ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১  
লেখক ভি. বিজয়েন্দ্ৰ প্ৰসাদ
কুলপ্ৰীত যাদৱ
প্ৰচ্ছদ শিল্পী কিৰণ মালিক
দেশ ভাৰত
ভাষা ইংৰাজী
প্ৰকাৰ উপন্যাস
প্ৰকাশক হাৰ্পাৰ কলিনছ্
প্ৰকাশ ৩০ মে', ২০২৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ, কিণ্ডল
পৃষ্ঠা সংখ্যা ২০২
আই.এচ.বি.এন. 978-93-5699-052-4

ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১ (ইংৰাজী: Brahmaputra: The Ahom Son Rises -1) ঐতিহাসিক কাহিনী আধাৰিত ইংৰাজী ভাষাৰ এখন উপন্যাস। উপন্যাসৰ লেখকদ্বয় হৈছে কুলদীপ যাদৱ আৰু এছ এছ ৰাজামৌলীৰ পিতৃ তথা ৰাজ্যসভাৰ সাংসদ বিজয়েন্দ্ৰ প্ৰসাদ। বিজয়েন্দ্ৰ প্ৰসাদে আৰআৰআৰ চলচ্চিত্ৰৰ চিত্ৰনাট্যও ৰচনা কৰিছিল। এই উপন্যাসখন সপ্তদশ শতিকাৰ অসমৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। এই গ্ৰন্থখন ২০২৩ চনত হাৰ্পাৰ কলিনছে প্ৰকাশ কৰি উলিয়ায়।[1][2] গ্ৰন্থখনৰ প্ৰচ্ছদসজ্জা কিৰণ মালিকৰ।

পটভূমি[সম্পাদনা কৰক]

উপন্যাসখন মুঠ দহটা অধ্যায়ত বিভক্ত। লাচিত বৰফুকন উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। সপ্তদশ শতিকাত তাকৰীয়া সৈন্য আৰু নৌকাৰে লাচিত বৰফুকনে কেনেদৰে প্ৰৱল প্ৰতাপী ঔৰংগজেৱৰ মোগল বাহিনীক পৰাভূত কৰিছিল সেই বিষয়ে উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ অসমৰ দৰে এখন সৰু ৰাজ্যই কিদৰে মোগলক যুদ্ধত হৰুৱাইছিল এই কথাকো ইয়াত ব্যাখ্যা কৰা হৈছে।[3]

লাচিত বৰফুকন আহোম ৰাজ্যৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ কন্যা ৰাজকুমাৰী পদ্মিনীৰ প্ৰেমত পৰে। কিন্তু জয়ধ্বজ সিংহই এই কথাৰ সম্ভেদ পাই লাচিতক ৰাজধানী যোৰহাটৰ পৰা বাহিৰ কৰি পঠিয়ায়। কিছুদিন পিছত আহোম ৰাজধানীত ঔৰংজেৱে সসৈন্যে আক্ৰমণ কৰে। ৰজাই যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে আৰু ইয়াৰ ফলত তেওঁৰ ৰাজ্যৰ নিয়ন্ত্ৰণ কিছু পৰিমাণে মোগলৰ হাতলৈ যায়। লাচিত আৰু তেওঁৰ প্ৰিয় বন্ধু ৰাজকুমাৰ চক্ৰধ্বজে সন্ধিৰ চৰ্ত অপমানজনক হিচাপে গণ্য কৰে। আহোমৰ প্ৰতি আনুগত্যশীল এখন ৰাজ্যৰ এজন ৰাজকুমাৰে আন সৰু সৰু ৰাজ্যবোৰক বিপথে পৰিচালিত কৰি যোৰহাট আক্ৰমণ কৰাৰ লগে লগে কিছুদিনৰ ভিতৰতে তেওঁলোকৰ বিপদ বাঢ়ি যায়। লাচিত আৰু ৰাজকুমাৰ চক্ৰধ্বজে ৰাজধানী ৰক্ষা কৰাৰ সময়ত এই যুদ্ধই আহোম ৰাজ্যৰ ভৱিষ্যত চিৰদিনৰ বাবে সলনি কৰিব পাৰে।[4]

প্ৰকাশ[সম্পাদনা কৰক]

উপন্যাসখন ভাৰতত ২০২৩ চনৰ ৩০ মে'ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনলাইন বিপণীসমূহতো গ্ৰন্থখন বিক্ৰীৰ বাবে উপলব্ধ হৈ পৰে। উপন্যাসখনৰ সূচনা সন্দৰ্ভত ডেক্কান ক্ৰনিকলৰ সৈতে ২০২৩ চনৰ মে' মাহত হোৱা এক সাক্ষাৎকাৰত ইয়াৰ দুই লেখকৰ অন্যতম কুলপ্ৰীত যাদৱে কয়,

হায়দৰাবাদত উপস্থিত হোৱাৰ আগতে মই টুইট কৰিছিলো যে মই এসপ্তাহ চহৰত থাকিম আৰু যদি কোনো প্ৰযোজক/লেখক/পৰিচালকে মোক লগ কৰিব বিচাৰে তেন্তে মই বহুত সুখী হম। মুম্বাইত থকা মোৰ এজন বন্ধু জয়দীপ সেন নামৰ এজন পৰিচালকে মোৰ টুইটটো দেখি বিজয়েন্দ্ৰ প্ৰসাদ জীক ফোন কৰিলে। পিছত জয়দীপে ফোন কৰি নিজৰ নম্বৰটো শ্বেয়াৰ কৰিলে। বিজয়েন্দ্ৰ ছাৰক ফোন কৰিলোঁ আৰু তেওঁ বৰ আদৰ-সাদৰ কৰাবিধৰ আছিল। পিছদিনা আমি লগ হৈছিলোঁ আৰু দীঘলীয়া কাহিনীটো চুটিকৈ ক’বলৈ গ’লে এতিয়া ১৫ মাহৰ পাছত কিতাপখন মুক্তি পাবলৈ মাত্ৰ কেইদিনমান বাকী।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]