ফাল্গুনী পাঠক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাল্গুনী পাঠক

দাণ্ডিয়া অনুষ্ঠানত ফাল্গুনী পাঠক
জন্ম ১২ মাৰ্চ, ১৯৬৯ (৫৫ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম দাণ্ডিয়া কুইন
পেচা কণ্ঠশিল্পী, সুৰকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৭–বৰ্তমান


ফাল্গুনী পাঠক (ইংৰাজী: Falguni Pathak; জন্ম: ১২ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় গায়িকা, পৰিবেশন শিল্পী আৰু সুৰকাৰ। তেওঁ বৰ্তমান ভাৰতৰ মুম্বাইত বাস কৰে। ভাৰতৰ গুজৰাট ৰাজ্যৰ পৰম্পৰাগত সংগীত ৰূপৰ আধাৰত তেওঁ সংগীত পৰিবেশন কৰে। ১৯৮৭ চনত পেছাদাৰীভাৱে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছৰ পৰাই সমগ্ৰ ভাৰততে তেওঁৰ এক বৃহৎ সংখ্যক অনুৰাগীৰ সৃষ্টি হৈছিল।[2] এটা সাক্ষাৎকাৰত তেওঁ গায়কতাক কেৰিয়াৰ হিচাপে লোৱাৰ সিদ্ধান্ত কেনেকৈ লৈছিল বুলি সোধাত এইটো সাধাৰণভাবে ঘটিছিল বুলি তেওঁ উত্তৰ দিছিল।[3]

১৯৯৮ চনত তেওঁৰ প্ৰথম এলবামটো মুক্তি পাইছিল। তেওঁ ভাৰতৰ বলীউড চিনেমা জগতৰ বাবেও অসংখ্য গীত বাণীবদ্ধ কৰিছে। তেওঁৰ বেছিভাগ গীতৰ বিষয়বস্তু হৈছে প্ৰেম। “থা থেইয়া” নামৰ এটা সংগীত বেণ্ডৰ সহায়ত ভাৰত আৰু অন্যান্য দেশৰ বহু অনুষ্ঠানত তেওঁ কণ্ঠদান কৰিছে। তাৰক মেহতা কা উলতা চশমা, কৌন বানেগা কৌৰৰপতি, ষ্টাৰ দাণ্ডিয়া ধূম, কমেডী নাইটছ উইথ কপিল, বা বহু ঔৰ বেবী আৰু পাণ্ডিয়া ষ্ট’ৰ আদি দূৰদৰ্শন অনুষ্ঠানতো তেওঁ অভিনয় কৰিছে।

এতিয়াও সমগ্ৰ ভাৰততে পৰিবেশন তথা প্ৰশংসা কৰা তেওঁৰ কিছুমান অতি জনপ্ৰিয় ভাৰতীয় পপ একক গীত আছে। তাইৰ এলবামবোৰ কেৱল সুৰীয়া গীতৰ বাবেই নহয়, সেইবোৰৰ সৈতে চিত্ৰগ্ৰহণ কৰা মৰমলগা প্ৰেম কাহিনীৰ বাবেও বিখ্যাত। গুজৰাটী সমাজৰ মাজত তেওঁ অতি জনপ্ৰিয় য'ত তেওঁক নৱৰাত্ৰিৰ দৰে জনপ্ৰিয় উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হয়।[4]

তেওঁৰ কিছুমান জনপ্ৰিয় গীত হ’ল- চুড়ি জো খংকি হাথোঁ মেই, মেনে পায়ল হেয় ছংকাই, মেৰী চুণৰ ওড় ওড় জায়ে, আয়ে পৰদেশ ছে পৰিয়ঁ কি ৰাণী আৰু শাৱন মেইঁ আদি।

২০১৩ চনৰ আগষ্ট মাহত বছৰটোৰ নৱৰাত্ৰি উৎসৱৰ সময়ত তাই ₹২ কোটি টকা উপাৰ্জন কৰিব বুলি খবৰ ওলাইছিল। জানিব পৰা মতে, গায়িকাগৰাকীয়ে ইভেণ্ট মেনেজমেণ্ট কোম্পানী এটাৰ বাবে গান গোৱা আৰু কণ্ঠদান কৰাৰ বাবদ প্ৰতিটো দিনৰ বাবে ৭০ লাখ টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। আয়োজকসকলে পৃষ্ঠপোষকক আকৰ্ষণ কৰি তাইৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল।[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৯ চনৰ ১২ মাৰ্চত মহাৰাষ্ট্ৰৰ মুম্বাইত ফাল্গুনী পাঠকৰ জন্ম হৈছিল। গুজৰাটী পৰিয়ালত ডাঙৰ-দীঘল হোৱা ফাল্গুনীয়ে সৰুৰে পৰাই ‘গৰবা’ গীত শুনি ডাঙৰ হৈছিল, সেই বাবে তেওঁ এই ধাৰাটোৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল।[6] মাকে তেওঁক গৰবা লোকগীত শিকাইছিল আৰু পিছলৈ নৱৰাত্ৰীৰ অনুষ্ঠানত সমবেত সংগীত শিল্পী হিচাপে গীত গাবলৈ আৰম্ভ কৰিছিল। বৰ্তমান ফাল্গুনীয়ে পৰিয়ালৰ সৈতে মুম্বাইত থাকে।

দাণ্ডিয়া হৈছে ভাৰতৰ গুজৰাট ৰাজ্যত উদ্ভৱ হোৱা আৰু নৱৰাত্ৰি উৎসৱত জনপ্ৰিয়ভাৱে প্ৰদৰ্শন কৰা এক প্ৰকাৰৰ সামাজিক তথা ধৰ্মীয় লোক নৃত্য। নৱৰাত্ৰি উৎসৱৰ বিভিন্ন অনুষ্ঠানত এই নৃত্যৰ সৈতে গীত পৰিবেশন কৰা ফাল্গুনী পাঠকক “দাণ্ডিয়া ৰাণী” (Dandiya Queen) নামেৰেও জনা যায়।

বঁটা[সম্পাদনা কৰক]

২০০০ চনত ফাল্গুনীয়ে তেওঁৰ জনপ্ৰিয় গীত “মেঁইনে পায়ল হেঁই ছংকাই” গীতৰ বাবে এম. টি. ভি.ৰ “ইণ্টাৰনেচনেল ভিউৱাৰছ চয়চ এৱাৰ্ড” লাভ কৰিছিল। ২০১৭ চনত তেওঁ “দাদা চাহেব ফাল্কে এক্সেলেন্স এৱাৰ্ড” লাভ কৰিছিল।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]