মীৰা দত্ত গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰা দত্ত গুপ্তা
জন্ম ৫ অক্টোবৰ ১৯০৭
ঢাকা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশৰ ঢাকা)
মৃত্যু ১৮ জানুৱাৰী ১৯৮৩ (৭৬ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
পেচা শিক্ষাবিদ আৰু ৰাজনীতিবিদ


মীৰা দত্ত গুপ্তা (ইংৰাজী: Mira Datta Gupta; ৫ অক্টোবৰ ১৯০৭ – ১৮ জানুৱাৰী ১৯৮৩) ভাৰতৰ কলিকতাত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী কৰ্মী আছিল। ১৯৩৭ চনৰ পৰা ১৯৫৭ চনলৈ বিশ বছৰ বংগ আৰু তাৰ পিছত পশ্চিম বংগৰ বিধানসভাৰ সদস্য হিচাপে প্ৰথমে ১৯৩৭ চনৰ পৰা ১৯৫২ চনলৈ মহিলা সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ ভৱনীপুৰৰ প্ৰথম বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ব্ৰিটিছ ভাৰতৰ ঢাকা চহৰৰ এক বঙালী পৰিয়ালত মীৰা দত্ত গুপ্তাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম শৰৎ কুমাৰ দত্ত গুপ্তা আৰু মাতৃৰ নাম সৰুজুবালা দেৱী। তেওঁ পিতৃ ভাৰতীয় বিত্ত বিভাগৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া আছিল।

শিক্ষা জীৱন[সম্পাদনা কৰক]

কলিকতাৰ ছেইণ্ট জন ডাইচিয়ানত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। কলিকতাৰ বেথুন মহাবিদ্যালয়ৰ পৰা তেওঁ গণিত বিষয়ত প্ৰথম শ্ৰেণীসহ স্নাতক ডিগ্ৰী লাভ কৰে।[2] কলিকতাৰ বিদ্যাসাগৰ মহাবিদ্যালয় আৰু কলিকতাৰ সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ মহিলা শাখাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য হিচাপে মীৰা দত্ত গুপ্তাই ১৯৩৭ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰত চাৰিবাৰ (১৯৩৭, ১৯৪২, ১৯৪৬ আৰু ১৯৫১) বংগৰ ৰাজ্যিক বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। বংগ বিধানসভা পিছলৈ পশ্চিম বংগ নামেৰে নামাকৰণ কৰা হৈছিল। ১৯৫২ চনত মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰায়ৰ মন্ত্ৰীসভাত তেওঁক উপ-মন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু তেওঁ নাকচ কৰিছিল।[3]

মীৰা দত্ত গুপ্তা পিছলা বিপ্লৱী আন্দোলনৰ লগত জড়িত হৈ পৰিছিল।[4] তেওঁ ভাৰতীয় বিপ্লৱী গোট যেনে অনুশীলন, যুগান্তৰ আৰু বেঙ্গল ভলেণ্টিয়াৰ্ছৰ সৈতে জড়িত আছিল। বেঙ্গল ভলেণ্টিয়াৰ্ছৰ সদস্য হিচাপে তেওঁ সংগঠনটোৰ “বেনু” নামৰ আলোচনীখনৰ মহিলা বিভাগৰ সম্পাদিকা আছিল। আনহাতে, প্ৰথম অৱস্থাত তেওঁক সংস্থাটোৰ দক্ষিণ কলিকতা মহিলা গোটৰ দায়িত্ব দিয়া হৈছিল, পিছলৈ তেওঁ তলৰ পৰ্যায়ৰ সদস্যপদ গ্ৰহণ কৰি গোপনে ভাৰতৰ স্বাধীনতাৰ বাবে কাম কৰিবলৈ লৈছিল। সেই সময়ত তেওঁ নিজৰ সমগ্ৰ দৰমহা ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে বেঙ্গল ভলেণ্টিয়াৰ্ছক দান কৰিছিল।

এই সময়ছোৱাত তেওঁ আত্মগোপন হৈ থকা বিপ্লৱীসকল আৰু দলৰ অন্যান্য সদস্যসকলৰ মাজত তথ্যৰ আদান প্ৰদাণৰ যোগসূত্ৰ হিচাপে কাম কৰিছিল। কলকাতাৰ সমীপৰ বাৰানগৰত অনুষ্ঠিত বংগ স্বেচ্ছাসেৱকৰ অন্যতম গুৰুত্বপূৰ্ণ সভাত অংশ লৈ মিডনাপুৰৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিছিল। ১৯৩৩ চনৰ পৰা আৰক্ষীয়ে তেওঁৰ কাৰ্যকলাপৰ প্ৰতি সন্দেহ কৰি আৰু অহৰহ তেওঁক চোৰাংচোৱাগিৰি কৰা আৰম্ভ কৰিছিল। ১৯৩৮ চনত দাৰ্জিলিং জিলাত ৰাজ্যপাল জন এণ্ডাৰছনক গুলীয়াই হত্যা কৰা ঘটনাত ভৱনী ভট্টাচাৰ্য আৰু উজ্জলা মজুমদাৰৰ দৰে বহু দলীয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰৰ সন্দৰ্ভত মীৰাকো বহু ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা কৰিছিল। এই সময়ত তেওঁৰ ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰিবলৈ দেউতাকে তেওঁক দুবছৰৰ বাবে কলিকতাৰ পৰা আঁতৰাই পঠিয়াইছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত পুঁজি সংগ্ৰহৰ কামত তেওঁ অতি সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ১৯৪৬ চনত জাতীয়তাবাদী কাৰ্যকলাপৰ বাবে তেওঁ কাৰাগাৰ বৰণ কৰিবলগীয়া হৈছিল। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ফৰৱাৰ্ড ব্লকৰ প্ৰথম সদস্যসকলৰ ভিতৰত অন্যতম হৈ পৰে।

বংগ চহৰৰ দক্ষিণ-পূব অঞ্চলৰ বালিগুংগে সমষ্টিত তেওঁৰ বহুতো নিষ্ঠাবান অনুগামী আছিল আৰু তেওঁ সামাজিক দায়বদ্ধতাৰ বাবে পৰিচিত আছিল। ১৯৪৩ চনৰ বিধ্বংসী বংগ দুৰ্ভিক্ষৰ সময়ত তেওঁ সহ-কংগ্ৰেছ কৰ্মীসকলৰ সৈতে দুৰ্ভিক্ষৰ বলি হোৱা লোকসকলৰ বাবে সাহাৰ্য্য প্ৰদান কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।

ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ দুৰ্ভিক্ষ, বানপানীৰ ফলত ক্ষতিগ্ৰস্তসকলৰ বাবে সাহায্যমূলক কাম, গৃহহীন আৰু অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলৰ পুনৰ সংস্থাপন আদি বহু কামৰ লগত জড়িত হৈ পৰে।

অৱসৰৰ পিছত[সম্পাদনা কৰক]

অৱসৰৰ পিছত তেওঁ কলকাতাৰ কিশোৰ আদালতত সন্মানীয় শান্তি ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পশ্চিম বংগৰ চলচ্চিত্ৰ চেন্সৰ ব'ৰ্ডৰ সদস্য আছিল। ১৯৫৮ চনত তেওঁ “চীনলৈ ভাৰতীয় সদিচ্ছা অভিযান”ত যোগদান কৰে আৰু পিছলৈ বাৰ্লিন, কোপেনহেগেন আৰু মস্কো ভ্ৰমণ কৰি উন্নয়নমূলক, শৈক্ষিক আৰু মহিলা সন্মিলনত অংশগ্ৰহণ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ চেনেট আৰু পশ্চিম বংগ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৫ চনত শান্তিনিকেতনত বিশ্ববিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা কলকাতাৰ “পাঠ ভৱন” স্থাপন কৰাতো তেওঁ অৰিহণা যোগাইছিল। ১৯৭৪-৭৫ চনত তেওঁ ভাৰতীয় প্ৰতিনিধি দলৰ হৈ মস্কো ভ্ৰমণ কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৮৩ চনৰ ১৮ জানুৱাৰীত নিউম'নিয়াত আক্ৰান্ত হৈ ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]