দন্দুৱা দ্ৰোহ (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দন্দুৱা দ্ৰোহ  
লেখক ৰজনীকান্ত বৰদলৈ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯০৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
Wikisource-logo.svg ৱিকিউৎসত দন্দুৱা দ্ৰোহৰ সম্পূৰ্ণ পাঠ পঢ়ক

দন্দুৱা দ্ৰোহ (ইংৰাজী: Danduwa Droh) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত এখনি বুৰঞ্জীনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য বিদ্ৰোহ দন্দুৱা দ্ৰোহ। গ্ৰন্থখনত ১৯০৯ চনত প্ৰকাশিত হৈছিল।[1]

ঔপন্যাসিকৰ চমু পৰিচিতি[সম্পাদনা কৰক]

ৰজনীকান্ত বৰদলৈ (১৮৬৭-১৯৪০) জোনাকী যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। ৰজনীকান্ত বৰদলৈ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্য-ৰসিক। কলিকতাত পঢ়ি থকা সময়তে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভা ৰ লগত জড়িত হয়। তেখেতে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ত ‘শৰীৰ তত্ত্ব’ শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেখেতে কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেখেতৰ বুৰঞ্জীমূলক উপন্যাস হ’ল মনোমতী (১৯০০), দন্দুৱা দ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা-ৰুক্মিণীৰ ৰণ আদি। ১৮৯৪ চনত মিছিং সমাজৰ পটভূমিত ৰচিত তেখেতৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ’ল মিৰি জীয়ৰী। ‘খাম্বা-থুইবীৰ সাধু’ হ’ল লোক কথাভিত্তিক উপন্যাস।

গ্ৰন্থখনৰ চমু বিৱৰণ[সম্পাদনা কৰক]

অসম বুৰঞ্জীৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ বদন বৰফুকন আৰু তেওঁৰ পুত্ৰৰ অত্যাচাৰত গুৱাহাটীত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহৰ আৰম্ভ কৰে। তেওঁলোকে কামৰূপৰ চৌধাৰী, বনুৱাসকলক একগোট কৰি আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ তৎপৰ হয়। বিদ্ৰোহৰ সমান্তৰালভাৱে উপন্যাসখনত মহীৰাম আৰু পদ্মকুমাৰী নামৰ চৰিত্ৰ দুটাৰ প্ৰণয়কাহিনীও আগবঢ়াই নিয়া হৈছে।[1] [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.