মকৰ ক্ৰান্তি
মকৰ ক্ৰান্তি (ইংৰাজী: Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা। মকৰ ক্ৰান্তি ৰেখাৰ সমমান উত্তৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি কল্পনা কৰা হৈছে।
মকৰ ক্ৰান্তি ৰেখা পৃথিৱীৰ মানচিত্ৰত অংকন কৰা পাঁচডাল প্ৰধান কাল্পনিক অক্ষৰেখাৰ ভিতৰত এডাল। ইয়াৰ অক্ষাংশ বৰ্তমান বিষুৱৰেখাৰ দক্ষিণে ২৩°২৬′১০.৯′′ (বা ২৩.৪৩৬৩৫°),[1] কিন্তু ই বৰ্তমান প্ৰতি বছৰে ০.৪৭ আৰ্কছেকেণ্ড বা ১৫ মিটাৰ হাৰত অতি ক্ৰমান্বয়ে উত্তৰ দিশলৈ গতি কৰি আছে।
বিশ্বৰ ৩% তকৈও কম জনসংখ্যা ইয়াৰ দক্ষিণে বাস কৰে; ই দক্ষিণ গোলাৰ্ধৰ জনসংখ্যাৰ প্ৰায় ৩০% ৰ সমতুল্য।
ভূগোল আৰু পৰিৱেশ[সম্পাদনা কৰক]
মকৰ ক্ৰান্তি হৈছে দক্ষিণ নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰে ক্ৰান্তীয় অঞ্চলৰ মাজৰ বিভাজন ৰেখা। উত্তৰ গোলাৰ্ধত মকৰ ক্ৰান্তিৰ সমতুল্য হৈছে কৰ্কট ক্ৰান্তি।
বিশ্বজুৰি[সম্পাদনা কৰক]
প্ৰাইম মেৰিডিয়ানৰ পৰা পূবলৈ মকৰ ক্ৰান্তিয়ে ১০খন দেশৰ মাজেৰে পাৰ হৈ যায়:
মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে থকা দেশসমূহৰ তালিকা[সম্পাদনা কৰক]
পৃথিৱীৰ বেছিভাগ ঠাই উত্তৰ গোলাৰ্ধত আছে বাবে মাত্ৰ চাৰিখন দেশহে মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে আছে-
- এছৱাটিনি (পূৰ্বতে চুইজাৰলেণ্ড)
- লেচোথো
- নিউজিলেণ্ড[lower-alpha 1]
- উৰুগুৱে
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ The Cook Islands, Tokelau and Niue, which are part of the Realm of New Zealand, lie north of the Tropic of Capricorn.
- ↑ "obliquity of the ecliptic (Eps Mean)". http://www.neoprogrammics.com/obliquity_of_the_ecliptic/। আহৰণ কৰা হৈছে: 10 March 2012.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত মকৰ ক্ৰান্তি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Temporal Epoch Calculations
- Useful constants" See: Obliquity of the ecliptic
- Montana State University: Milankovitch Cycles & Glaciation