সুগৰী পহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সুগৰি পহুৰ পৰা পুনঃনিৰ্দেশিত)
সুগৰী পহু
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
উপবৰ্গ: Ruminantia
পৰিয়াল: Cervidae
উপপৰিয়াল: muntiacinae
গণ: Muntiacus
প্ৰজাতি: M. muntjak
বৈজ্ঞানিক নাম
Muntiacus muntjak
Zimmermann, 1780
সুগৰী পহুৰ বিস্তৃতি
সমাৰ্থক
  • Cervus muntjac

সুগৰী পহু[2][3][4] বা সোগোৰা পহু[3](ইংৰাজী: Barking Deer বা Indian Muntjac, বৈজ্ঞানিক নাম-Muntiacus muntjak) এবিধ অতি সৰু হৰিণ। ইয়াক দক্ষিণ আৰু দক্ষিণ পশ্চিম এছিয়াত পোৱা যায়। ইয়াৰ চুটি আৰু কোমল মটীয়া বা ৰঙচুৱা নোম থাকে। কেতিয়াবা মাখন ৰঙৰ দাগও দেখা যায়। ই প্ৰায় আটাইতকৈ সৰু হৰিণ।

উপজাতি সমূহৰ বিস্তৃতি[সম্পাদনা কৰক]

সুগৰী পহুৰ ১৫টা উপ প্ৰজাতি আছে:[5]

বিৱৰণ[সম্পাদনা কৰক]

লাওখোলা

সুগৰী পহুৰ চুটি আৰু কোমল মটীয়া বা ৰঙচুৱা নোম থাকে। কেতিয়াবা মাখন ৰঙৰ দাগও দেখা যায়। ই প্ৰায় আটাইতকৈ সৰু হৰিণ। ঋতু বিশেষে ইয়াৰ দেহৰ বৰণ ডাঠ মটিয়াৰ পৰা হালধীয়া-মটীয়া হ’ব পাৰে। শীত অঞ্চলত ইয়াৰ নোমবোৰ ঘন হয়। কাণৰ কাষত নোম তেনেই কম। ঋতু অনুসৰি ইয়াৰ নোমৰ বৰণ গাঢ় মটীয়া পৰা হালধীয়া আৰু ৰঙা মটীয়া হয়। বুকু আৰু পেটৰ সমুখ ভাগ বগা হয়। মুখখন গাঢ় মটীয়া বৰণৰ। মতা প্ৰাণীবোৰ মাইকীত কৈ আকাৰত ডাঙৰ হয়। মতা সুগৰী পহুৰ মূৰত ১০ ছে: মি মান দৈৰ্ঘ্যৰ শিং থাকে। শিংটোৰ গূৰিতে এটা ঠাল থাকিব পাৰে। মাইকী জনীৰ শিংৰ পৰিৱৰ্তে কিছু ওলাই অহা হাড়ৰে একোটা নোমৰ সমষ্টি থাকে। মতাতোৰ কুকুৰ দাত থাকে। মতাটোৱে ইয়াৰ ২ ৰ পৰা ৪ ছে: মি: দীঘল বেকা ভাজৰ কুকুৰ দাত অন্য মতা সুগৰিৰ সৈতে যুজঁ কৰোঁতে ব‍্যৱহাৰ কৰে আৰু কেতিয়াবা গুৰুতৰ আঘাত হানিব পাৰে। ইয়াৰ ওজন ১৪-২৮ কি: গ্ৰা আৰু দৈৰ্ঘ্য ৮৯-১৩৫ ছে: মি:। সুগৰী পহুক সৰ্বভক্ষী বুলি গণ্য কৰা হয়। ই ঘাহ, বন, ঘাহৰ থোৰ(shoot), ফল, গছৰ গূটি, পাত, ডাল আৰু চৰাইৰ কণী খায়। কেতিয়াবা ইয়াক ক্ষুদ্ৰাকৃতিৰ প্ৰাণী আৰু মৃত জীব বা মৰাশও খোৱা দেখা যায়। ই কুকুৰে ভুকাৰ দৰে মাতে। বিশেষকৈ ভয় খালে এনে মাত মাতে। এইবাবে ইয়াক ইংৰাজীত barking deer বোলে। সীমা দখলৰ চিন দিয়া বাবে ইয়াৰ চকুৰ সমুখলৈ (postorbital) এটা ডাঙৰ গন্ধ গ্ৰন্থি থাকে।[6] এইটো সুগৰীৰ সৈতে আন হৰিণতকৈ এক পৃথক বৈশিষ্ট্য। মতাতোৰ গ্ৰন্থি মাইকী জনীতকৈ ডাঙৰ।[7]সুগৰী পহু মাজত বহুপ্ৰজনন (polygamy) দেখা যায়। মাইকী প্ৰাণী প্ৰথম বা দ্বিতীয় বছৰ বয়সত প্ৰজননক্ষম হৈ উঠে। গৰ্ভধাৰণৰ সময় ৬-৭ মাহ। সাধাৰণতে এবাৰত এটাকৈ পোৱালিৰ জন্ম দিয়ে। মাক-পোৱালিৰ বাহিৰে সুগৰী পহুক সাধাৰণতে অকলশৰীয়া কৈ থকা দেখা যায়। ই দিন আৰু ৰাতি দুয়ো সময়তে চৰে।

বসতিস্থল[সম্পাদনা কৰক]

সুগৰী পহু দক্ষিণ এছিয়াৰ বহুল ভাবে বিস্তৃত অথচ সীমিত তথ্য থকা প্ৰাণী সমূহৰ ভিতৰত অন্যতম। এই প্ৰজাতিটো ভাৰত, বাংলাদেশ, শ্ৰীলংকা, নেপাল, পাকিস্তান, দক্ষিণ চীন, ভিয়েটনাম, জাভা, সুমাত্ৰা, ইণ্ডোনেছিয়া, কম্বোডিয়া, আৰু বৰ্ণিয়’ আদি দেশত পোৱা যায়। ই প্ৰধানকৈ ঘাঁহনি, চাভানা অঞ্চল, পৰ্ণপাতী আৰু কাইটীয়া অৰণ্যত থাকে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Timmins, R.J.; Duckworth, J.W.; Hedges, S. (2016). Muntiacus muntjak. p. e.T42190A56005589. doi:10.2305/IUCN.UK.2016-1.RLTS.T42190A56005589.en. 
  2. বৰুৱা, হেমচন্দ্ৰ (২০০৬). হেমকোষ (১২তম সম্পাদনা). হেমকোষ প্ৰকাশন. পৃষ্ঠা. ১০৫৩. 
  3. 3.0 3.1 চন্দ্ৰকান্ত অভিধান (৩য় সম্পাদনা). গুৱাহাটী বিশ্ববিদ্যালয়. ২০০৬. পৃষ্ঠা. ৮৩৬, ৮৪৫. 
  4. গগৈ, ফটিক চন্দ্ৰ (ডিচেম্বৰ, ১৯৮৮). ভাৰতৰ বনৰীয়া জন্তু. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৯৩-৯৫. 
  5. সাঁচ:MSW3 Artiodactyla
  6. "ADW: Home" (en ভাষাত). animaldiversity.org. http://animaldiversity.org। আহৰণ কৰা হৈছে: 2017-12-02. 
  7. Barrette, C. (1976). "Musculature of facial scent glands in the muntjac". Journal of Anatomy খণ্ড 122 (Pt 1): 61–66. PMID 977477. PMC 1231931. http://europepmc.org/backend/ptpmcrender.fcgi?accid=PMC1231931&blobtype=pdf. 
  • Hutchins, Michael, ed. "Muntjacs." Grzimek's Animal Life Encyclopedia. 2nd ed. 15 vols. Detroit: The Gale Group Inc, 2004.
  • Kurt, Fred. "Muntjac Deer." Grzimek's Encyclopedia of Mammals. 1st ed. 5 vols. St. Louis: McGraw-Hill, 1990.
  • Nowak, Ronald M. "Muntjacs, or Barking Deer." Walker's Mammals of the World. 6th ed. 2 vols. Baltimore: The Johns Hopkins UP, 1999.