সাঁচ:আজিৰ আপুনি জানেনে-২
অৱয়ব
- ...যে মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
- ...যে ১৯৩৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰাইছিল?
- ...যে বৰ্তমান বিশ্বত মুছলমান জনসংখ্যাৰ হাৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৩ শতাংশ?
- ...যে হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তি ধাৰণাত ব্ৰহ্মাক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকাৰী, বিষ্ণুক স্থিতিৰ প্ৰতীক আৰু শিৱক ধ্বংসৰ প্ৰতীক ৰূপে কল্পনা কৰা হৈছে?
- ...যে ১৯৮৩ চনত শিৱসাগৰ জিলাৰ পৰা আঁতৰাই যোৰহাট জিলাক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়?