সমললৈ যাওক

আমাজান নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাজান নদী
পেৰু দেশৰ ইণ্ডিয়ানাৰ কাষত আমাজান নদী
দেশসমূহ ব্ৰাজিল, কলম্বিয়া, পেৰু
উৎস এণ্ডিছ পৰ্বতমালা
 - অৱস্থান Nevado Mismi, Arequipa, পেৰু
 - উচ্চতা ৫,১৭০ মি (১৬,৯৬২ ফুট)
 - স্থানাঙ্ক 15°31′5″S 71°45′55″W / 15.51806°S 71.76528°W / -15.51806; -71.76528
মোহনা আটলাণ্টিক মহাসাগৰ
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 0°42′28″N 50°5′22″W / 0.70778°N 50.08944°W / 0.70778; -50.08944
দৈৰ্ঘ্য ৬,৪৩৭ কিমি (৪,০০০ মাইল) [1]
অৱবাহিকা ৭০,৫০,০০০ বৰ্গকিমি (২৭,২২,০০০ বৰ্গমাইল) [1]
প্ৰবাহ
 - গড় ২,০৯,০০০ ঘনমিটাৰ/ছেকেণ্ড (৭৩,৮১,০০০ ঘনফুট/ছেকেণ্ড) [2]
আমাজান নদী অৱবাহিকাৰ মানচিত্ৰ

আমাজান নদী (ইংৰাজী: Amazon River; /ˈæməzɒn/ বা /ˈæməzən/; স্পেনীছ আৰু পৰ্তুগীজ: Amazonas) দক্ষিণ আমেৰিকাত অৱস্থিত দীৰ্ঘতম (পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী) আৰু জলপ্ৰৱাহ (discharge)-ৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম নদী পৃথিৱীৰ সৰ্ববৃহৎ নদী। এই নদীৰ গড় জলপ্ৰৱাহ (discharge)-ৰ পৰিমাণ প্ৰতি ছেকেণ্ডত ২০৯,০০০ কিউবিক মিটাৰ, যি ইয়াৰ পিছতেই স্থান পোৱা সাতখন সৰ্ববৃহৎ নদীৰ মুঠ ক্ষৰণতকৈ বেছি। আমাজান অৱবাহিকা (basin) বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু ইয়াৰ কালি ৭০,৫০,০০০ বৰ্গ কিমি, এই পৰিমাণ সমগ্ৰ দক্ষিণ আমেৰিকাৰ আধা। ইয়াৰ ব্ৰাজিলৰ ভিতৰত থকা অংশটোৱে বিশ্বৰ অন্য সকলো অৱবাহিকাতকৈ ডাঙৰ। আমাজান নদীয়ে ব্ৰাজিলৰ মাজেৰে পাৰ হৈ গৈ আটলাণ্টিক মহাসাগৰত পৰিছেগৈ। পশ্চিম প্ৰশান্ত মহাসাগৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ নিলগৰ এণ্ডিছ পৰ্বতমালাৰ উত্তৰ-পশ্চিমাংশৰ পৰা উৎপন্ন এই নদু পূবমুৱা হৈ বৈ গৈ বিষুৱৰেখাৰ ওচৰত আটলাণ্টিক মহাসাগৰত পৰিছে। এক শেহতীয়া অধ্যয়ন অনুসৰি আমাজান বিশ্বৰ ভিতৰতে দীৰ্ঘতম নদী বুলিও প্ৰকাশ পাইছে।[3][4]

এই নদীৰ ৰিঅ’ নেগ্ৰ’ (Rio Negro)-ৰ সৈতে মিলিত হোৱাৰ পিছত ব্ৰাজিলত নাম Solimões। অৱশ্যে পেৰু, কলম্বিয়া, ইকুয়েডৰ আদিত এই নদীক আমাজান বুলিয়ে মতা হয়। প্ৰায় এটা শতিকা জুৰি Apurímac নামৰ নদীকে আমাজানৰ আটাইতকৈ দূৰৰ উৎস বুলি গণ্য কৰা হৈ আহিছিল যদিও ২০১৪ চনৰ এক গৱেষণা অনুসৰি Mantaro নামৰ অন্য এক নদীহে এইক্ষেত্ৰত আটাইতকৈ দূৰৰ উৎস হ’ব লাগে।[5] অৱশ্যে পানীৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি Marañón নদীকে আমাজানৰ মূল উৎস বুলি গণ্য কৰা হয়। আমাজানৰ ১,১০০ তকৈও অধিক উপনৈ আছে। ইয়াৰে ১৭খন উপনৈৰ দৈৰ্ঘ্য ১,৫০০ কিমিৰ অধিক। এই উপনদী সমূহৰ জলপ্ৰৱাহে আমাজনক অতিশয় স্ফীত আৰু স্ৰোতস্বিনী কৰি তুলিছে। আমাজনৰ অৱবাহিকাৰ অধিকাংশ অঞ্চল বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আৰু বিষুৱীয় অঞ্চলৰ প্ৰবল বৃষ্টিপাতৰ কাৰণে এই নদীয়েদি প্ৰৱাহিত হয় পৃথিৱীৰ সকলোবোৰ নদীতকৈ বেছি জলৰাশি। নদীখনে প্ৰতি ছেকেণ্ডত ১,৮০,০০০ ঘন মিটাৰ পানী আটলাণ্টিকলৈ প্ৰৱাহিত কৰে। পৃথিৱী পৃষ্ঠত প্ৰৱাহিত মুঠ জলৰাশিৰ ২৫ শতাংশ আমাজনেদি প্ৰৱাহিত হয়। এই বিপুল জলৰাশি ইমান প্ৰবল বেগেৰে আটলাণ্টিকত প্ৰৱেশ কৰে যে নদীখনৰ মোহনাৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ পৰ্যন্ত সাগৰৰ পানী ঘোলা আৰু লুণীয়া হৈ থাকে। আমাজনৰ প্ৰস্থ ঠেক অংশ ১০ কিমি আৰু বাৰিষা ই ৪৮ কিমি পৰ্যন্ত বহল হৈ পৰে। আটলাণ্টিক মহাসাগৰত মিলিত হোৱাৰ অংশত এই নদীৰ প্ৰস্থ ২৪০ কিমি। এই নদীৰ মুখ (mouth of the main stem) অংশ বহলে ৮০ কিমি।[6] আমাজানৰ বৃহদাকাৰৰ প্ৰতি লক্ষ্য কৰি এই নদীক "নদী সাগৰ" (The River Sea) বুলি কেতিয়াবা আখ্যা দিয়া হয়।

আমাজানৰ পাৰত অৱস্থিত আটাইতকৈ ডাঙৰ মহানগৰ হৈছে মেনাছ (Manaus)। ব্ৰাজিলৰ অন্তৰ্গত এই মহানগৰত প্ৰায় ১.৭ মিলিয়ন মানুহ বাস কৰে।[7] আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য (Rain Forest)। আমাজন বৰ্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল আছে। পৃথিৱীৰ প্ৰায় বিশ শতাংশতকৈও অধিক অক্সিজেন এই অঞ্চলতেই সৃষ্টি হয়। যাৰ ফলত ইয়াক "ধৰিত্ৰীৰ কলিজা" আখ্যা দিয়া হৈছে। এই বৰ্ষাৰণ্যত বাস কৰে বিশ্বৰ প্ৰায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ প্ৰাণী তথা পতংগৰ প্ৰজাতি। আমাজনত প্ৰায় ৪০ হাজাৰ প্ৰজাতিৰ গছ আৰু নদীত প্ৰায় ২,০০০ প্ৰজাতিৰ মাছ পোৱা যায়। বিশ্বত থকা উদ্ভিদ প্ৰজাতিৰ ৭০ শতাংশই এই অঞ্চলৰ। অৱশ্য বিগত দুটা দশকত পৃথিৱীত থকা বৰ্ষাৰণ্য সমূহ দ্ৰুতগতিত হ্ৰাস পাই আহিব লাগিছে। প্ৰতি ছেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বৰ্ষাৰণ্য ধ্বংস হৈ যায়। যাৰ ফলস্বৰূপে প্ৰতিদিনে আমি হেৰুৱাব লগা হৈছে ১৩৭ টাকৈ ভিন ভিন প্ৰজাতি। বিকৃত আধুনিকতাৰ ৰাগিত মত্ত হৈ মানৱ জাতিয়ে চলোৱা ধ্বংসযজ্ঞৰ ফলতেই বিগত দুটা শতিকাত আমি হেৰুৱাব লগীয়া হ'ল আঠ শতাংশতকৈও অধিক বৰ্ষাৰণ্য অঞ্চল। সমগ্ৰ পৃথিৱীতেই ব্যৱহৃত হৈ থকা প্ৰায় ১২০ বিধ ঔষধৰ গছ ইয়াত পোৱা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Ziesler, R.; Ardizzone, G.D. (1979). "Amazon River System". The Inland waters of Latin America. Food and Agriculture Organization of the United Nations. ISBN 92-5-000780-9. Archived from the original on 8 November 2014. https://web.archive.org/web/20141108152358/http://www.fao.org/docrep/008/ad770b/AD770B05.htm. 
  2. Seyler, Patrick; Laurence Maurice-Bourgoin. "Hydrological Control on the Temporal Variability of Trace Element Concentration in the Amazon River and its Main Tributaries". Geological Survey of Brazil (CPRM). Archived from the original on 21 July 2011. https://web.archive.org/web/20110721224824/http://www.cprm.gov.br/pgagem/Manuscripts/seylerp.htm। আহৰণ কৰা হৈছে: 24 July 2010. 
  3. Tom Sterling: Der Amazonas. Time-Life Bücher 1979, 7th German Printing, p. 19
  4. Smith, Nigel J.H. (2003). Amazon Sweet Sea: Land, Life, and Water at the River's Mouth. University of Texas Press. পৃষ্ঠা. 1–2. ISBN 978-0-292-77770-5. https://books.google.com/books?id=SywgnV96puYC&pg=PA1. 
  5. doi:10.1111/area.12069
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  6. Amazon (river) (2007 ed.). Microsoft Encarta Online Encyclopedia. Archived from the original on 10 August 2007. Retrieved 12 August 2007. 
  7. http://www.sciencekids.co.nz/sciencefacts/earth/amazonriver.html

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]