সমললৈ যাওক

চ্যু-পং-মু'ঙ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যু-পুং-মু'ঙৰ পৰা পুনঃনিৰ্দেশিত)
চাওফা চ্যু-পুং-মুং
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫
চাওফা

ৰাজত্ব ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক)
অভিষেক ১৬৬৩
উত্তৰাধিকাৰী চুন্যৎফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-পুং-মুং
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
১চ্যু-কা-ফা১২২৮–১২৬৮
২চুতেওফা১২৬৮–১২৮১
৩চুবিণ্‌ফা১২৮১–১২৯৩
৪চুখাংফা১২৯৩–১৩৩২
৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪
শাসক নাই১৩৬৪–১৩৬৯
৬চুতুফা১৩৬৯–১৩৭৬
শাসক নাই১৩৭৬–১৩৮০
৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯
শাসক নাই১৩৮৯–১৩৯৭
৮চুডাংফা১৩৯৭–১৪০৭
৯চুজান্‌ফা১৪০৭–১৪২২
১০চুফক্‌ফা১৪২২–১৪৩৯
১১চুচেনফা১৪৩৯–১৪৮৮
১২চুহেনফা১৪৮৮–১৪৯৩
১৩চুপিম্‌ফা১৪৯৩–১৪৯৭
১৪চুহুন্মুং১৪৯৭–১৫৩৯
১৫চুক্লেণমুং১৫৩৯–১৫৫২
১৬চুখাম্‌ফা১৫৫২–১৬০৩
১৭চুচেংফা১৬০৩–১৬৪১
১৮চুৰাম্‌ফা১৬৪১–১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮
২০চুতাম্লা১৬৪৮–১৬৬৩
২১চুপংমুং১৬৬৩–১৬৭০
২২চুন্যৎফা১৬৭০–১৬৭২
২৩চুক্লমফা১৬৭২–১৬৭৪
২৪চুহুংফা১৬৭৪–১৬৭৫
২৫গোবৰ ৰজা১৬৭৫–১৬৭৫
২৬চুজিন্‌ফা১৬৭৫–১৬৭৭
২৭চুদৈফা১৬৭৭–১৬৭৯
২৮চুলিক্‌ফা১৬৭৯–১৬৮১
২৯চুপাতফা১৬৮১–১৬৯৬
৩০চুখ্ৰংফা১৬৯৬–১৭১৪
৩১চুতণফা১৭১৪–১৭৪৪
৩২চুণেণফা১৭৪৪–১৭৫১
৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯
৩৪চুণ্যেউফা১৭৬৯–১৭৮০
৩৫চুহিত্পংফা১৭৮০–১৭৯৫
৩৬চুক্লিংফা১৭৯৫–১৮১১
৩৭চুদিংফা১৮১১–১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯
৩৯চুদিংফা১৮১৯–১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চাওফা চ্যু-পুং-মুং (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: Supungmung) বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি।[1] ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে[2] আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।[3]

উল্লেখনীয় কাৰ্য আৰু ঘটনা

[সম্পাদনা কৰক]

নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযান

[সম্পাদনা কৰক]

১৬৬৫ চনত বানচঙ্গীয়া (নক্টে) নগা আৰু বানফেৰা নগাসকলৰ মাজত বিবাদ হোৱাত বানফেৰা নগাসকলে আহোম ৰজাৰ সহায় ভিক্ষা কৰে। তেতিয়া চুপুংমুঙে এদল সৈন্য পঠিয়াই বানচঙ্গীয়া নগাসকলক দমন কৰে। এক সময়তে মিৰিবিলাকে আহোম ৰাজ্যৰ ভিতৰ সোমাই লুটপাট কৰাত তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলোৱা হয় আৰু মিৰিসকল পলাই যায়।[2]

মোগলৰ সৈতে সংঘৰ্ষ

[সম্পাদনা কৰক]

চক্ৰধ্বজ সিংহৰ নিৰ্দেশত ১৬৬৭ চনৰ আগষ্টত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হয়। মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন এই অভিযানৰ সেনাপতি[4] আছিল আৰু তেওঁৰ নেতৃত্বত অসমীয়া সেনাই কাজলি, বাঁহবাৰী, গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰে।[5][6] শিলঘাটত থকা এটা কামানৰ ওপৰত সংস্কৃতেৰে লিখা আছে যে "১৬৬৭ খৃঃত চক্ৰধ্বজ সিংহই মুছলমান সকলক পৰাস্ত কৰি এই অস্ত্ৰ পাইছিল। শত্ৰু নিধনকাৰী বুলি ইয়েই তেওঁৰ গৌৰৱ ঘোষণা কৰে। "[2]

১৬৬৭ চনৰ ডিচেম্বৰত আহোমে গুৱাহাটী লোৱাৰ বাৰ্তা পাই ঔৰংজেৱে ৰামসিংহৰ সেনাপতিত্বত ডাঙৰ ফৌজ এটা অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়।[4] ১৬৬৯ চনৰ আগষ্টত হোৱা আলাবৈৰ যুদ্ধৰ কিছুমাহ পিচতে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।[2]

১৬৭০ চনৰ[6] এপ্ৰিলত অসম-মোগলৰ যুদ্ধ চলি থকা কালতে চুপুংমুঙৰ মৃত্যু ঘটে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩, ২৫ মাৰ্চ, ২০১৩
  2. 1 2 3 4 অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এলবিএছ পাব্লিকেশ্যন, পৃষ্ঠা ২৫২-২৬১, ২৫ মাৰ্চ, ২০১৩
  3. ↑ Assam General Knowledge. Bright Publications. পৃষ্ঠা. 30–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA30। আহৰণ কৰা হৈছে: 25 March 2013.
  4. 1 2 3 লাচিত বৰফুকন (১৯৯০ চন), ড॰ সূৰ্য্যকুমাৰ ভূঞা, অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা ২৫, ৭০, আহৰণ: ২৫ মাৰ্চ, ২০১৩
  5. ↑ "History of Assam". http://www.assamtourism.org/history.php। আহৰণ কৰা হৈছে: ২৫ মাৰ্চ, ২০১৩.
  6. 1 2 Col Ved Prakash (1 January 2007). Encyclopaedia Of North-east India Vol# 1. Atlantic Publishers & Dist. পৃষ্ঠা. 194–. ISBN 978-81-269-0703-8. http://books.google.com/books?id=Ic4UCdaxbHIC&pg=PA194। আহৰণ কৰা হৈছে: 25 March 2013.