বাৰ্তা:ৰামকুইৱাংবে জেমে নিউমে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামৰ বানান[সম্পাদনা কৰক]

ৰামকুইয়াংবে জেমীহে প্ৰকৃত নাম হ’ব লাগে৷ চাবচোন৷ Pranamikaadhikary (বাৰ্তা) 18:38, 13 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বঁটা প্ৰাপ্তিৰ সময়ত প্ৰতিদিন কাকতত প্ৰকাশ হোৱা বাতৰি চাই নামটো লিখা হৈছিল। ইচ্ছা কৰিলে সলাই দিব পাৰিব। কিন্তু, প্ৰৱন্ধটোত দিয়া লিংকত নামটো ৰামকুইৱাংবে জেনি বুলিয়েই লিখা আছে। JyotiPN (বাৰ্তা) 03:45, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
হয়, মই দেখিছোঁ৷ কিন্তু ব্যক্তিগতভাবে তেওঁক জানো বাবে ক’লোঁ৷ মই অধিক সূত্ৰ সন্ধান কৰি শুদ্ধ নামটো যোগ কৰি দিম৷ আশাকৰোঁ বেয়া নাপায়৷ Pranamikaadhikary (বাৰ্তা) 13:42, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বেয়া পোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। আশাকৰোঁ অধিক তথ্য গোট খাব। JyotiPN (বাৰ্তা) 13:55, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
তেখেতৰ উপাধি বেলেগ বেলেগ উৎসত বেলেগ ধৰণে পাইছোঁ। যেনে Newme, Jene, Jeme ইত্যাদি। মোৰ বোধেৰে তেখেতৰ প্ৰবন্ধত এটা শাৰী যোগ কৰি গোটেইকেইটা নাম উল্লেখ কৰি আদি নামেৰে জনাজাত বুলি লিখিব পাৰি। প্ৰবন্ধটোৰ শিৰোনাম ভাৰত চৰকাৰৰ চৰকাৰী বিবৃত্তি, পদ্মশ্ৰী লাভ কৰা ব্যক্তিৰ আধিকাৰীক তালিকা আৰু অসম চৰকাৰৰ সম্বৰ্ধনা পত্ৰবোৰত জেনে (Jene) বুলি উল্লেখ থকা বাবে তেনেকৈ ৰখাৰ প্ৰস্তাৱ আগবঢ়ালোঁ।- অজয়  কথা-বতৰা 14:40, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ব্যক্তিগতভাবে মই তেখেতক জানো৷ নগা সম্প্ৰদায়ৰ লোক৷ হাফলঙৰ লোডী বস্তিত ঘৰ৷ মোৰ পিতৃৰ বন্ধু আছিল৷ সেয়েহে কৈছোঁ৷ নগাসকলৰ নিউমে, কুৱামে আদি জেমী সম্প্ৰদায়ৰ ভিন্ন গোট৷ কোনোৱে উল্লেখ কৰে, কোনোৱে নকৰে৷ কিন্তু জেনি শুদ্ধ নহয়৷ বাতৰি কাকতত সেইটো ভুলকৈ ওলাইছে৷ তথ্য সংগ্ৰহৰ চেষ্টা কৰিম৷ ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 14:58, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাৰত চৰকাৰৰ বিবৃতিতো তেনেকৈ প্ৰকাশ হোৱাটো দুৰ্ভাগ্যজনক৷ Pranamikaadhikary (বাৰ্তা) 15:00, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাৰত চৰকাৰৰ বিবৃত্তিটোত ‘জেনি’ লিখা আছে যদিও একেটা ৱেবছাইটৰে পিডিএফ ডকুমেণ্টত ‘জেমী’ আছে। গতিকে বিবৃত্তিটোত বানান ভুল হৈ আছে বুলি ক’ব পাৰি। দিব্য দত্ত (বাৰ্তা) 17:12, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বৰ ভাল লাগিল৷ আশাকৰোঁ পৃষ্ঠাটোৰ বাবে যথেষ্ট সমলো সংযুক্ত কৰিব পাৰিব৷ প্ৰকৃত তথ্য উদ্ধাৰ কৰা বাবে আপোনাক অশেষ ধন্যবাদ @দিব্য দত্ত Pranamikaadhikary (বাৰ্তা) 17:39, 14 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱিকিপিডিয়াৰ এই লিংককেইটা খুলি চাই নামৰ বানান জেমে কৰা হ'ল। লগতে পুৰস্কাৰ প্ৰদান কৰা অনুষ্ঠানৰ ঘোষকৰ ঘোষণা অনুসৰি নিউমে যোগ দিয়া হ'ল।
  1. en:Zeme people
  2. bn:জেমে জাতি
  3. hi:ज़ेमे लोग
JyotiPN (বাৰ্তা) 05:00, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সাধাৰণতে ফেচবুক, টিক-টক, ইউ-টিউব আদি সামাজিক মাধ্যমৰ সমলসমূহ “User-generated content” (WP:UGC) বুলি গণ্য কৰা হয়। লগতে এনে সমলসমূহত কপিৰাইটৰ সমস্যাও থাকে। এই পৃষ্ঠাতেই যোগ কৰা ভিডিঅ’টো ক’ৰবাৰ পৰা কপি কৰি ফেচবুক পৃষ্ঠাটোত আপলোড কৰা হৈছে। গতিকে এনে উৎসৰ তথ্যসূত্ৰ যোগ নকৰাই ভাল। দিব্য দত্ত (বাৰ্তা) 05:56, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
হয়। মুল অনুষ্ঠানৰ ঘোষণা আছিল বাবে, উচ্চাৰণত সহায়ক হ'ব বুলি ফেচবুক লিংকটো দিছিলোঁ। আঁতৰাই দিলোঁ। JyotiPN (বাৰ্তা) 06:58, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]