সমললৈ যাওক

ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য
ৰেমা–কালেঙ্গা
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
বাংলাদেশত অৱস্থান
অৱস্থান হবিগঞ্জ জিলা, বাংলাদেশ
নিকটতম চহৰ হবিগঞ্জ
মাটিকালি ১৭.৯৬ বৰ্গ কিলোমিটাৰ
প্ৰতিস্থা ১৯৮২ (1982)

ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Rema-Kalenga Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। এইখন এখন শুকান আৰু চিৰসেউজ অৰণ্য[1]বাংলাদেশৰ হবিগঞ্জ জিলাৰ চুনাৰুঘাট উপজিলাত অৱস্থিত। ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য ১৯৮২ চনত স্থাপন কৰা হয় আৰু পিছলৈ ১৯৯৬ চনত ইয়াক সম্প্ৰসাৰিত কৰা হয়। ২০০৯ চনৰ এক সমীক্ষা মতে, বৰ্তমান এই বন্যপ্ৰাণী অভয়াৰণ্যখন ১৭৯৫.৫৪ হেক্টৰ এলেকাজুৰি বিস্তৃত।[2] এইখন বাংলাদেশৰ এখন অন্যতম প্ৰাকৃতিক বনাঞ্চল যিখন এতিয়াও ভাল অৱস্থাত আছে। কিন্তু চোৰাংকৈ গছ কটা আৰু বনাঞ্চল ধ্বংসই অভয়াৰণ্যখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

অৱস্থান আৰু অঞ্চল

[সম্পাদনা কৰক]

ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য বাংলাদেশৰ হবিগঞ্জৰ চুনাৰুঘাট উপজিলাত অৱস্থিত। বাংলাদেশৰ মৌলৱীবজাৰ জিলাৰ শ্ৰীমংগলৰ সমীপৱৰ্তী ভাৰতৰ ত্ৰিপুৰা সীমান্তৰ গাতে লাগি আছে অভয়াৰণ্যখন। উত্তৰ-পূব দিশত অৱস্থিত বন্যপ্ৰাণী অভয়াৰণ্যখন ৰাজধানী চহৰ ঢাকাৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ নিলগত স্থিত। এই অভয়াৰণ্যখন হবিগঞ্জ জিলাৰ কালেংগা বনাঞ্চলৰ চাৰিটা অংশৰে গঠিত, যথাক্ৰমে; কালেংগা, ৰেমা, চানবাৰী আৰু ৰছিদপুৰ।[3]

জৈৱ বৈচিত্ৰ্য

[সম্পাদনা কৰক]

ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্যখন বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰে সমৃদ্ধ। এই বনাঞ্চলত ৩৭ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ১৬৭ প্ৰজাতিৰ চৰাই, ৭ প্ৰজাতিৰ উভচৰ প্ৰাণী, ১৮ প্ৰজাতিৰ সৰীসৃপ আৰু ৬৩৮ প্ৰজাতিৰ উদ্ভিদ আছে। ভীমৰাজ, মইনা চৰাই, কাঠনি‍ বোৱাৰী, বুলবুলি, পাতি শগুণ, ডৰিক আৰু বনকুকুৰাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে ই সুপৰিচিত। অভয়াৰণ্যখনক বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলে গুৰুত্বপূৰ্ণ চৰাই এলেকা (আই বি এ) হিচাপে মনোনীত কৰিছে কাৰণ ই বহু উল্লেখযোগ্য চৰাই প্ৰজাতিৰ গুৰুত্বপূৰ্ণ আৱাসস্থল।[4]

ইয়াত পোৱা অধিক উল্লেখযোগ্য বন্যপ্ৰাণীসমূহৰ ভিতৰত টুপীমূৰীয়া বান্দৰ, চচমা-চকুৱা বান্দৰ, হলৌ বান্দৰ, ভাৰতীয় নাহৰফুটুকী, এছিয়ান সোণালী মেকুৰী, লতামাকৰী বাঘ, হগ বেজাৰ, নল গাহৰি আৰু সুগৰী পহু আদি উল্লেখযোগ্য। ইয়াত পাঁচটা ভিন্ন প্ৰজাতিৰ কেৰ্কেটুৱা পোৱা যায়। সৰীসৃপৰ ভিতৰত অজগৰ, গ্ৰীণ পিট ভাইপাৰ আৰু বিভিন্ন প্ৰজাতিৰ সাপ তথা জেঠী পোৱা যায়।

স্থানীয় লোকসকলৰ মতে, ১৯৬০ চনত বাঘ আৰু নাহৰফুটুকীৰ বিচৰণ দেখা গৈছিল যদিও, ১৯৭১ চনৰ পৰা তেওঁলোকে লক্ষণীয়ভাৱে কোনো বাঘ দেখা পোৱা নাই। মাজে মাজে নাহৰফুটুকী ওলোৱা খবৰ পোৱা যায় যদিও এইবোৰ সীমান্তৱৰ্তী ভাৰতীয় অৰণ্যৰ পৰা অহা বিপথগামী ব্যক্তিও হ’ব পাৰে। নব্বৈৰ দশকৰ আৰম্ভণিৰ পৰাই ৰাংকুকুৰ স্থানীয়ভাৱে বিলুপ্ত হয়। বৰ্তমান সময়ত সৰু বনৰীয়া মেকুৰী আৰু শিয়াল এই বনাঞ্চলৰ প্ৰধান স্থলজ চিকাৰী প্ৰাণী।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Article in Bangla on Daily Prothom-alo, 4 December 2009.
  2. Bangladesh Forest Department Archived 2007-08-23 at the Wayback Machine, List of Protected Areas.
  3. Deshiinfo.com
  4. "Rema-Kalenga Wildlife Sanctuary". BirdLife InternationalBirdLife Data Zone. 2024. https://datazone.birdlife.org/site/factsheet/rema-kalenga-wildlife-sanctuary-iba-bangladesh। আহৰণ কৰা হৈছে: 2024-10-18. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]