সমললৈ যাওক

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
Scheduled Tribe status to six ethnic groups
সময়কাল ১৯৬০ – বৰ্তমান
স্থান অসম
কাৰণ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া
লক্ষ্য টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা
প্ৰক্ৰিয়া
পদ্ধতি ৰাজনৈতিক প্ৰক্ৰিয়া
বৰ্তমান অৱস্থা
  • মন্ত্ৰীসভাৰ গোটৰ গঠন  কৰা হ'ল
  • অসম কেবিনেটত প্ৰতিবেদন গ্ৰহণ কৰা হ’ল
  • অসম বিধানসভাত প্ৰতিবেদন গ্ৰহণ কৰা হ’ল
  • অসম চৰকাৰৰ প্ৰস্তাৱ গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ অপেক্ষাৰত
  • আৰ জি আই আৰু এন চি এছ টিৰ পৰীক্ষণ আৰু অনুমোদন অপেক্ষাৰত
  • গৃহ মন্ত্ৰালয়ৰ সাংবিধানিক সংশোধনী বিধেয়কৰ খচৰা প্ৰস্তুত অপেক্ষাৰত
  • সংসদৰ সংশোধনী বিধেয়ক গৃহীতকৰণ অপেক্ষাৰত
  • ৰাষ্ট্ৰপতিৰ অনুমোদন অপেক্ষাৰত
  • গেজেট অধিসূচনা জাৰি অপেক্ষাৰত
  • অসম চৰকাৰৰ দ্বাৰা কার্যকৰী কৰা অপেক্ষাৰত
মুখ্য ফলাফল
  • সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০১৯
  • উপত্যাকাৰ জনজাতি প্ৰস্তাৱ
জড়িত পক্ষসমূহ
চৰকাৰী সংস্থা
  • অসম চৰকাৰ
  • ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ
  • অনুসূচিত জনজাতি মন্ত্ৰালয়
সক্ৰিয় সংগঠন
জাতীয় সংগঠনৰ তালিকা
সমৰ্থন * বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ[1]
বিৰোধিতা টাকাম মিচিং পৰিন কেবাং
মুখ্য নেতৃত্ব
নেতাসকল বিভিন্ন সম্প্ৰদায়ৰ ছাত্র সংগঠন, জনসংগঠন আৰু নেতৃত্বসমূহ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (ইংৰাজী: Scheduled Tribe status to six ethnic groups) অসমৰ ছয়টা জনগোষ্ঠী (টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু অসমৰ চাহ জনগোষ্ঠীৰ) জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিন ধৰি চলা এটা প্ৰক্ৰিয়া।[3][4]এই প্ৰক্ৰিয়া অসম বিধান সভাত প্ৰস্তাৱিত হৈছে আৰু উপত্যকাৰ জনজাতি নামৰ এটা বিশেষ অনুসূচিত জনজাতিৰ শ্ৰেণীৰ প্ৰস্তাৱ ৰখা হৈছে। প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ভাষা, ৰীতি-নীতি, পৰম্পৰা আৰু উৎসৱ আছে, যিবোৰক সুকীয়া সাংস্কৃতিক সত্তা হিচাপে চিহ্নিত কৰা হয়।[5] এছ টিৰ মৰ্যাদাই তেওঁলোকৰ অনন্য ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাত সহায় কৰিব বুলি জনগোষ্ঠী সমূহে মত পোষণ কৰিছে।

প্ৰক্ৰিয়া

[সম্পাদনা কৰক]

এই প্ৰক্ৰিয়াৰ স্তৰ সমূহ হৈছে

  1. মন্ত্ৰীসভাৰ গোটৰ গঠন
  2. অসম কেবিনেটত প্ৰতিবেদন
  3. অসম বিধানসভাত প্ৰতিবেদন
  4. অসম চৰকাৰৰ প্ৰস্তাৱ গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ
  5. আৰ জি আই আৰু এন চি এছ টিৰ পৰীক্ষণ আৰু অনুমোদন
  6. এম এইচ এৰ সাংবিধানিক সংশোধনী বিধেয়কৰ খচৰা প্ৰস্তুত
  7. সংসদৰ সংশোধনী বিধেয়ক গৃহীতকৰন
  8. ৰাষ্ট্ৰপতিৰ অনুমোদন
  9. গেজেট অধিসূচনা জাৰি
  10. অসম চৰকাৰৰ দ্বাৰা কাৰ্যকৰী কৰা

মন্ত্ৰীসভাৰ গোট:২০২৫ চনৰ পাছত, ৰাজ্য চৰকাৰে ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত তিনিজনীয়া এটা মন্ত্ৰীসভাৰ গোট (GoM) গঠন কৰে, যিয়ে এই প্ৰক্ৰিয়াৰ সন্ধান আৰু বিশ্লেষণৰ দায়িত্ব গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ গোট (GoM) ৰ দায়িত্ব আছিল:

  • ছয় জনগোষ্ঠীৰ সামাজিক, ঐতিহাসিক, জনসংখ্যাগত আৰু নৃতাত্ত্বিক তথ্য বিশ্লেষন কৰা।
  • বৰ্তমানৰ জনজাতিৰ হানি নোহোৱাকৈ পৃথক সমাধান বিচৰা
  • পৃথক শ্রেণীবিভাগৰ বিশ্লেষন কৰা
  • চূড়ান্ত সিদ্ধান্ত চৰকাৰক প্ৰদান কৰা।

মন্ত্ৰীসভাৰ গোটৰ প্ৰতিবেদন:২৬–২৭ নৱেম্বৰ ২০২৫ত অসম কেবিনেটে মন্ত্ৰীসভাৰ গোট (GoM)ৰ প্রতিবেদন গ্ৰহণ কৰে। [6]

বিধান সভাৰ অনুমোদন:২৯ নবেম্বৰত অসম বিধান সভাই মন্ত্ৰীসভাৰ গোট (GoM)ৰ প্ৰতিবেদন গ্ৰহণ কৰে।[7]

কেন্দ্ৰীয় চৰকাৰৰ প্ৰক্ৰিয়া

[সম্পাদনা কৰক]

পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব।[8]

আৰম্ভণি

[সম্পাদনা কৰক]

ষাঠিৰ দশকৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীয়ে এছ টি মৰ্যাদা দাবী কৰিবলৈ আৰম্ভ কৰিছিল যদিও সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ দৰে সংগঠনৰ জৰিয়তে নব্বৈৰ দশকত এই আন্দোলনে ডাঙৰ ৰাজনৈতিক কঠোৰতা লাভ কৰিছিল।[9] ২০১০ চনলৈকে এই আন্দোলন ৰাজ্যখনৰ অন্যতম উল্লেখযোগ্য দাবীলৈ পৰিণত হৈছিল। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অন্তৰ্ভুক্তিৰ কথা বিবেচনা কৰিবলৈ সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০১৯ (The Constitution (Scheduled Tribes) Order (Amendment) Bill, 2019) উত্থাপন কৰে।[10]

বিশ্লেষণ

[সম্পাদনা কৰক]

বিশেষজ্ঞসকলৰ মন্তব্য

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে ২০১৯ চনত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল য'ত লিখা আছিল[3]-

সতৰ্ক বিবেচনাৰ অন্তত এন চি এছ টিয়ে এই সিদ্ধান্তত উপনীত হয় যে ওপৰৰ ছটা জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ বৈশিষ্ট্য আছে আৰু অসমৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা আছে।

সম্প্ৰদায় সমূহৰ মন্তব্য

[সম্পাদনা কৰক]

টাই-আহোম: সুকীয়া ভাষা সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাস থকা টাই-আহোম সকলে আহোম ৰাজ্যৰ পতনৰ পিছত সামাজিক আৰু অৰ্থনৈতিক অৱনতিৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত তেওঁলোকক অন্যান্য পিছ পৰা জাতিৰ মৰ্যাদা দিয়া হয়। নিজা অস্তিত্ব আৰু প্ৰান্তীয় হোৱা বাবেই তেঁওলোকে এই দাবী জনাই।[উদ্ধৃতিৰ প্ৰয়োজন]

মৰাণ আৰু মটক: অসমৰ নদীৰ পাৰত বসবাস কৰা এই জনগোষ্ঠীসমূহে পৰম্পৰাগতভাৱে কৃষি আৰু মাছ ধৰাৰ অভ্যাস কৰি আহিছে। প্ৰভাৱশালী গোটৰ দ্বাৰা ঐতিহাসিক অত্যাচাৰৰ সন্মুখীন হোৱা আৰু সুকীয়া সামাজিক ৰীতি-নীতি আৰু পৰম্পৰাৰ অধিকাৰী হোৱাৰ যুক্তি তেঁওলোকে আগবঢ়ায়।[উদ্ধৃতিৰ প্ৰয়োজন]

কোচ ৰাজবংশী: পূৰ্বৰ কোচ ৰাজ্যৰ বংশধৰসকলে দাবী কৰে যে তেওঁলোকে নিজৰ অতীতৰ বিশেষাধিকাৰ হেৰুৱাই পেলাইছে আৰু সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত তেওঁলোকে এছ টি সুবিধাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

চুতীয়া: চুতীয়াসকলে সময়ৰ লগে লগে প্ৰান্তীয় হোৱা বুলি দাবী কৰে আৰু এছ টি মৰ্যাদাৰ জৰিয়তে উত্থান বিচাৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

চাহ জনগোষ্ঠী: ব্ৰিটিছ যুগৰ চাহ বাগিচাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনা শ্ৰমিকৰ বংশধৰ চাহ জনজাতিসকলে ভূমিহীনতা, দৰিদ্ৰতা, আৰু সামাজিক বৰ্জনৰ সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে তেওঁলোকে জনজাতি কাৰণে শ্ৰেণীবিভাজনৰ দাবী উত্থাপন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Hagrama wants ST status to the six communities". Assam Times. 25 Jan 2019. https://assamtimes.org/node/21817?page=85। আহৰণ কৰা হৈছে: 17 Nov 2025. 
  2. "AASU Backs ST Status for Six Assam Ethnic Groups". The Sentinel - of this Land, for its People. 29 Oct 2025. https://www.sentinelassam.com/topheadlines/assam-aasu-backs-st-status-for-six-ethnic-groups। আহৰণ কৰা হৈছে: 17 Nov 2025. 
  3. 3.0 3.1 As 6 ethnic groups demand ST status, Assam fears Manipur-like flareup - National Herald 30 Jul 2023, 1:23 PM IST
  4. Six Assam communities seeking Scheduled Tribe status form united forum, announce stir - The Hindu
  5. অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত এটা পৰ্য্যালোচনা - ডাঃ চন্দন কুমাৰ বৰতামুলী
  6. "Interim report on ST status to 6 communities of Assam tabled in assembly". TaxTMI. https://www.taxtmi.com/news?id=63139। আহৰণ কৰা হৈছে: 2 Dec 2025. 
  7. "Interim report on ST status to 6 communities of Assam tabled in assembly". TaxTMI. https://www.taxtmi.com/news?id=63139। আহৰণ কৰা হৈছে: 2 Dec 2025. 
  8. Choudhury, Ratnadip (27 Nov 2025). "Assam Cabinet Approves Report On Scheduled Tribe Status For 6 Communities". www.ndtv.com. https://www.ndtv.com/india-news/assam-cabinet-approves-report-on-scheduled-tribe-status-for-6-communities-9707500। আহৰণ কৰা হৈছে: 28 Nov 2025. 
  9. "How BJP Betrayed Assam's Six Communities Demanding ST Status". People's Democracy. 9 November 2025. https://peoplesdemocracy.in/2025/1109_pd/how-bjp-betrayed-assam%E2%80%99s-six-communities-demanding-st-status. 
  10. "Bills to grant ST status to six Assam communities, more power to ADCs remain pending as RS session concludes". The Times of India. 14 February 2019. https://timesofindia.indiatimes.com/city/guwahati/bills-to-grant-st-status-to-six-assam-communities-more-power-to-adcs-remain-pending-as-rs-session-concludes/articleshow/67982787.cms. 
  • Paul (2022). "Koch-Rajbongshi: A study of identity, politics and movement in Assam and West Bengal". https://www.socialsciencejournal.in/assets/archives/2022/vol8issue5/8-5-16-331.pdf। আহৰণ কৰা হৈছে: 16 Nov 2025. 
  • Baruah, Sanjib (2013). Ethnonationalism in Assam: Identities and Mobilisation in Northeast India. প্ৰকাশক Guwahati: North East Research Press. 
  • Dutta, Birendranath (1997). Ethnic Movements in Assam: A Sociological Study. প্ৰকাশক Delhi: Vikas Publishing. 
  • Government of Assam (2004). Report of the Committee on Socio-Economic Status of Indigenous Communities. প্ৰকাশক Dispur: Government Printing. 
  • Misra, Udayon (2001). The Periphery Strikes Back: Challenges to the Nation-State in Assam and Nagaland. প্ৰকাশক Shimla: Indian Institute of Advanced Study (IIAS). 
  • Saikia, Yasmin (2004). Fragmented Memories: Struggling to be Tai-Ahom in Assam. প্ৰকাশক Durham: Duke University Press. 
  • Sharma, Jayeeta (2008). Assam and the Politics of Identity. প্ৰকাশক New Delhi: Oxford University Press.