বেগম ঐজাজ ৰচুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বেগম ঐজাজ ৰচুল
ভাৰতৰ সংবিধান সভাৰ সদস্য
কাৰ্যকাল
৯ ডিচেম্বৰ ১৯৪৬ – ২৪ জানুৱাৰী ১৯৫০
ব্যক্তিগত তথ্য
জন্ম
বেগম চাহিবা কোডছিয়া

২ এপ্ৰিল, ১৯০৯
লাহোৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১ আগষ্ট, ২০০১ (৯২ বছৰ)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ৰাজনীতিবিদ, লেখক, সমাজকৰ্মী
প্ৰখ্যাত ভাৰতৰ সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য
পুৰস্কাৰ পদ্মভূষণ, ২০০০

বেগম কোডছিয়া ঐজাজ ৰচুল (ইংৰাজী: Begum Qudsia Aizaz Rasul, ৪ এপ্ৰিল ১৯০৮ – ১ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য আছিল।[1] ২০০০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০৯ চনৰ ২ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ লাহোৰত বেগম চাহিবা কোডছিয়া হিচাপে বেগম ঐজাজ ৰচুলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ছাৰ জুল্ফিকাৰ আলী খান আৰু মাতৃ মাহমুডা চুলতানা। তেওঁৰ দেউতাক ছাৰ জুল্ফিকাৰ পঞ্জাব মালেৰকোটলা ৰাজকীয় ৰাজ্যৰ শাসক পৰিয়ালৰ সমক্ষৰ শাখাৰ অন্তৰ্ভুক্ত আছিল। তেওঁৰ মাতৃ মাহমুডা চুলতান লোহাৰুৰ নবাব আল্লাউদ্দিন আহমেদ খানৰ কন্যা আছিল।

১৯২৯ চনত হাৰদৈ জিলাৰ সণ্ডিলাৰ তালুকদাৰ নৱাব ঐজাজ ৰচুল সৈতে বেগম ঐজাজ ৰচুলৰ বিবাহ সম্পন্ন হৈছিল। তেওঁলোকৰ বিবাহ ছাৰ ম্যালকম হেইলিয়ে ব্যৱস্থা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল। বিয়াৰ দুবছৰ পিছত কোডচিয়া ১৪ বছৰ বয়সত অৰ্থাৎ ১৯৩১ চনত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। এই ঘটনাৰ কিছু সময় পিছত তেওঁৰ শাহু-শহুৰে আহি তেওঁক সণ্ডিলালৈ লৈ গৈছিল। তেওঁ মৃত্যুৰ লৈকে ইয়াতেই থাকিছিল। সণ্ডিলাত কোডচিয়াক তেওঁৰ স্বামীৰ নামৰ পিছত "বেগম ঐজাজ ৰচুল" বুলি সম্বোধন কৰা হৈছিল আৰু পিছলৈ এই নামৰ দ্বাৰা তেওঁ সকলো ৰাজহুৱা ৰেকৰ্ডত জনাজাত হয়।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ভাৰত চৰকাৰ আইন ১৯৩৫ প্ৰণয়নৰ লগে লগে ৰচুল দম্পতীহালে মুছলিম লীগত যোগদান কৰে আৰু নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৩৭ চনৰ নিৰ্বাচনত তেওঁ কেইগৰাকীমান মহিলাৰ ভিতৰত এগৰাকী আছিল যিয়ে সফলতাৰে অসংৰক্ষিত আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইউনাইটেড প্ৰভিন্স বিধানসভালৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫২ চনলৈকে তেওঁ এই সদস্যপদত অধিষ্ঠিত আছিল। তেওঁ ১৯৩৭ চনৰ পৰা ১৯৪০ চনলৈ তেওঁ পৰিষদৰ উপ-সভাপতিৰ দায়িত্বত আছিল আছিল আৰু ১৯৫০ চনৰ পৰা ১৯৫২ লৈ পৰিষদত বিৰোধী নেতা পদত আছিল। এই পদবী লাভ কৰা তেওঁ ভাৰতৰ প্ৰথম মহিলা আৰু বিশ্বৰ প্ৰথম মুছলিম মহিলা আছিল। পাৰিবাৰিক পটভূমি হোৱাৰ স্বত্বেও তেওঁ জামীদাৰী বিলোপৰ প্ৰতি তেওঁৰ শক্তিশালী সমৰ্থনৰ বাবে জনাজাত আছিল। তেওঁ ধৰ্মৰ ওপৰত আধাৰিত পৃথক নিৰ্বাচন ক্ষেত্ৰৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল।

১৯৪৬ চনত তেওঁ ভাৰতৰ গণসভালৈ নিৰ্বাচিত হয় আৰু অৱশেষত যোগদান কৰা ২৮ গৰাকী মুছলিম লীগৰ সদস্যৰ ভিতৰত অন্যতম আছিল। তেওঁ বিধানসভাৰ একমাত্ৰ মুছলমান মহিলা আছিল। ১৯৫০ চনত ভাৰতৰ মুছলিম লীগ ভংগ হয় আৰু বেগম ঐজাজ ৰচুলে কংগ্ৰেছত যোগদান কৰে। তেওঁ ১৯৫২ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৬৯ চনৰ পৰা ১৯৮৯ লৈ উত্তৰ প্ৰদেশ বিধান সভাৰ সদস্য আছিল।

১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈ তেওঁ সমাজ কল্যাণ আৰু সংখ্যালঘু মন্ত্ৰী আছিল। ২০০০ চনত সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক পদ্মভূষণ প্ৰদান কৰা হৈছিল।[2]

সংবিধান সভাত ভূমিকা[সম্পাদনা কৰক]

দেশ বিভাজনৰ পিছত মুছলিম লীগৰ মাত্ৰ কেইজনমান সদস্যই ভাৰতৰ সংবিধান সভাত যোগদান কৰিছিল। বেগম ঐজাজ ৰচুল প্ৰতিনিধি দলৰ উপনেতা আৰু সংবিধান সভাত বিৰোধী দলৰ উপনেতা নিৰ্বাচিত হৈছিল। মুছলিম লীগ দলৰ নেতা চৌধুৰী খালিকুজমান পাকিস্তানলৈ ৰাওনা হোৱাৰ পিছত বেগমে তেওঁৰ পদবী লাভ কৰে আৰু সংখ্যালঘু অধিকাৰ খচৰা উপকমিটিৰ সদস্য হৈছিল।

মুছলমান নেতৃত্বৰ মাজত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সংৰক্ষিত আসনৰ দাবী স্বেচ্ছায় ত্যাগ কৰিবলৈ সহমত সৃষ্টি কৰাত বেগম ঐজাজ ৰচুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খচৰা সমিতিৰ সংবিধানসভাত সংখ্যালঘুসকলৰ অধিকাৰ সম্পৰ্কীয় আলোচনাৰ সময়ত তেওঁ মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচন ক্ষেত্ৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ এই ধাৰণাক 'এক আত্ম-ধ্বংসাত্মক অস্ত্ৰ' বুলি উদ্ধৃত কৰিছিল আৰু সংখ্যালঘুসকলক সকলো সময়ৰ বাবে সংখ্যাগৰিষ্ঠতাৰ পৰা পৃথক কৰে বুলি উল্লেখ কৰিছিল। ১৯৪৯ চনৰ ভিতৰত পৃথক নিৰ্বাচন ক্ষেত্ৰ বিচৰা মুছলমান সদস্যসকলে বেগমৰ কথা মানি লয়।[3]

ক্ৰীড়া পৃষ্ঠপোষকতা[সম্পাদনা কৰক]

তেওঁ ২০ বছৰৰ বাবে ভাৰতীয় মহিলা হকী ফেডাৰেচনৰ অধ্যক্ষ আছিল আৰু এছিয়ান মহিলা হকী ফেডাৰেচনৰ অধ্যক্ষ পদো অলংকৃত কৰিছিল। ভাৰতীয় মহিলা হকী কাপ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। খেলৰ প্ৰতি তীব্ৰ আগ্ৰহ বজাই ৰাখি তেওঁ আনকি ১৯৫২ চনৰ ৰাষ্ট্ৰপতি একাদশ বনাম প্ৰধানমন্ত্ৰীৰ একাদশ প্ৰীতি খেলৰ বাবে বেটিং কৰিবলৈ পুৰুষৰ বগা সাজ পৰিধান কৰিছিল।[4]

সাহিত্য[সম্পাদনা কৰক]

এগৰাকী বহুলভাবে ভ্ৰমণ কৰা ব্যক্তি হিচাপে তেওঁ ১৯৫৩ চনত জাপানলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা প্ৰতিনিধি দল আৰু ১৯৫৫ চনত তুৰস্কলৈ ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ সদস্য আছিল। তেওঁৰ সাহিত্যৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। তেওঁ 'থ্ৰি উইকছ ইন জাপান' কিতাপখন ৰচনা কৰিছিল আৰু বিভিন্ন বাতৰি কাকত আৰু আলোচনীত লিখা-মেলা কৰিছিল। তেওঁৰ আত্মজীৱনীখন হৈছে 'পাৰদা টু পাৰ্লিয়ামেণ্ট: এ মুছলিম ৱমেন ইন ইণ্ডিয়ান পলিটিক্স' (পৰ্দাৰ পৰা সংসদলৈ: ভাৰতীয় ৰাজনীতিত এগৰাকী মুছলমান মহিলা)।[5]

তথ্য উৎস[সম্পাদনা কৰক]