ছাগলী পহু
ছাগলী পহু (Indian Muntjac or Barking Deer) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | muntiacinae |
গণ: | Muntiacus |
প্ৰজাতি: | M. muntjak |
বৈজ্ঞানিক নাম | |
Muntiacus muntjak Zimmermann, 1780 | |
![]() |
ছাগলী পহু (ইংৰাজী: Indian Muntjac or Barking Deer) এবিধ পহুৰ প্ৰজাতি। ইয়াৰ দেহ চুটি, মটীয়া ৰঙৰ নোমেৰে আৱৰা। ই সৰ্বভক্ষী, ফল-মূল, গছৰ গুটি, কাণ্ডকে আদি কৰি চৰাইৰ কণী, সৰু প্ৰাণী পৰ্য্যন্ত আহাৰ হিচাপে গ্ৰহণ কৰে। ইয়াৰ মূৰত সৰু শিং থাকে।
শ্ৰেণীবিভাজন[সম্পাদনা কৰক]
ছাগলী পহুৰ ১৫ বিধ উপ-প্ৰজাতি পোৱা যায়-
- M. m. annamensis, ইণ্ডোনেছিয়া
- M. m. aureus, ভাৰত
- M. m. bancanus, বিলিটন(Billiton) and বাংকা দ্বীপপুঞ্জ (Banka Island)
- M. m. curvostylis, থাইলেণ্ড
- M. m. grandicornis, বাৰ্মা
- M. m. malabaricus, দক্ষিণ ভাৰত আৰু শ্ৰীলংকা
- M. m. montanus, পৰ্বতীয়া ছাগলী পহু (Mountain Muntjac), সুমাত্ৰা
- M. m. muntjak, জাভা আৰু দক্ষিণ সুমাত্ৰা
- M. m. nainggolani, বালি আৰু লম্বক দ্বীপপুঞ্জ
- M. m. nigripes, ভিয়েটনাম আৰু হাইনান দ্বীপপুঞ্জ
- M. m. peninsulae, মালয়েছিয়া
- M. m. pleicharicus, দক্ষিণ বৰ্ণিয়’
- M. m. robinsoni, বিনটান (Bintan) দ্বীপ আৰু লিংগা (Linga) দ্বীপপুঞ্জ
- M. m. rubidus, উত্তৰ বৰ্ণিয়’
- M. m. vaginalis, বাৰ্মাৰ পৰা দক্ষিণ-পশ্চিম চীন
বিৱৰণ[সম্পাদনা কৰক]
ছাগ। লী পহুৰ দেহৰ নোমবোৰ ডাঠ, চুটি আৰু কোমল। ঋতু বিশেষে ইয়াৰ দেহৰ বৰণ ডাঠ মটিয়াৰ পৰা হালধীয়া-মটীয়া হ’ব পাৰে। ইয়াৰ মুখখন গাঢ় মটীয়া বৰণৰ। কাণৰ কাষত নোম তেনেই কম। মতা প্ৰাণীবোৰ মাইকীত কৈ আকাৰত ডাঙৰ হয়। মতা ছাগ। লী পহুৰ মূৰত চুটি শিং থাকে। দেহৰ ওজন ১৪-২৮ কি: গ্ৰা। আৰু দৈৰ্ঘ্য ৫০-৭৫ ছে: মি:।
বসতিস্থল[সম্পাদনা কৰক]
ছাগ। লী পহু দক্ষিণ এছিয়াৰ বহুল ভাবে বিস্তৃত অথচ সীমিত তথ্য থকা প্ৰাণী সমূহৰ ভিতৰত অন্যতম। এই প্ৰজাতিটো ভাৰত, বাংলাদেশ, শ্ৰীলংকা, নেপাল,পাকিস্তান, দক্ষিণ চীন, ভিয়েটনাম,জাভা, সুমাত্ৰা, বালি, কম্বোডিয়া, আৰু বৰ্ণিয়’ আদি দেশত পোৱা যায়। ই প্ৰধানকৈ ঘাঁহনি, চাভানা অঞ্চল, পৰ্ণপাতী আৰু কাইটীয়া অৰণ্যত থাকে।
আচৰণ[সম্পাদনা কৰক]
ছাগ। লী পহুক সৰ্বভক্ষী বুলি গণ্য কৰা হয়। ঘাঁহ-বন, গছৰ পাত, ডাল, কাণ্ড, ফল-মূল, চৰাইৰ কণী আৰু অন্যান্য ক্ষুদ্ৰাকৃতিৰ প্ৰাণী ইহঁতৰ প্ৰধান খাদ্য। ছাগ। লী পহু মাজত বহুপ্ৰজনন (polygamy) দেখা যায়। মাইকী প্ৰাণী প্ৰথম বা দ্বিতীয় বছৰ বয়সত প্ৰজননক্ষম হৈ উঠে। গৰ্ভধাৰণৰ সময় ৬-৭ মাহ। সাধাৰণতে এবাৰত এটাকৈ পোৱালিৰ জন্ম দিয়ে।
মাক-পোৱালিৰ বাহিৰে ছাগলী পহুক সাধাৰণতে অকলশৰীয়া কৈ থকা দেখা যায়।
ই দিন আৰু ৰাতি দুয়ো সময়তে চৰে।
স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- Hutchins, Michael, ed. "Muntjacs." Grzimek's Animal Life Encyclopedia. 2nd ed. 15 vols. Detroit: The Gale Group Inc, 2004.
- Kurt, Fred. "Muntjac Deer." Grzimek's Encyclopedia of Mammals. 1st ed. 5 vols. St. Louis: McGraw-Hill, 1990.
- Nowak, Ronald M. "Muntjacs, or Barking Deer." Walker's Mammals of the World. 6th ed. 2 vols. Baltimore: The Johns Hopkins UP, 1999.
- ↑ Timmins, R.J., Duckworth, J.W., Hedges, S., Pattanavibool, A., Steinmetz, R., Semiadi, G., Tyson, M. & Boeadi (2008). Muntiacus muntjak. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 April 2009. Database entry includes a brief justification of why this species is of least concern.