ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূজ : দ্য প্ৰাইড অৱ ইণ্ডিয়া

আনুষ্ঠানিকভাৱে মুক্তিৰ বেনাৰ
পৰিচালক অভিষেক দুধাইয়া
ৰচনা অভিষেক দুধাইয়া
ৰামান কুমাৰ
ৰীতেশ শাহ
পূজা ভোবোৰিয়া
প্ৰযোজক ভূষণ কুমাৰ
জিনি খানুজা
কৃষাণ কুমাৰ
কুমাৰ মাঙ্গাত পাঠক
বাণী সংভি
বাজীৰ সিং
অভিষেক দুধাইয়া
অভিনয়ত অজয় দেৱগন
সঞ্জয় দত্ত
শৰদ কেলকৰ
সোনাক্ষী সিন্‌হা
আমি ভিৰ্ক
প্ৰণিতা সুভাষ
নোৰা ফতেহি
ইহানা ধিল্লোন
চিত্ৰগ্ৰহণকাৰী অসীম বাজাজ
সম্পাদনা ধৰ্মেন্দ্ৰ শৰ্মা
সংগীত পৰিচালক স্কোৰ:
অমৰ মহিলে
গীত:
তানিষ্ক বাগচী
গৌৰৱ দাসগুপ্তা
লীজো জৰ্জ - ডিজে চেটাজ(Lijo George - Dj Chetas)
অৰ্ক
বিপীন পাটৱা
প্ৰযোজনা
কোম্পানী
টি-চিৰিজ
অজয় দেৱগন এফফিল্মছ্‌
চিলেক্ট মেডিয়ে হল্ডিংছ্‌ এলএলপি (Select Media Holdings LLP)
পৰিবেশক ডিজনী+হটষ্টাৰ
মুক্তি
১৩ আগষ্ট ২০২১ (2021-08-13)
দৈৰ্ঘ্য
১১৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া (ইংৰাজী: Bhuj: The Pride of India) অভিষেক দুধাইয়াৰ দ্বাৰা পৰিচালিত ২০২১ চনৰ ঐতিহাসিক যুদ্ধ সম্বন্ধীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ।[1] চলচ্চিত্ৰখন ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰ, যিখন তেতিয়াৰ ভূজ বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত আইএএফ স্কোয়াড্ৰন লিডাৰ বিজয় কাৰ্ণিকৰ আধাৰত নিৰ্মিত; যিয়ে তেওঁৰ দলৰ লগতে মাধাপাৰ গাঁৱৰ স্থানীয় ৩০০ গৰাকী মহিলাৰ সহযোগত আইএএফ এয়াৰবেচ পুনৰ নিৰ্মাণ কৰিছিল।[2] চলচ্চিত্ৰখনত বিজয় কৰণিকৰ চৰিত্ৰত অজয় দেৱগন লগতে সঞ্জয় দত্ত, সোনাক্ষী সিনহা, নোৰা ফতেহি, শৰদ কেলকৰ, আমি ভাৰ্ক, প্ৰণিতা সুভাষ আৰু ইহানা ধিল্লোনে অভিনয় কৰিছে।[3]

২০১৯ চনৰ জুনত হায়দৰাবাদ, কাঁচ, ভূপাল, ইন্দোৰ, লক্ষ্ণৌ, মুম্বাই, কলকাতা, ডুবাই আৰু গোৰগাঁৱৰ ওচৰত মূল চিত্ৰগ্ৰহণ আৰম্ভ কৰে। চলচ্চিত্ৰখনৰ ৯০% কাম সম্পূৰ্ণ হোৱাৰ পিছতে ভাৰতত ক'ভিড-১৯ মহামাৰী লকডাউনৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰডাকচন বন্ধ ৰাখিবলগীয়া হয়। অজয় দেৱগনে হায়দ্ৰাবাদৰ পৰা ২০২০ চনৰ ২২ নৱেম্বৰত পুনৰ চলচ্চিত্ৰখনৰ কাম আৰম্ভ কৰে আৰু ২০২১ চনৰ মাৰ্চ মাহৰ শেষ সপ্তাহত চলচ্চিত্ৰখনক পোষ্ট- প্ৰডাকচন পৰ্যায়লৈ লৈ যায়।

প্ৰথমতে চলচ্চিত্ৰখন ২০২০ চনৰ ১৪ আগষ্ট তাৰিখে বিশ্বব্যাপী মুক্তি দিয়াৰ কথা ভবা হয় যদিও প্ৰডাকচনৰ কাম ৰৈ যোৱাৰ ফলত সেইয়া হৈ নুঠে। পিছত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ পৰিস্থিতি চাই আৰু চলচ্চিত্ৰৰ নিৰ্দেশনাসমূহ মানি নিৰ্মাতাই ২০২১ চনৰ ১৩ আগষ্ট তাৰিখে ডিজনি + হটষ্টাৰত মুক্তি দিব বুলি ঘোষণা কৰে।

পটভূমি[সম্পাদনা কৰক]

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত আইএএফ এয়াৰষ্ট্ৰিপ ভূজ ধ্বংস হয়। ইয়াৰপিছত আইএএফ স্কোয়াড্ৰন লিডাৰ বিজয় কাৰ্ণিকৰ নেতৃত্বত ৩০০ গৰাকী স্থানীয় মহিলাই দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি আইএএফ এয়াৰবেচ পুনৰ নিৰ্মাণ কৰিছিল। স্থিতিস্থাপকতাৰ এই কাৰ্য খুব গুৰুত্বপূৰ্ণ আছিল যিয়ে কেৱল দেশৰ মনোবল বৃদ্ধি কৰাই নহয়, লগতে ইয়ে ভাৰতক যুদ্ধত জয়ী হোৱাত সহায় কৰিছিল।

অভিনয়[সম্পাদনা কৰক]

  • অজয় দেৱগন - স্কোয়াড্ৰন লিডাৰ বিজয় কাৰ্ণিক
  • সঞ্জয় দত্ত - ইণ্ডিয়ান আৰ্মী Scout & RA&W এজেণ্ট ৰেঞ্চৰদাস পাগী
  • সোনাক্ষী সিনহা - সুন্দৰবেন জেথা মাধাৰপাৰ্য
  • নোৰা ফতেহি - RA&W স্পাই হীনা ৰহমান
  • শৰদ কেলকৰ - ইণ্ডিয়ান আৰ্মী অফিচাৰ ৰাম কৰণ "আৰকে" নায়াৰ
  • আমি ভাৰ্ক - ফ্লাইট লেফটেনেণ্ট (Flight Lieutenant) বিক্ৰম সিং বাজ জেথাজ
  • প্ৰণিতা সুভাষ - ঊষা কাৰ্ণিক
  • ইহানা ধিল্লোন - নিম্ৰাত কৌৰ
  • মহেশ চেট্টি - বিনোদ কাৰ্ণিক
  • নাভনী পাৰিহাৰ (Navni Parihar) - ইন্দিৰা গান্ধী
  • বিনীতা মেনন - লক্ষ্মী পাৰমাৰ
  • মোনাজীৰ খান - অনুৰাগ ত্ৰিপাঠী[4]
  • সঞ্জীৱ আনন্দ - চানী
  • আদিত্য কুমাৰ চৌবেয় - আদি
  • পূজা ভাবৰিয়া - জীনান্ত

সংগীত[সম্পাদনা কৰক]

ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া
তানিষ্ক বাগচী, গৌৰৱ দাসগুপ্তা, লিজো জৰ্জ - ডিজে চেটাছ, আৰ্কো, বিপিন পাটৱা, অমৰ মোহিলে
সংগীত এলবাম
মুক্তি ১৬ আগষ্ট ২০২১[5]
বাণীবন্ধন ২০২০
শৈলী/ধৰণ Feature film soundtrack
দৈৰ্ঘ্য ৩০:১১
ভাষা হিন্দী
লেবেল টি-চিৰিজ


চলচ্চিত্ৰখনৰ সংগীত ৰচনা তানিষ্ক বাগচী, গৌৰৱ দাসগুপ্তা, লিজো জৰ্জ - ডিজে চেটাছ, আৰ্কো, বিপিন পাটৱা, আৰু অমৰ মোহিলেৰ আৰু গীতৰ কথা মনোজ মুন্তাশিৰ, দেৱশী খাণ্ডুৰী, অনিল বৰ্মা, মনোজ কবীৰ, অভিলাষ আৰু বায়ু শ্ৰীবাস্তৱৰ

চলচ্চিত্ৰখনত থকা “জালিমা কোকা কোলা” শীৰ্ষক গীতটো ১৯৮৬ চনত নিৰ্মিত পাকিস্তানী পাঞ্জাৱী ভাষাৰ চলচ্চিত্ৰ “চান তে চুৰমা”ৰ “জালিমা কোকা কোলা পিয়া দে” গীতৰ পুনৰ্নিমাণ৷ নূৰ জাহানয়ে গোৱা সেই গীতটোৰ কথা আছিল খাৱাজ পাৰভিজৰ আৰু সংগীত ৰচনা আছিল তাফুৰ৷[6]

গীতৰ তালিকা
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "হানজুগম"  জুবিন নৌটিয়াল ৩:৪৫
2. "জালিমা কোকা কোলা"  শ্ৰেয়া ঘোষাল ৩:২৮
3. "ভাই ভাই"  মিকা সিং ৩:৪০
4. "দেশ মেৰা"  অৰিজিৎ সিং ৩:২৩
5. "ৰাম্মো ৰাম্মো"  উদিত নাৰায়ণ, নীতি মোহন, পলক মাচাল ৩:৩৯
6. "ইস্ক মেৰা"  প্ৰতিভা সিং বাঘেল ২:০০
7. "আৰতি"  শংকৰ মহাদেৱান, প্ৰিয়া মালিক, সোণালী চন্দ্ৰাত্ৰী, সুৰভি সিং ৬:১৯
8. "ভূজ থিম"  শিখা যোশী ৩:৫৭
মুঠ দৈৰ্ঘ্য:
৩০:১১

মুক্তি[সম্পাদনা কৰক]

চলচ্চিত্ৰখনক ২০২০ চনৰ ১৪ আগষ্ট তাৰিখে মুক্তি দিয়াৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল যদিও সেই তাৰিখ পিছুৱাবলগীয়া হয় আৰু পিছত চলচ্চিত্ৰখনক ২০২১ চনৰ ১৩ আগষ্ট তাৰিখে ডিজনী+হটষ্টাৰত প্ৰিমিয়াৰ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sinha is an extremely talented actress". Times Now News. 20 March 2019. https://www.timesnownews.com/entertainment/news/bollywood-news/article/bhuj-director-abhishek-dudhaiya-sonakshi-sinha-is-an-extremely-talented-actress/386159. 
  2. "Bhuj: The Pride Of India — Pranitha Subhash joins cast of Ajay Devgn, Sanjay Dutt's war drama". Firstpost. 6 April 2019. https://www.firstpost.com/entertainment/bhuj-the-pride-of-india-pranitha-subhash-joins-cast-of-ajay-devgn-sanjay-dutts-war-drama-6400251.html। আহৰণ কৰা হৈছে: 25 June 2019. 
  3. "Bhuj The Pride of India: Sanjay Dutt, Sharad Kelkar and Sonakshi Sinha join Ajay Devgn's film" (en ভাষাত). Indian Express. 20 March 2019. https://indianexpress.com/article/entertainment/bollywood/sanjay-dutt-rana-daggubati-sonakshi-sinha-bhuj-the-pride-of-india-cast-5635383/। আহৰণ কৰা হৈছে: 25 June 2019. 
  4. "Ihana Dhillon is proud to be part of 'Bhuj: The Pride of India'". The Times of India. 3 January 2020. https://timesofindia.com/entertainment/hindi/bollywood/news/ihana-dhillon-is-proud-to-be-part-of-bhuj-the-pride-of-india/articleshow/73083124.cms। আহৰণ কৰা হৈছে: 29 June 2019. 
  5. "Bhuj: The Pride of India – Original Motion Picture Soundtrack". Jiosaavn. https://www.jiosaavn.com/album/bhuj-the-pride-of-india/SHVC1JFkOQY_. 
  6. "Nora Fatehi's Zaalima Coca Cola a remake of Pakistani singer Noor Jehan's song". Zee News. 29 July 2021. https://zeenews.india.com/bollywood/nora-fatehi-s-zaalima-coca-cola-a-remake-of-pakistani-singer-noor-jehans-song-find-out-here-2379878.html/। আহৰণ কৰা হৈছে: 29 July 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]