বাৰ্তা:আমাজান নদী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমাজন নে আমাজান? আমাজন হে শুদ্ধ হ'ব নেকি। লগত দিয়া IPA-ইও তাকে কয়। প্রভাকৰ শৰ্মা নেওগ (talk) 11:55, 24 August 2015 (UTC)

US / æməzɒn/ or UK /ˈæməzən/; দুয়ো ক্ষেত্ৰতে 'এমাজন' হে বেছি ওচৰ চাপিব। — গীতাৰ্থ বৰদলৈ (talk) 14
02, 24 August 2015 (UTC)
US-এমাজন/ UK-আমাজন; কোনটো দিলে ভাল হ’ব?জলি বৰা (talk) 15:27, 25 August 2015 (UTC)
দুয়োটা আই পি এ মতে æ-ৰ উচ্চাৰণ short 'a' as in 'bad'। গতিকে 'এমাজন'। — গীতাৰ্থ বৰদলৈ (talk) 15:43, 25 August 2015 (UTC)

আমাজন (Amazon) দক্ষিণ আমেৰিকাৰ দীৰ্ঘতম (পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী) আৰু জলপ্ৰৱাহত পৃথিৱীৰ বৃহত্তম নদী । পশ্চিম প্ৰশান্ত মহাসাগৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ নিলগৰ এণ্ডিজ পৰ্বতমালাৰ উত্তৰ-পশ্চিমাংশৰ পৰা উত্পন্ন এই নদু পূবমুৱা হৈ বৈ গৈ বিষুৱৰেখাৰ ওচৰত আটলাণ্টিক মহাসাগৰত পৰিছে । নদীখনৰ দৈৰ্ঘ্য প্ৰায় ৫,৬৪০ কিলোমিটাৰ । আমাজন অৱবাহিকা অঞ্চলৰ কালি প্ৰায় ৭০,৪৫,০০০ বৰ্গ কিলোমিটাৰ; এই পৰিমাণ সমগ্ৰ দক্ষিণ আমেৰিকাৰ আধা । ৫০০-ৰো অধিক উপনদী আৰু শাখা নদীয়ে আমাজনক গঢ়ি তুলিছে । এইবোৰ নদীৰ জলপ্ৰৱাহে আমাজনক অতিশয় স্ফীত আৰু স্ৰোতস্বিনী কৰি তুলিছে । আমাজনৰ অৱবাহিকাৰ অধিকাংশ অঞ্চল বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আৰু বিষুৱীয় অঞ্চলৰ প্ৰবল বৃষ্টিপাতৰ কাৰণে এই নদীয়েদি প্ৰৱাহিত হয় পৃথিৱীৰ সকলোবোৰ নদীতকৈ বেছি জলৰাশি । নদীখনে প্ৰতি ছেকেণ্ডত ১,৮০,০০০ ঘন মিটাৰ পানী আটলাণ্টিকলৈ প্ৰৱাহিত কৰে । পৃথিৱী পৃষ্ঠত প্ৰৱাহিত মুঠ জলৰাশিৰ ২৫ শতাংশ আমাজনেদি প্ৰৱাহিত হয় । এই বিপুল জলৰাশি ইমান প্ৰবল বেগেৰে আটলাণ্টিকত প্ৰৱেশ কৰে যে নদীখনৰ মোহনাৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ পৰ্যন্ত সাগৰৰ পানী ঘোলা আৰু লুণীয়া হৈ থাকে ।

আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য (Rain Forest) । আমাজন বৰ্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল আছে । পৃথিৱীৰ প্ৰায় বিশ শতাংশতকৈও অধিক অক্সিজেন এই অঞ্চলতেই সৃষ্টি হয় । যাৰ ফলত ইয়াক "ধৰিত্ৰীৰ কলিজা" আখ্যা দিয়া হৈছে । এই বৰ্ষাৰণ্যত বাস কৰে বিশ্বৰ প্ৰায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ প্ৰাণী তথা পতংগৰ প্ৰজাতি । আমাজনত প্ৰায় ৪০ হাজাৰ প্ৰজাতিৰ গছ আৰু নদীত প্ৰায় ২,০০০ প্ৰজাতিৰ মাছ পোৱা যায় । বিশ্বত থকা উদ্ভিদ প্ৰজাতিৰ ৭০ শতাংশই এই অঞ্চলৰ । অৱশ্য বিগত দুটা দশকত পৃথিৱীত থকা বৰ্ষাৰণ্য সমূহ দ্ৰুতগতিত হ্ৰাস পাই আহিব লাগিছে । প্ৰতি ছেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বৰ্ষাৰণ্য ধ্বংস হৈ যায় । যাৰ ফলস্বৰুপে প্ৰতিদিনে আমি হেৰুৱাব লগা হৈছে ১৩৭ টাকৈ ভিন ভিন প্ৰজাতি । বিকৃত আধুনিকতাৰ ৰাগিত মত্ত হৈ মানৱ জাতিয়ে চলোৱা ধ্বংসযজ্ঞৰ ফলতেই বিগত দুটা শতিকাত আমি হেৰুৱাব লগীয়া হ'ল আঠ শতাংশতকৈও অধিক বৰ্ষাৰণ্য অঞ্চল । সমগ্ৰ পৃথিৱীতেই ব্যৱহৃত হৈ থকা প্ৰায় ১২০ বিধ ঔষধৰ গছ ইয়াত পোৱা যায় ।