অৰিজিৎ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰিজিৎ সিং

২০১৫ চনত অৰিজিৎ সিং
জন্ম ২৫ এপ্ৰিল, ১৯৮৭ (৩৭ বছৰ)[1]
জিয়াগঞ্জ, মুৰ্ছিদাবাদ, পশ্চিম বংগ, ভাৰত
শিক্ষানুষ্ঠান শ্ৰীপদ সিং কলেজ
পেচা
  • গায়ক
  • সুৰকাৰ
  • সংগীত প্ৰযোজক
[2]
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
দাম্পত্যসঙ্গী
  • কোয়েল ৰয় (বি. ২০১৪)[3]
আত্মীয়-স্বজন অমৃতা সিং (ভগ্নী)
বঁটা, সন্মান, পুৰস্কাৰ আদি বঁটাৰ তালিকা
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • ফিল্মী
  • চুফী
  • কাৱালী
  • পশ্চিমীয়া শাস্ত্ৰীয় সংগীত
  • ৰবীন্দ্ৰ সংগীত
  • প’প
  • লোকসংগীত
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • ইলেক্ট্ৰনিক নৃত্য সংগীত[4]
  • গজল[5]
ৰেকৰ্ড লেবেল
  • অ'ৰিয়ন সংগীত
  • জি মিউজিক কোম্পানী
  • টি-ছিৰিজ
  • ছনি মিউজিক ইণ্ডিয়া
  • মাছলাক্স ষ্টুডিঅ'
  • ৱাই আৰ এফ মিউজিক
  • ইৰ'ছ মিউজিক
  • টিপছ


অৰিজিৎ সিং (জন্ম ২৫ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীত সুৰকাৰ।[6][4][2] এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা তেওঁ লাভ কৰিছে। হিন্দী আৰু বাংলা ভাষাৰ উপৰি কেইবাটাও ভাৰতীয় ভাষাত তেখেতে গীত বাণীবদ্ধ কৰিছে। নম্ৰ ব্যক্তিত্ব আৰু সৰল জীৱনশৈলীৰ বাবেও তেওঁ পৰিচিত।

২০০৫ চনত সমসাময়িক ৰিয়েলিটি শ্ব' ফেম গুৰুকুলত অংশগ্ৰহণ কৰি সিঙে তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। ২০১১ চনত সিঙে ছৈম ভাট আৰু মহম্মদ ইৰফানৰ সৈতে মিথুনৰ দ্বাৰা ৰচিত মাৰ্ডাৰ ২ ছবিৰ "ফিৰ মহব্বত" গীতটোৰে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে যদিও ২০০৯ চনত গীতটো বাণীবদ্ধ কৰা হৈছিল। একে বছৰতে তেওঁ এজেণ্ট বিনোদৰ "ৰাবতা", ১৯২০: ইভিল ৰিটাৰ্নছৰ "উস্কা হি কলা" আৰু চাংহাইৰ "দুৱা" আদি জনপ্ৰিয় গীত গাইছিল।

২০১৩ চনত আছিকি ২ৰ সফল ট্ৰেক "তুম হি হো" আৰু "চাহু মেই ইয়া না" মুক্তি পোৱাৰ পাছত তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে।[7][8][9][10] স্পটিফাইয়ে তেওঁক ২০২০, ২০২১, ২০২২ আৰু ২০২৩ চনৰ সৰ্বাধিক ষ্ট্ৰীম হোৱা ভাৰতীয় শিল্পী হিচাপে ঘোষণা কৰে। তেওঁ বিশ্বজুৰি ২য় সৰ্বাধিক অনুসৰণ কৰা শিল্পী আৰু স্পটিফাইত সৰ্বাধিক অনুসৰণ কৰা এছিয়ান ব্যক্তি[11][12][13][14]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৮৭ চনৰ ২৫ এপ্ৰিলত[1] পশ্চিম বংগমুৰ্ছিদাবাদ জিলাৰ জিয়াগঞ্জ চহৰত পাঞ্জাবী শিখ পিতৃ কক্কৰ সিং[15] আৰু বাঙালী হিন্দু মাতৃ অদিতি সিঙৰ ঘৰত জন্মগ্ৰহণ কৰে।[16] দেশ বিভাজনৰ সময়ত তেখেতৰ পূৰ্বপুৰুষসকল লাহোৰৰ পৰা পশ্চিম বংগলৈ আহিছিল।[15] তেওঁ অতি কম বয়সতে ঘৰতে সংগীতৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল। তেখেতৰ মামীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল, আৰু আইতাই (মাতৃৰ ফালৰ) গান গাইছিল। তেওঁৰ মামাই তবলা বজাইছিল আৰু মাকেও তবলা বজাই গান গাইছিল। প্ৰথমে ৰাজা বিজয় সিং হাইস্কুলত আৰু পিছলৈ তেওঁ কল্যাণী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীপদ সিং কলেজত অধ্যয়ন কৰে।[16] তেওঁৰ মতে তেওঁ "এজন মান্য ছাত্ৰ আছিল, কিন্তু সংগীতৰ প্ৰতি অধিক গুৰুত্ব দিছিল" আৰু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পেছাদাৰীভাৱে প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছিল। ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ধীৰেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে তেওঁক তবলাৰ প্ৰশিক্ষণ দিয়ে। বীৰেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে তেওঁক ৰবীন্দ্ৰ সংগীত (ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীত) আৰু পপ সংগীত শিকাইছিল।[16] তিনি বছৰ বয়সত হাজাৰী ভাতৃদ্বয়ৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে, আৰু ন বছৰ বয়সত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠৰ প্ৰশিক্ষণৰ বাবে চৰকাৰৰ পৰা এটি বৃত্তি লাভ কৰে।[17]

ডাঙৰ হোৱাৰ পাছত তেওঁ মোজাৰ্ট, বিথোভেন আৰু বাংলা শাস্ত্ৰীয় সংগীত শুনিছিল। বড়ে গুলাম আলি খাঁ, উস্তাদ ৰছিদ খান, জাকিৰ হুছেইন আৰু আনন্দ চেটাৰ্জীৰ দৰে সংগীতজ্ঞক তেওঁ নিজৰ আদৰ্শ বুলি গণ্য কৰিছিল আৰু কিশোৰ কুমাৰ, হেমন্ত কুমাৰ, মান্না দেৰ গীত শুনি ভাল পাইছিল।[18]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Happy Birthday Arijit Singh: From Tum Hi Ho to Gerua, his Top 10 songs". The Indian Express. 25 April 2016. http://indianexpress.com/article/entertainment/music/happy-birthday-arijit-singh-from-tum-hi-ho-to-gerua-his-top-10-songs-2769623/। আহৰণ কৰা হৈছে: 27 April 2016. 
  2. 2.0 2.1 "Singh turns music producer". http://www.radioandmusic.com/entertainment/editorial/news/170127-arijit-singh-turns-music-producer-bengali. 
  3. "Arijit Singh gets married again?". The Times of India. 24 January 2014. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Arijit-Singh-gets-married-to-childhood-friend/articleshow/29293778.cms। আহৰণ কৰা হৈছে: 24 February 2015. 
  4. 4.0 4.1 "Arijit Singh: If you want to be a lambi race ka ghoda you need to perform consistently – The Times of India". The Times of India. http://m.timesofindia.com/entertainment/hindi/music/news/Arijit-Singh-If-you-want-to-be-a-lambi-race-ka-ghoda-you-need-to-perform-consistently/articleshow/51727742.cms। আহৰণ কৰা হৈছে: 15 January 2017.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "arijit_genres" defined multiple times with different content
  5. Khurana, Suanshu (21 July 2013). "Arijit Singh: Hitting the Right Notes". The Indian Express. http://archive.indianexpress.com/news/arijit-singh-hitting-the-right-notes/1143659/। আহৰণ কৰা হৈছে: 24 February 2015. 
  6. "Bajirao Mastani scores five awards, Arijit adjudged Best Live Performer at GiMA 2016". 7 April 2016. Archived from the original on 12 June 2017. https://web.archive.org/web/20170612041932/http://www.radioandmusic.com/entertainment/editorial/news/160407-bajirao-mastani-scores-five-awards-arijit। আহৰণ কৰা হৈছে: 12 June 2017. 
  7. "Awesome Arijit". New India Times. 25 April 2017. http://www.newsindiatimes.com/awesome-arijit/26475। আহৰণ কৰা হৈছে: 4 May 2017. 
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Prominence নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Pant, Aditi (24 May 2013). "I slept through auditions: Arijit Singh". Hindustan Times. http://www.hindustantimes.com/music/i-slept-through-auditions-arijit-singh/story-qmqcGY4pVBg1e6Ub7sHt0K.html। আহৰণ কৰা হৈছে: 27 April 2016. 
  10. Singh, Saloni (15 January 2015). "The singer every man loves – Arijit Singh". India Today. http://indiatoday.intoday.in/story/arijit-singh-youth-music-sensation-is-here-to-stay/1/413466.html। আহৰণ কৰা হৈছে: 27 April 2016. 
  11. "Spotify Reveals Top Songs, Artists, Albums in India and Globally in 2020". Gadgets 360 NDTV. 1 December 2020. https://gadgets.ndtv.com/entertainment/news/spotify-india-2020-top-songs-artists-albums-podcasts-global-arijit-shayad-bad-bunny-weeknd-2332431. 
  12. "Three big takeaways from Spotify India's year-end charts". 10 December 2020. https://musically.com/2020/12/10/three-big-takeaways-from-spotify-indias-year-end-charts/. 
  13. "Arijit Singh tops most-streamed artist on Spotify Wrapped 2023". https://www.indiatoday.in/movies/celebrities/story/arijit-singh-tops-most-streamed-artist-on-spotify-wrapped-2023-see-full-list-2469172-2023-11-29. 
  14. "Most followed artists on Spotify (daily update)" (en-US ভাষাত). ChartMasters. https://chartmasters.org/spotify-most-followed-artists/। আহৰণ কৰা হৈছে: 2023-05-23. 
  15. 15.0 15.1 "Arijit Singh Is Everywhere, And Nowhere". https://www.filmcompanion.in/features/arijit-singh-hometown-early-life-father-songs। আহৰণ কৰা হৈছে: 14 September 2019. "Kakkar Singh, whose family came from Lahore..." 
  16. 16.0 16.1 16.2 Agarwal, Stuti (31 May 2013). "I still travel by public transport: Arijit Singh". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/I-still-travel-by-public-transport-Arijit-Singh/articleshow/20367909.cms। আহৰণ কৰা হৈছে: 8 February 2015. 
  17. "My life has always been a mess". Zoom4India. Archived from the original on 21 April 2017. https://web.archive.org/web/20170421145642/http://www.zoom4india.com/entertainment/features/item/79193-my-life-has-always-been-a-mess.html। আহৰণ কৰা হৈছে: 1 April 2017. 
  18. Raghuvendra Singh (19 August 2015). "Can't stop the music". http://www.filmfare.com/features/cant-stop-the-music-10245-2.html। আহৰণ কৰা হৈছে: 4 June 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]