ভদৰৱাহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bhadarwahi
𑚡𑚛𑚶𑚤𑚦𑚭𑚩𑚯 भद्रवाही بَھڈلاَئ

Bhadarwahi written in Takri, Devanagari and Urdu scripts
থলুৱা অঞ্চল Jammu and Kashmir, Himachal Pradesh
অঞ্চল Bhaderwah, Doda district
জাতীয়তা Bhaderwahis
স্থানীয় ভাষিক
সাঁচ:Sigfig (2011)e22
ভাষা পৰিয়াল
উপভাষা *Bhalesi
  • Padri
  • Bhadrawahi proper
  • Khasali dialect
লিখন প্ৰণালী Devanagari, Takri, Nastaliq
ভাষা সংকেত
ISO 639-3 bhd

ভদৰৱাহী বা ভদ্ৰৱাহী এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা ঘাইকৈ জম্মু আৰু কাশ্মীৰভদৰৱাহ বা ভদ্ৰকাশী অঞ্চলত ব্যৱহাৰ কৰা হয়।

ভদৰৱাহী শব্দই ঠেক অৰ্থত ভদৰৱাহ অঞ্চলত কথিত ভিড়লাঈ উপভাষাক বুজাব পাৰে। কিন্তু বহল অৰ্থত, ই তাৰ উপৰিও মুখ্য ভদৰৱাহীৰ সৈতে সম্বন্ধ ৰখা অন্যান্য উপভাষাকো সামৰা সেই গোটক বুজাব পাৰে যি সেই অঞ্চলত কথিত য'ত মানক ভদৰৱাহী এক সংযোগী ভাষা। ভদৰৱাহীৰ উপৰিও এই গোটক পাডৰী বা ভলেসী নামেৰেও জনা যায়।[1] চুৰাহী ভাষা এই ভাষাৰ সৈতে সম্বন্ধিত।

ভদৰৱাহীক টাকৰী লিপিত এনেদৰে লিখা হয়: 𑚡𑚛𑚤𑚦𑚭𑚩𑚯। তাৰ অন্য ৰূপ হ'ল ভদেৰৱাহী (𑚡𑚛𑚲𑚤𑚦𑚭𑚩𑚯),[2] ভদেৰৱালী (𑚠𑚛𑚲𑚤𑚦𑚭𑚥𑚯), ভদৰী (𑚡𑚛𑚤𑚯), ভদৰোহী (𑚠𑚛𑚶𑚤𑚴𑚩𑚯), ভদলয়ী (𑚡𑚛𑚥𑚭𑚣𑚯) আৰু ভদলঈ (𑚡𑚛𑚥𑚭𑚃)।

স্থিতি[সম্পাদনা কৰক]

এই ভাষাক অনেকে পাহাড়ীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষাক ডোগ্ৰীৰ উপভাষা জ্ঞান কৰে।[3] এই ভাষাটোৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে, এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল ভদৰৱাহী অভিভাৱকে নিজৰ শিশুক এই ভাষা মাতৃভাষা হিচাপে নিশিকোৱা হৈছে, যাৰ ফলত এই ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে। এই ভাষাৰ স্থান লৈছে কাশ্মিৰী, হিন্দী আৰু উৰ্দু ভাষায়।[4]

উল্লেখযোগ্য কৰ্ম[সম্পাদনা কৰক]

চাৰাজী আৰু ভদৰৱাহী ভাষাক উৎসাহ যোগাবলৈ চেনাব টাইমছত এই দুই ভাষাতো দৈনিক বাতৰিৰ শিৰোনাম প্ৰদৰ্শন কৰা হয়।[5][6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

উৎসসমূহ[সম্পাদনা কৰক]