ দুটি প্ৰতিকৃতি ৰাখিছিল। এই প্ৰতিকৃতি আছিল উজ্বল ৰঙৰ (ৰুং) আৰু দুয়োটি আছিল মুং (ম্যুং) অৰ্থাৎ দেশখনৰ অধিষ্ঠাতা। সেয়েহে এই প্ৰতিকৃতি কেৱল শাসক স্বৰ্গদেউগৰাকীৰ হাতত থাকিছিল আৰু ইয়াক চোমদেও আৰু চেংদেও বোলা হৈছিল।[1] বিশ্বাস অনুসৰি চোমদেওৱে অসীম ধন-সম্পত্তি প্ৰদান কৰিছিল আৰু ইয়াক অতি গোপনে ৰাখিব লগা হৈছিল। কিছুসংখ্যক পণ্ডিতে বগলীৰ আকৃতিৰ চোমদেও প্ৰাচীন চীন আৰু মানদেশত বহুলভাৱে উপাস্য ড্ৰেগনৰ প্ৰতিমূৰ্তি হ’ব পাৰে বুলি মত প্ৰকাশ কৰে। ইয়াৰ লগতে চেঙক চোমফাৰ সংগীনি স্ত্ৰী-ড্ৰেগন বুলি ধাৰণা কৰা হৈছে। [1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Dr. Padmeswar Gogoi (July 1976). "Tai-Ahom Religion and Customs". Publication Board, Assam. পৃষ্ঠাসমূহ: 7-8. https://ia902908.us.archive.org/13/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf। আহৰণ কৰা হৈছে: 23 January 2022.
- ↑ হিতেশ্বৰ বৰবৰুৱা (২০১৮). আহোমৰ দিন. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৪৮. ISBN 978-93-84733-87-2.
- ↑ সম্পা: সূৰ্য্য কুমাৰ ভূঞা (২০১০). তুংখুঙ্গীয়া বুৰঞ্জী. প্ৰকাশক গুৱাহাটী: অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. পৃষ্ঠা. ৪২-৪৩.