ৱিকিচ'ৰা:অসম/Did you know/1
অৱয়ব
- .... যে ব্ৰহ্মপুত্ৰৰ উজনি অংশ বহুদিনলৈকে অজ্ঞাত আছিল, আৰু ১৮৮৪-৮৬ৰ অভিযানৰ পিছতহে ইয়াক য়াৰলুং চাংপো বুলি চিনাক্তকৰণ কৰা হৈছিল?
- .... যে কেমেলিয়া ছিনেনছিছ নামৰ উদ্ভিদ প্ৰজাতিৰ পাত আৰু পত্ৰ-মুকুলৰ পৰা জনপ্ৰিয় পানীয় চাহ প্ৰস্তুত কৰা হয়?
- .... যে অসমত মুঠ ৬টা তাই ভাষা কোৱা হয়, যদিও ইয়াৰে দুটা বৰ্তমান বিলুপ্ত - তাই ফাকে, তাই আইটম, খামটি, খাময়াং (চৰমভাৱে বিলুপ্ত প্ৰায়), আহোম (বিলুপ্ত), টুৰাং (বিলুপ্ত)?
- .... যে মাটিৰ ওপৰত থকা সংলগ্ন অংশ কাৰেং ঘৰৰ সৈতে একেলগে তলাতল ঘৰো হৈছে আহোম কীৰ্তিচিহ্ন সমূহৰ ভিতৰত অন্যতম বৃহৎ কীৰ্তিচিহ্ন?
- .... যে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ সমাপ্তি ঘটিছিল যাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম অধিকাৰ কৰিছিল?
- .... যে অসম হৈছে এখন প্ৰধান খাৰুৱা তেল উৎপাদন কৰা ৰাজ্য আৰু ভাৰতৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ১৫% ইয়াতেই উৎপাদন কৰা হয়; খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত অসম বিশ্বৰ ভিতৰত (সংযুক্ত ৰাষ্ট্ৰৰ টিটুছভিলৰ পিছত) ২য় স্থানত আছে?
- ....যে বৰ্তমান অসমত ১৫৫টা ৰাজহ চক্ৰ, ৭৮টা মহকুমা আৰু ৩৩খন জিলা আছে আৰু সৰ্বশেষ জিলা মাজুলী হৈছে ভাৰতৰ প্ৰথমখন নদী-দ্বীপ জিলা?