লুৰীণজ্যোতি গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুৰীণজ্যোতি গগৈ
অসম জাতীয় পৰিষদৰ সভাপতি
ব্যক্তিগত তথ্য
জন্ম ২৮ ডিচেম্বৰ, ১৯৭৭ (৪৬ বছৰ)
তিনিচুকীয়া
ৰাজনৈতিক দল অসম জাতীয় পৰিষদ
শিক্ষানুষ্ঠান তিনিচুকীয়া মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়
জীৱিকা ৰাজনীতিবিদ
ৱেবছাইট https://lurinjyotigogoi.com/


লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।[1]বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।[2][3]

জন্ম[সম্পাদনা কৰক]

তেওঁৰ জন্ম হয় ১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাত। পিতৃৰ নাম প্ৰবীন গগৈ আৰু মাতৃ প্ৰয়াত দুলু গগৈ। তেওঁ ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান।[4]

শিক্ষা[সম্পাদনা কৰক]

১ নং লাইপুলি প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল। পৰবৰ্তী সময়ত লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু তিনিচুকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (শ্ৰীপুৰীয়া), তিনিচুকীয়াৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ পৰা গগৈয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ (২০০৪), বি.এড আৰু এম.এড ডিগ্ৰীও সম্পন্ন কৰে।[5]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থাকোঁতে লুৰীণজ্যোতি গগৈয়ে আছু (সদৌ অসম ছাত্ৰ সন্থা)ত জড়িত হৈছিল। পিছত তেওঁ দীপাংক নাথৰ সভাপতিত্বত ২০১৫ চনত আছুৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ২০২০ চনৰ নৱেম্বৰ মাহত লুৰীণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে।[6] পিছলৈ তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি থয় আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুলিয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।[7] দুয়োটা সমষ্টিতে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭ মাৰ্চ ২০২১ তাৰিখে ভোট গ্ৰহণ হয়।[8] লুৰীণজ্যোতি গগৈয়ে দুলীয়াজান সমষ্টিভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ তেৰশ গোৱালা আৰু নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰঙ্গ গগৈৰ হাতত পৰাস্ত হয়।[9][10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "CAA vs No CAA: Sarbananda Sonowal, Lurinjyoti Gogoi set to lock horns in Assam's Dibrugarh". Deccan Herald. https://www.deccanherald.com/india/assam/caa-vs-no-caa-sarbananda-sonowal-lurinjyoti-gogoi-set-to-lock-horns-in-assams-dibrugarh-2938916। আহৰণ কৰা হৈছে: [16th April,2024]. 
  2. "The journey of Lurinjyoti Gogoi: From a students’ leader to AJP president". THE INDIAN EXPRESS. https://indianexpress.com/elections/the-journey-of-lurinjyoti-gogoi-from-a-students-leader-to-ajp-president-7238609/। আহৰণ কৰা হৈছে: 5th july May 2022. 
  3. "CAA unacceptable to Assam's indigenous population: AJP chief Lurinjyoti Gogoi". The Hindu. https://www.thehindu.com/elections/lok-sabha/caa-unacceptable-to-assams-indigenous-population-ajp-chief-lurinjyoti-gogoi/article68049533.ece। আহৰণ কৰা হৈছে: April 16, 2024. 
  4. "Lurinjyoti gogoi biography". https://biographyinsider.com/lurinjyoti-gogoi/। আহৰণ কৰা হৈছে: 21 May 2022. 
  5. "Educational era". https://lurinjyotigogoi.com/। আহৰণ কৰা হৈছে: 21 May 2022. 
  6. "Assam Assembly elections". Firstpost. https://www.firstpost.com/politics/assam-assembly-election-2021-lurinjyoti-gogoi-profile-ajp-chief-started-political-career-with-aasu-has-strong-regional-roots-9392971.html। আহৰণ কৰা হৈছে: 5th july 2022. 
  7. "Assam Assembly elections". The Hindu. https://www.thehindu.com/news/national/other-states/assam-assembly-elections-ajp-chief-lurinjyoti-gogoi-to-contest-from-duliajan/article61929904.ece। আহৰণ কৰা হৈছে: 5th july 2022. 
  8. "Gogoi casting vote". Archived from the original on 5 July 2022. https://web.archive.org/web/20220705192056/https://www.aninews.in/news/national/politics/assam-polls-ajp-chief-lurinjyoti-gogoi-casts-vote-in-tinsukia20210327111135/?amp=1। আহৰণ কৰা হৈছে: 21 May 2022. 
  9. "Political career of lurinjyoti gogoi". https://www.sentinelassam.com/assam-election-2021/candidates/phase1/lurinjyoti-gogoi-from-duliajan-early-life-controversy-political-career-529202। আহৰণ কৰা হৈছে: 21 May 2022. 
  10. "election result of lurinjyoti gogoi". NEWS18. https://www.news18.com/amp/assembly-elections-2021/assam/lurinjyoti-gogoi-duliajan-candidate-s03a118c004/। আহৰণ কৰা হৈছে: 5th july 2022.