দেৱকান্ত সন্দিকৈ
দেৱকান্ত সন্দিকৈ | |
---|---|
জন্ম | ডিব্ৰুগড়, নাহৰচুক, ডিকম, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতকোত্তৰ, ১৯৭৩ |
বিষয় | গদ্য সাহিত্য |
উল্লেখযোগ্য বঁটা | ১৯৯৪চনত ‘ৰমনীয় অনুভৱ গ্ৰন্থ’ৰ বাবে শশীমোহন ভট্টাচাৰ্য বঁটা আৰু ২০১০ চনত ‘নতুন সুৰ’ৰ সাহিত্যজ্যোতি বঁটা। |
সহযোগী | নিজৰা সন্দিকৈ |
দেৱকান্ত সন্দিকৈ (জন্ম:১৯৫০- ) (ইংৰাজী: Devakanta Handique) এগৰাকী গদ্য লেখক। আশীৰ দশকৰ পৰা অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰি ৰখা দেৱকান্ত সন্দিকৈয়ে সৰ্বমুঠ ১৩খন গ্ৰন্থ লিখি উলিয়াইছে। অসমীয়া ভাষাত মূলতঃ মৌলিক আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ ৰচনা কৰা দেৱকান্ত সন্দিকৈ ১৯৭৩ চনৰপৰা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ শাখাত চাকৰি জীৱনৰ আৰম্ভ কৰে আৰু ২০০৫ চনৰপৰা ২০১০ চনলৈকে সেই প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে। [1] বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]দেৱকান্ত সন্দিকৈৰ জন্ম হয় ১২ মে’ ১৯৫০ চন, পূৰ্বৰ অবিভাজিত লখিমপুৰ আৰু বৰ্তমান ডিব্ৰুগড় জিলাৰ ইকৰাতলি, নাহৰচুক গাঁও, ডিকম অঞ্চলত। দেউতাকৰ নাম ভৱকান্ত সন্দিকৈ আৰু মাতৃৰ নাম তুলেশ্বৰী সন্দিকৈ। [2] পত্নীৰ নাম নিজৰা সন্দিকৈ।
শিক্ষাজীৱন
[সম্পাদনা কৰক]- ১৯৫৫ গণেশবাড়ী বাগানৰ প্ৰাথমিক স্কুলত প্ৰাথমিক শিক্ষা।
- ১৯৬৭ চনত ডিকম হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ।
- ১৯৭১ চনত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰপৰা বি.এছ.চি. পৰীক্ষা পাছ।
- ১৯৭৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতকোত্তৰ।
কৰ্মজীৱন
[সম্পাদনা কৰক]- ১৯৭৩ চনৰপৰা ভাৰতৰ বতৰ বিজ্ঞান বিভাগ, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীত চাকৰি জীৱনৰ আৰম্ভ হয়। [3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]১৯৭৩ চনৰ আগভাগত হোমেন বৰগোহাঞি সম্পাদিত ‘সাপ্তাহিক নীলাচল’ত লেখা প্ৰকাশ। পৰৱৰ্তী সময়ত তেওঁ প্ৰান্তিকত লেখা-মেলা কৰে। পৰাগ কুমাৰ দাস সম্পাদিত ‘বুধবাৰ’ কাকততো সন্দিকৈয়ে ‘চিন্তাশীল্প’ শীৰ্ষক এটা সাপ্তাহিক স্তম্ভ লেখা লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল-
- ৰমনীয় অনুভৱ, ১৯৯২
- চিন্তা-শিল্প, ১৯৯০
- জীৱনৰ প্ৰথম পাঠ, ১৯৯৪
- ককা আৰু নাতিৰ আধুনিক সংলাপ, ১৯৯৫
- ঈশ্বৰহীন পৃথিৱীৰ সপোন,২০০০
- জীৱনৰ সুখ-দুখ,২০০৪
- এটা সামাজিক বিজ্ঞাপন, ২০০৮
- মানৱতাৰ সাধনা, ২০১০
- পুৱাই দুৱাৰ খুলি দেখা পৃথিৱীখন, ২০১২
- জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ, ২০১৩
- জীৱন সম্পৰ্কে চিন্তা আৰু অনুভৱ, ২০১৫
- কৰ্মই ভাগ্য, ২০১৭
- জীৱনৰ সাৰাংশ, ২০১৮
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ১৯৯৪ চনত ‘ৰমনীয় অনুভৱ গ্ৰন্থ’ৰ বাবে শশীমোহন ভট্টাচাৰ্য বঁটা।
- ২০১০ চনত ‘নতুন সুৰ’ৰ সাহিত্যজ্যোতি বঁটা।