পঞ্জাবৰ লোক-সংগীত
পঞ্জাবী লোক-সংগীত (পঞ্জাবী: پنجابی لوک موسیقی, পঞ্জাবী: ਪੰਜਾਬੀ ਲੋਕ ਸੰਗੀਤ) হৈছে ভাৰতীয় উপমহাদেশৰ পঞ্জাব অঞ্চলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে পৰিবেশন কৰা পৰম্পৰাগত সংগীত।[1][2] জন্মৰ সময়ৰ পৰা আনন্দ আৰু দুখৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে মৃত্যুলৈকে এই সংগীতৰ এক বৃহৎ সম্ভাৰ পোৱা যায়।[3] ভৌগোলিক অৱস্থানৰ দিশৰ পৰা ভাৰতৰ প্ৰৱেশদ্বাৰ স্বৰূপ পঞ্জাবৰ লোক-সংগীতত পৰম্পৰাৰ লগতে, পঞ্জাবী সকলৰ কঠোৰ পৰিশ্ৰমী স্বভাৱ, সাহস আৰু অন্যান্য বহুতো বিষয়ৰ প্ৰতিফলন পৰিলক্ষিত হয়। বহু উপ-অঞ্চল থকা বৃহৎ অঞ্চলৰ বাবে লোকসংগীতত ভাষিক সামান্য পাৰ্থক্য আছে যদিও একে অনুভূতিৰ আমন্ত্ৰণ ঘটে। উপ-অঞ্চল মালৱা, দোৱাবা, মাঝা, পোথোহৰ আৰু পাহাৰীয়া অঞ্চলত অসংখ্য লোকগীত আছে।[4] পঞ্জাবী সংগীত ভাংৰা হৈছে পঞ্জাবী প্ৰব্ৰজনকাৰীসকলে ব্ৰিটেইনত উদ্ভাৱন কৰা পঞ্জাবী আধুনিক সংগীতৰ এটা ধাৰা।
সংগীত শৈলীৰ সাধাৰণ বৈশিষ্ট্য
[সম্পাদনা কৰক]ছন্দ
[সম্পাদনা কৰক]পাঞ্জাবী লোক-সংগীতৰ ছন্দ অতি সৰল।[5] ভাংৰা সংগীতৰ ছন্দৰ দৰে লোকসংগীতৰ ছন্দবোৰ জটিল নহয়।
সুৰ
[সম্পাদনা কৰক]হীৰ আৰু মিৰ্জাৰ দৰে কিছুমান লোকগীত পৰম্পৰাগত ৰচনা ব্যৱহাৰ কৰি গোৱা হয়। সংগীতজ্ঞতাৰ অভাৱৰ বাবে পাঞ্জাবী লোক-সংগীতৰ ধাৰাটোত গীতৰ কথা নতুন হয় যদিও শ শ বছৰৰ আগতে সৃষ্টি কৰা সুৰসমূহেই পুনৰ ব্যৱহাৰ কৰিবলৈ বাধ্য।
লোক-সংগীত
[সম্পাদনা কৰক]পঞ্জাবত জন্ম, বিবাহ, অন্ত্যেষ্টিক্ৰিয়া, মৃত্যু, প্ৰেম, বিচ্ছেদ, সৌন্দৰ্য্য, সামাজিক আৰু অৰ্থনৈতিক অৱস্থা, গাঁৱৰ জীৱনশৈলী, খাদ্য, প্ৰকৃতি, সাহস, লোককথা আৰু কিংবদন্তি, লোক-ৰোমাঞ্চ, পৰম্পৰাগত-ঐতিহাসিক বীৰ, উৎসৱ-পাৰ্বন আদি বহুতো বিষয়বস্তুৰ লোকগীত আছে।[2] পঞ্জাবৰ পেছাদাৰী জনগোষ্ঠীৰ গীতসমূহো লোকগীতৰ অন্তৰ্ভুক্ত কৰা হৈছে। পঞ্জাবৰ লোক-সংগীতসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি:
অনুষ্ঠানমূলক গীত
[সম্পাদনা কৰক]বিতৰ্ক
[সম্পাদনা কৰক]পাঞ্জাবী লোকসংগীত পৰম্পৰাগত জীৱনশৈলী আৰু সংস্কৃতিৰ সৈতে জড়িত। পঞ্জাবী সমাজৰ জাতি-ভেদ ব্যৱস্থা আৰু মাদক-দ্ৰব্য সেৱনৰ দৰে কু-অভ্যাসৰ প্ৰচাৰৰ লগতে অন্ধবিশ্বাসৰ আদি আজিৰ গীতসমূহত, বিশেষকৈ ভাংৰা গীতত জড়িত হৈ আছে। পঞ্জাৱত শিখ বিপ্লৱৰ দৰে বহু বিপ্লৱে পঞ্জাবী লোকগীতৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছিল।
জীৱনচক্ৰৰ লোকাচাৰ
[সম্পাদনা কৰক]বহু সংখ্যক পঞ্জাবী লোকগীত, অন্যান্য অনুষ্ঠান, উৎসৱ আৰু মেলাত গোৱা গীতসমূহে জন্মৰ পৰা মৃত্যুলৈকে হোৱা পৰিঘটনা, সম্পৰ্ক আদিৰ ছবি উপস্থাপন কৰে।[4] মহিলাৰ গীতে তেওঁলোকৰ কোমল অনুভূতি, স্বভাৱ, চখ আৰু নিম্ন সামাজিক মৰ্যাদাক সীমিত বৃত্তত প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে পুৰুষৰ গীতে তেওঁলোকৰ স্বাধীনতা, শক্তি আৰু কঠোৰ পৰিশ্ৰমক প্ৰতিনিধিত্ব কৰে। লোকগীতৰ আৰম্ভণি হয় সন্তান জন্মৰ পৰা তাৰ পিছত নামকৰণ অনুষ্ঠান, বিবাহ, সম্পৰ্ক, আত্মীয়-স্বজন আদিৰ জৰিয়তে। বিবাহ অনুষ্ঠানত সুহাগ, ঘোৰহিয়ান, ছেহৰা, সিথনিয়ান আদি গীত পৰিবেশন কৰা হয়। চুহাগ কইনাৰ সৈতে সম্পৰ্ক থকাৰ বিপৰীতে ঘোৰহিয়ান আৰু ছেহৰাৰ সম্পৰ্ক দৰাৰ সৈতে। পঞ্জাবী লোকগীতত এগৰাকী কন্যাৰ অনুভৱৰ বিশেষ স্থান আছে য’ত তাই দেউতাকক সম্বোধন কৰি তাইৰ বাবে এখন ভাল ঘৰ, ভাল মানুহ (শাহু-শাহু) আদি বিচাৰিবলৈ অনুৰোধ কৰে। গীতৰ দীৰ্ঘতা আৰু প্ৰকাশিত আৱেগ অনুসৰি চুহাগ,[6] ঘোৰহিয়ান, বলিয়ান,[7] টাপ্পে,[8] চিথনিয়ান,[9] ছাণ্ড,[10] হেয়াৰা, ল'ৰিয়ান আদি[2][4] বিভিন্ন ধৰণৰ লোকগীত পঞ্জাবী লোক-সংগীতৰ অন্তৰ্গত।
মেলা আৰু উৎসৱ
[সম্পাদনা কৰক]প্ৰতিটো উৎসৱৰ অনুষ্ঠানৰ লগত সংগীত জড়িত হৈ থাকে।[3] লহৰী আৰু মাঘী উৎসৱ ঋতু পৰিবৰ্তনৰ লগত জড়িত হোৱাৰ বিপৰীতে বৈশাখী হৈছে শস্য চপোৱা উৎসৱ। পুৰুষে ভাংৰা আৰু মহিলাই গিদ্ধা নৃত্য কৰে। শাৱন মাহটো মহিলাসকলৰ বাবে অতি আনন্দৰ মাহ য'ত তেওঁলোকে তিয়ান উৎসৱ পালন কৰে।[3] বিবাহিতসকলে পিতৃ-মাতৃৰ ঘৰলৈ উভতি আহি পৰিয়াল আৰু বন্ধু-বান্ধৱীক লগ পায় আৰু মুকলি মাটিত গিদ্ধা নৃত্য কৰে। ফুলকাৰীৰ দৰে ৰঙীন সাজ-পোছাক পিন্ধি, জেতুকা লগায় আৰু কাঁচৰ খাৰু পিন্ধি হাত দুখনৰ শোভা বৰ্ধন কৰে।
বিষয়বস্তুমূলক
[সম্পাদনা কৰক]ৰোমাণ্টিক
[সম্পাদনা কৰক]জুগনি, মাহিয়া, টাপ্পে, জিন্দুয়া, ধোলা, কাফিয়ান, দোহৰে, বলিয়ান, ছাদ্দা, জকান আৰু পঞ্জাব অঞ্চলৰ লোক ৰোমাঞ্চ যেনে হীৰ ৰাঞ্ঝা, মিৰ্জা চাহিবান, চোনী মহিৱাল, ছাছি পুন্নুন আদি হৈছে মূল লোক-প্ৰেমৰ গীত।[1][2][3] হীৰ আৰু মিৰ্জাক পৰম্পৰাগত ৰচনা ব্যৱহাৰ কৰি গোৱা হয়।
বীৰপূজা সম্পৰ্কীয়
[সম্পাদনা কৰক]বীৰপূজা সম্পৰ্কীয় লোকগীতত দুল্লা ভট্টী,[11][12] ৰাজা ৰছালু, জগ্গা জাট, ভগৎ সিং, উধাম সিং, সুচা ছুৰমা[13] আৰু জেওনা মৰ্হৰ দৰে পঞ্জাবী বীৰসকলৰ গুণানুকীৰ্তন কৰা হয়।[4]
ধাৰ্মিক
[সম্পাদনা কৰক]পূজা, ধৰ্মীয় অনুষ্ঠান আৰু উৎসৱত পৰিবেনিত লোকগীতে ধৰ্মীয় অনুভূতিক প্ৰতিনিধিত্ব কৰে।
শিখ ধৰ্ম সংগীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।[3] ষষ্ঠ শিখ গুৰু, গুৰু হৰগোবিন্দে সাধাৰণতে দুটা লোকবাদ্য ঢাদ আৰু সাৰংগী ব্যৱহাৰ কৰি গুৰবাণী, শ্লোক আৰু অন্যান্য লোকশৈলী গাবলৈ ধাদি নামৰ গায়কসকলক প্ৰতিষ্ঠা কৰিছিল।[3]
ইছলামৰ দৰে আন ধৰ্মীয় লোকগীত কাৱালী, নাট আৰু হামদ আৰু হিন্দু ধৰ্মৰ ভজন আৰু পঞ্জাবীত পাঞ্জাবী গীত পৰিবেশন কৰা হয়।
বাদ্যযন্ত্ৰ
[সম্পাদনা কৰক]পাঞ্জাবী গায়কসকলে ঢোল, টুম্বি, ধদ, সাৰংগী, ঘৰা, গাগৰ, চিম্টা, বা আলগোজ,[1][2][3] একতাৰা, বুগচু, ছাইনি, কাইঞ্চি, ছাপ, কাটো আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে গীত পৰিবেশন কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Pande, Alka (1999). Folk music and musical instruments of Punjab. Mapin Publishers. পৃষ্ঠা. 128. ISBN 1-890206-15-6. https://archive.org/details/folkmusicmusical00pand/page/128.
- ↑ 2.0 2.1 2.2 2.3 2.4 Thind, Karnail Singh (2002). Punjab Da Lok Virsa (reprint সম্পাদনা). প্ৰকাশক Patiala: Punjabi University. পৃষ্ঠা. 231. ISBN 81-7380-223-8.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "The Music of Punjab". SadaPunjab.com. Archived from the original on December 6, 2010. https://web.archive.org/web/20101206114609/http://www.sadapunjab.com/cv/Literature_On_Punjab/PUNJAB/The_Music_Of_Punjab/index0.html। আহৰণ কৰা হৈছে: May 22, 2012.
- ↑ 4.0 4.1 4.2 4.3 "ਪੰਜਾਬ ਦੇ ਲੋਕ-ਗੀਤ" (pa ভাষাত). sabhyachar.com. Archived from the original on May 28, 2012. https://web.archive.org/web/20120528194302/http://www.sabhyachar.com/geet.php। আহৰণ কৰা হৈছে: May 22, 2012.
- ↑ Sharma, Manorma (2009). Musical heritage of India. পৃষ্ঠা. 228.
- ↑ "Punjab heritage comes alive on concluding day". The Tribune (Ludhiana). October 1, 2011. http://www.tribuneindia.com/2011/20111001/ldh1.htm#8.
- ↑ "Power failure hits show". The Tribune (Chandigarh). May 21, 1999. http://www.tribuneindia.com/1999/99may21/cth2.htm.
- ↑ "Two plays staged". The Tribune (Amritsar). February 19, 2011. http://www.tribuneindia.com/2011/20110219/aplus.htm.
- ↑ Maini, Darshan Singh (1979). Studies in Punjabi poetry. Vikas. পৃষ্ঠা. 158. ISBN 0-7069-0709-4.
- ↑ Shivnath (1976). History of Dogri literature. Sahitya Akademi. পৃষ্ঠা. 194.
- ↑ "Lahore's Crumbling Gateways". The Tribune. January 8, 2012. http://www.tribuneindia.com/2012/20120108/spectrum/main4.htm.
- ↑ "'Dulla Bhatti' traces heroic deeds of folk character". The Tribune (Amritsar). January 13, 2010. http://www.tribuneindia.com/2010/20100113/aplus.htm.
- ↑ "The all-pervading spirit". The Tribune. January 20, 1999. http://www.tribuneindia.com/1999/99jun20/sunday/head3.htm.