বালিঘোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বালিঘোৰা (Red-wattled Lapwing)
V. i. indicus from India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Charadriidae
গণ: Vanellus
প্ৰজাতি: V. indicus
বৈজ্ঞানিক নাম
Vanellus indicus
(Boddaert, 1783)
সমাৰ্থক

Hoplopterus indicus
Lobivanellus indicus
Lobivanellus goensis
Tringa indica
Sarcogrammus indicus

বালিঘোৰা[2] (ইংৰাজী: Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷[3][4] ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই জাকপাতিও চৰিব পাৰে৷ [5]

বিৱৰণ[সম্পাদনা কৰক]

বালিঘোৰাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৫ ছে:মি:৷ ইয়াৰ ডেউকা আৰু পিঠি অংশ পাতল মটিয়া বৰণৰ৷ আনহাতে মুৰ আৰু বুকু অংশ ক'লা বৰণৰ হোৱা দেখা যায়৷ ডেউকাত বগা দাগ থকাও দেখা যায়৷ ইয়াৰ চকুৰ সন্মুখৰ অংশ (Wattle) অংশ উজ্জল ৰঙা৷ চুটি নেজডালৰ আগটো ক'লা, ঠোঁট ক'লা আৰু দীঘল ঠেং দুখন হালধীয়া হোৱা দেখা যায়৷ উৰন্ত অৱস্থাত ইয়াৰ ডেউকাৰ বগা আঁচবোৰ চকুত পৰে৷[6]

V. i. aigneri from Turkey

মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে হয় যদিও মতা বালিঘোৰাৰ ডেউকা মাইকীজনীতকৈ কিছু দীঘল হয়৷[5]

বাসস্থান[সম্পাদনা কৰক]

বালিঘোৰাই সাধাৰণতে মুকলি জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ গতিকে ইয়াক পানীপূৰ্ণ খেতি-পথাৰ, পুখুৰী, হ্ৰদ আদিত দেখা পোৱা যায়৷ মাজে সময়ে ই ২৬-২০০ টা পৰ্যন্ত লগ হৈ বৃহৎ গোট গঠন কৰি চৰে৷[7] ইয়াক নতুনকৈ মুকলি কৰা বনাঞ্চল বা বৰষুণৰ পাণী জমা হোৱা অঞ্চলতো দেখা পোৱা যায়৷

V. i. atronuchalis

বিতৰণ[সম্পাদনা কৰক]

বালিঘোৰাৰ 'wattle' অংশ

বালিঘোৰাই সাধাৰণতে পশ্চিম এছিয়াইৰাক, ইৰাণৰ পৰা দক্ষিণ এছিয়াআফগানিস্তান, পাকিস্তান, ভাৰত আদি দেশত প্ৰজনন কৰে৷[8]

আচৰণ[সম্পাদনা কৰক]

Call of Red-wattled Lapwing

খাদ্য[সম্পাদনা কৰক]

বালিঘোৰাৰ প্ৰধান খাদ্য হ'ল বিভিন্ন পোক-পতংগ, শামুক আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী৷ কেতিয়াবা ইহঁতে গুটি আদিও খোৱা দেখা যায়৷ [9]

প্ৰজনন[সম্পাদনা কৰক]

বালিঘোৰাই সাধাৰণতে মাৰ্চৰ পৰা আগষ্ট মাহৰ ভিতৰত প্ৰজনন কৰে৷ মাইকীজনীক আকৰ্ষিত কৰাৰ উদেশ্যে মতা বালিঘোৰা চৰায়ে পাখিবোৰ ফুলাই, ঠোঁটটো ওপৰলৈ কৰি মাইকী চৰাইজনীৰ চাৰিওফালে ঘুৰে৷ এজনী মাইকী চৰাইৰ আগত একাধিক মতা বালিঘোৰাই এনেদৰে প্ৰদৰ্শন কৰিব পাৰে৷[7]

ইহঁতে মাটিতে বাহ সাজি কণী পাৰে৷ [10] এবাৰত ৩-৪ টাকৈ ক'লা ফুটুকীয়া বগা বৰণৰ কণী পাৰে৷[6] [11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Vanellus indicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003165। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. "xobdo.org". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305021920/http://www.xobdo.org/asm/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%98%E0%A7%8B%E0%A7%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2013-06-15. 
  3. Jerdon, TC (1864). The Birds of India. George Wyman & Co. পৃষ্ঠা. 648–649. http://www.archive.org/details/birdsofindiabein03jerd. 
  4. Symons,CT (1917). "Note on the breeding habits of the Did-he-do-it Sarcogrammus indicus". Spolia Zeylanica খণ্ড 10 (39): 397–398. 
  5. 5.0 5.1 Hayman, P., J. Marchant, T. Prater (1986). Shorebirds: an identification guide to the waders of the world. Croom Helm, London. পৃষ্ঠা. 274–275. 
  6. 6.0 6.1 Ali, S & S D Ripley (1980). Handbook of the birds of India and Pakistan. 2 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 212–215. 
  7. 7.0 7.1 Vyas, Rakesh (1997). "Flocking and courtship display in Redwattled Lapwing (Vanellus indicus)". Journal of Bombay Natural Hist. Soc. খণ্ড 94: 406–407. 
  8. Saini,SS (1972). "Unexpected summer visitors in the Himalayas – Redwattled Lapwing". Newsletter for Birdwatchers খণ্ড 12 (8): 5–6. http://www.archive.org/stream/NLBW12#page/n100/mode/1up. 
  9. Babi,AZ (1987). "Feeding behaviour of red-wattled lapwing". Newsletter for Birdwatchers খণ্ড 27 (1–2): 15. http://www.archive.org/stream/NLBW27#page/n15/mode/1up. 
  10. Sharma, SK (1992). "Use of droppings of Indian Hare for nest making by Redwattled Lapwing". Newsletter for Birdwatchers খণ্ড 32 (7&8): 19. http://www.archive.org/stream/NLBW32_78#page/n19/mode/1up. 
  11. McCann, Charles (1941). "Curious nesting site of the Red-wattled Lapwing (Lobivanellus indicus indicus Bodd.)". J. Bombay Nat. Hist. Soc. খণ্ড 42 (2): 439–440. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]