সমললৈ যাওক

দক্ষিণ এছিয় ক্ৰীড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ এছিয়া অলিম্পিক পৰিষদৰ ল'গ'

দক্ষিণ এছিয় ক্ৰীড়া (ইংৰাজী: South Asian Games, SA Games) দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা হয়। সংস্থাৰ পৰিচলনা পৰিষদ কৰ্তৃকে সৰ্বপ্ৰথমে এই প্ৰতিযোগিতা ১৯৮৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কৰে। ২০০৪ চনলৈ এই প্ৰতিযোগিতাৰ নাম আছিল দক্ষিণ এছিয় ফেডাৰেশ্বন ক্ৰীড়া বা চাফ গেমচ্। এই সংস্থাৰ বৰ্তমান সদস্যৰ সংখ্যা হল ৮। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ নতুন সদস্য দেশ হিচাপে আফগানিস্তানে এতিয়ালৈকে দুটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰতিষ্ঠাকালীন সময়ৰে পৰা বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা একাদশ প্ৰতিযোগিতাৰ সকলোতে অংশগ্ৰহণ কৰিছে।

দক্ষিণ এছিয় ক্ৰীড়াৰ শেষৰ সংস্কৰণ প্ৰতিযোগিতাটি ২০১০ চনত বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হয়। ২০১৩ চনৰ প্ৰতিযোগিতাটি ১৩-২১ ফেব্ৰুৱাৰীত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল।[1] পিছে এই ক্ৰীড়া বাতিল হল। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণ ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ দপ্তৰৰ স্বতন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা মতে ৬-১৬ ফেব্ৰুৱাৰী, ২০১৬ চনত অসম আৰু মেঘালয়ত অনুষ্ঠিত হব।[2]

১৯৮৪ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুত প্ৰথম দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে আয়োজন কৰা হলেও মাজে মাজে অনিয়মিত ভাবেও অনুষ্ঠিত হৈছে। প্ৰথমে প্ৰতিযোগিতাৰ নাম দক্ষিণ এছিয় ফেডাৰেশ্বন ক্ৰীড়া বা চাফ গেমচ্ আছিল। কিন্তু ২০০৪ চনত সংস্থাৰ পৰিচলনা পৰিষদৰ ৩২তম সভাত গৃহীত সিদ্ধান্ত মতে আনুষ্ঠানিকভাবে ফেডাৰেশ্বন শব্দটি বাদ দিয়া হয়। প্ৰতিযোগিতাৰ গুৰুত্ব আৰু দৰ্শক আকৃষ্টতাৰ বিষয়ে চিন্তা কৰি এইটো কৰা হৈছিল।[3]

প্ৰতিষ্ঠাকালীন সমযৰ পৰা ফুটবল খেল দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতাত অন্তৰ্ভুক্ত আছিল।[4] বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত ২০১০ চনত এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে মহিলা ফুটবল খেলে স্থান পায়।[5]

সমাৰোহসমূহ

[সম্পাদনা কৰক]
সমাৰোহ বৰ্ষ চহৰ ৰাষ্ট্ৰ দেশৰ সংখ্যা ক্ৰীড়াৰ সংখ্যা ইভেণ্টৰ সংখ্যা
১৯৮৪ কাঠমাণ্ডু  নেপাল ৬২
১৯৮৫ ঢাকা  বাংলাদেশ ৯৪
১৯৮৭ কলকাতা  ভাৰত ১০ ১১৬
১৯৮৯ ইছমাবাদ  পাকিস্তান ১০ ১১৪
১৯৯১ কলম্বো  শ্ৰীলংকা ১০ ১৪২
১৯৯৩ ঢাকা  বাংলাদেশ ১১ ১১৫
১৯৯৫ মাদ্ৰাছ  ভাৰত ১৪ ১৪৩
১৯৯৯ কাঠমাণ্ডু  নেপাল ১২ ১৬৩
২০০৪ ইছমাবাদ  পাকিস্তান ১৫ ১৭০
১০ ২০০৬ কলম্বো  শ্ৰীলংকা ২০ ১৯৭
১১ ২০১০ ঢাকা  বাংলাদেশ ২৩ ১৫৮
১২ ২০১৬[6] গুৱাহাটী/শ্বিলং  ভাৰত ২২ ২২৬
১৩ ২০১৯ কাঠমাণ্ডু/পোখৰা/জনকপুৰ  নেপাল ২৬ ৩১৭
১৪ ২০২৩[7] লাহোৰ  পাকিস্তান

দক্ষিণ এছিয় বীচ ক্ৰীড়া

[সম্পাদনা কৰক]
চন প্ৰতিযোগিতাৰ বিৱৰণ স্বাগতিক চহৰ দেশ
২০১১ ১ম হাম্বানতোতা শ্ৰীলংকা
শ্ৰীলংকা
২০১৩ ২য় মালে মালদ্বীপ
মালদ্বীপ

দক্ষিণ এছিয় শীতকালীন ক্ৰীড়া

[সম্পাদনা কৰক]
চন প্ৰতিযোগিতাৰ বিৱৰণ স্বাগতিক চহৰ দেশ
২০১১[8] ১ম দেৰাদুন আৰু অলী ভাৰত
ভাৰত

শীৰ্ষ স্থান

[সম্পাদনা কৰক]
দেশ ১ম স্থান ২য় স্থান ৩য় স্থান
 ভাৰত
১১ বাৰ
-
-
 পাকিস্তান
-
৮ বাৰ
২ বাৰ
 শ্ৰীলংকা
-
২ বাৰ
৭ বাৰ
 নেপাল
-
১ বাৰ
-
 বাংলাদেশ
-
-
২ বাৰ

মুঠ পদক তালিকা

[সম্পাদনা কৰক]
ৰেংক জাতীয় অলিম্পিক কমিটি অংশগ্ৰহণকাৰী দেশ স্বৰ্ণপদক ৰূপৰ পদক ব্ৰঞ্জৰ পদক সৰ্বমুঠ পদক
 ভাৰত১১৯০০৫৪২২৮৬১৭২৮
 পাকিস্তান১১৩১১৩৭৫৩৩৬১০২২
 শ্ৰীলংকা১১১৮৫২৮৮৪৫৫৯২৮
 নেপাল১১৭৬৯৯২৩৮৪১৩
 বাংলাদেশ১১৬৩১৬২৩৪৭৫৭২
 আফগানিস্তান১৩১৬৩৪৬৪
 ভূটান১১১৫৩৮৫৫
 মালদ্বীপ১১

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "IOA postpones South Asian Games, scraps recent committees". Rediff. December 16, 2011. Retrieved February 6, 2012.
  2. "" South Asian Games to held from Feb 6-16 in Guwahati, Shillong ".Zee News. October 25, 2015. Retrieved January 22, 2016.". Archived from the original on February 5, 2016. https://web.archive.org/web/20160205195003/http://zeenews.india.com/sports/others/south-asian-games-to-held-from-feb-6-16-in-guwahati-shillong_1814375.html আহৰণ কৰা হৈছে: January 22, 2016.
  3. It will be South Asian Games.Rediff news.April 2, 2004.
  4. South Asian Federation Games
  5. 11th South Asian Federation Games 2010 (Bangladesh)
  6. "12th SAF Games Mantle Falls on State". The New Indian Express. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225082450/http://www.newindianexpress.com/states/kerala/2015/may/20/12th-SAF-Games-Mantle-Falls-on-State-763079.html আহৰণ কৰা হৈছে: 22 December 2014.
  7. Malik, Shahzad (২০২১-০১-১৪). "South Asian Games moved to March ২০২৩". ARYSports.tv. https://arysports.tv/south-asian-games-moved-march-২০২৩/ আহৰণ কৰা হৈছে: ২০২১-০৩-০৮.[সংযোগবিহীন উৎস]
  8. "South Asian Winter Games to have two opening and closing - Times Of India". Timesofindia.indiatimes.com. 2010-11-25. http://timesofindia.indiatimes.com/sports/more-sports/others/South-Asian-Winter-Games-to-have-two-opening-and-closing/articleshow/6987909.cms আহৰণ কৰা হৈছে: 2011-08-01.

বহিঃসংযোগ

[সম্পাদনা কৰক]