সমললৈ যাওক

অসমৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Districts of Assamৰ পৰা পুনঃনিৰ্দেশিত)
১. তিনিচুকীয়া, ২. ডিব্ৰুগড়, ৩. ধেমাজী, ৪. চৰাইদেও, ৫. শিৱসাগৰ, ৬. লখিমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. বিশ্বনাথ, ১০. গোলাঘাট, ১১. কাৰ্বি আংলং, ১২. শোণিতপুৰ, ১৩. নগাঁও, ১৪. হোজাই, ১৫. কাৰ্বি আংলং পশ্চিম, ১৬. ডিমা হাচাও, ১৭. কাছাৰ, ১৮. হাইলাকান্দি, ১৯. কৰিমগঞ্জ ২০. মৰিগাঁও, ২১. ওদালগুৰি, ২২. দৰং, ২৩. কামৰূপ মহানগৰ, ২৪. বাক্সা, ২৫. নলবাৰী, ২৬. কামৰূপ, ২৭. বৰপেটা, ২৮. চিৰাং, ২৯. বঙাইগাঁও, ৩০. গোৱালপাৰা, ৩১. কোক্‌ৰাঝাৰ, ৩২. ধুবুৰী, ৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, ৩৪. বজালী, ৩৫. তামুলপুৰ (২০২৪ৰ মতে)

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা আয়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়াসকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়াসকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা আয়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয়সমূহ নিয়াৰিকৈ চলোৱাৰ দায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে। বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন।

২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে।[1][2] পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।

২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল।[3] ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাবজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হ'ল।[4] ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।[5]

২০২২ চনৰ ৩১ ডিচেম্বৰত অসম কেবিনেটে চাৰিখন নতুনকৈ গঠিত জিলাক বৰ্তমানৰ চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লয়।[6] এই জিলাসমূহ আছিল-

  • বাক্সাৰ সৈতে তামুলপুৰ
  • বৰপেটাৰ লগত বজালী
  • নগাঁৱৰ সৈতে হোজাই
  • শোণিতপুৰৰ সৈতে বিশ্বনাথ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ইচিআইৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু চৰকাৰে পুনৰ বিবেচনা কৰাৰ আগতে এইটো এটা অস্থায়ী ব্যৱস্থা।[7] ২০২৩ চনৰ ২৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিখন জিলা ক্ৰমে বিশ্বনাথ, হোজাই, বজালী, আৰু তামুলপুৰ জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰে৷[8][9] ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা পুনৰ ৩৫খন হৈ পৰে৷

জিলাসমূহ

[সম্পাদনা কৰক]

অসমৰ ৩৫খন জিলা হ'ল:[10]

কোড[11] জিলা সদৰ জনসংখ্যা (২০১১)[12] মাটিকালি (বৰ্গ কিমি) ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UDওদালগুৰি#ওদালগুৰি৮৩২,৭৬৯১,৬৭৬৪৯৭
CAকাছাৰশিলচৰ১,৭৩৬,৩১৯৩,৭৮৬৩৮১
KUকামৰূপআমিনগাঁও১,৫১৭,২০২৩,১০৫৫২০
KMকামৰূপ মহানগৰগুৱাহাটী১,২৬০,৪১৯৯৫৫৮২০
KGকাৰ্বি আংলংডিফু৯৬৫,২৮০৭,৩৯৯৭৮
KJকোকৰাঝাৰ#কোকৰাঝাৰ৯৩০,৪০৪৩,১২৯২৯৭
KRকৰিমগঞ্জকৰিমগঞ্জ১,২১৭,০০২১,৮০৯৫৫৫
GGগোলাঘাটগোলাঘাট১,০৫৮,৬৭৪৩,৫০২২৭০
GPগোৱালপাৰাগোৱালপাৰা১,০০৮,৯৫৯১,৮২৪৪৫১
CHচিৰাং#কাজলগাঁও৪৮১,৮১৮১,৪৬৮৩২৮
CDচৰাইদেউ[13]সোণাৰি[14] ৯৩৯
DIডিব্ৰুগড়ডিব্ৰুগড়১,৩২৭,৭৪৮৩,৩৮১৩৪৭
DHডিমা হাছাওহাফলং২১৩,৫২৯৪,৮৯০৪৪
TIতিনিচুকীয়াতিনিচুকীয়া১,৩১৬,৯৪৮৩,৭৯০৩০৩
-তামুলপুৰ#তামুলপুৰ---
SMদক্ষিণ শালমাৰা-মানকাচৰ[13]হাটশিঙিমাৰি[15]৫৫৫,১১৪৫৬৮৯৮০
DRদৰংমঙ্গলদৈ৯০৮,০৯০৩,৪৮১৪৩২
DUধুবুৰীধুবুৰী১,৯৪৮,৬৩২২,৮৩৮৫৭৬
DMধেমাজিধেমাজি৬৮৮,০৭৭৩,২৩৭১৭৬
NNনগাঁওনগাঁও২,৮২৬,০০৭৩,৮৩১৬০৪
NBনলবাৰীনলবাৰী৭৬৯,৯১৯২,২৫৭৫০৪
WKপশ্চিম কাৰ্বি আংলং[13]হামৰেণ[16]২,০০,০০০ ৩,০৩৫
BOবঙাইগাঁওবঙাইগাঁও২,০৬০,৫৫০১,৭২৪৪২৫
BKবাক্সা#মুছলপুৰ৯৫৩,৭৭৩২,৪০০৩৯৮
BSবিশ্বনাথ[13]বিশ্বনাথ চাৰিআলি[17]৫,৮০,০০০৩,০০০৫৩০
BPবৰপেটাবৰপেটা১,৬৯৩,১৯০৩,২৪৫৫০৬
-বজালীপাঠশালা---
MJমাজুলীগড়মূৰ[18]১৬৭,৩০৪৮৮০৩০০
MAমৰিগাঁওমৰিগাঁও৯৫৭,৮৫৩১,৭০৪৪৫৫
JOযোৰহাটযোৰহাট১,০৯১,২৯৫২,৮৫১৩৫৪
LAলখিমপুৰউত্তৰ লখিমপুৰ১,০৪০,৬৪৪২,২৭৭৩৯১
SVশিৱসাগৰশিৱসাগৰ১,১৫০,২৫৩২,৬৬৮৩৯৫
STশোণিতপুৰতেজপুৰ১,৯২৫,৯৭৫৫,৩২৪৩১৫
HAহাইলাকান্দিহাইলাকান্দি৬৫৯,২৬০১,৩২৭৪০৯
HJহোজাই[13]হোজাই[19]৯৩১,২১৮

# - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.business-standard.com/article/news-ians/assam-gets-five-more-districts-115081501386_1.html
  2. "আৰ্কাইভ কপি". Archived from the original on 2022-05-16. https://web.archive.org/web/20220516182923/http://ind.ind.in/news/cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day/ আহৰণ কৰা হৈছে: 2015-08-15.
  3. "Assam: Majuli becomes 1st river island district of India". Hindustan Times (Guwahati). 27 June 2016. Archived from the original on 29 August 2016. https://web.archive.org/web/20160829023254/http://www.hindustantimes.com/indianews/assam-majuli-to-become-india-s-first-river-island-district/story-hzFoxSUxh3IpRpSeIqrhtM.html আহৰণ কৰা হৈছে: 28 June 2016.
  4. "'Bajali' to become the 34th full-fledged district of Assam". The Sentinel (Guwahati). 8 August 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-to-become-the-34th-full-fledged-district-of-assam-494424 আহৰণ কৰা হৈছে: 12 August 2020.
  5. Desk, Sentinel Digital (2021-01-24). "Assam Govt Forms Tamulpur As New District In State" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-govt-forms-tamulpur-as-new-district-in-state-574587 আহৰণ কৰা হৈছে: 2022-01-24.
  6. Kangkan Kalita (Jan 1, 2023). "Assam merges 4 new districts with 4 others ahead of ‘delimitation’ | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/guwahati/assam-merges-4-new-districts-with-4-others-ahead-of-delimitation/articleshow/96653756.cms আহৰণ কৰা হৈছে: 2023-01-01.
  7. "Protests In Assam Over Move To Merge 4 Districts With Existing Ones". NDTV.com. https://www.ndtv.com/india-news/protests-in-assam-over-move-to-merge-4-districts-with-existing-ones-3653865 আহৰণ কৰা হৈছে: 2023-01-01.
  8. "ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...". https://www.asomiyapratidin.in/assam/assam-cabinet-decision-on-4-new-district.
  9. "Assam Cabinet decides to ‘create’ 4 districts". thehindu.com. https://www.thehindu.com/news/national/other-states/assam-cabinet-decides-to-create-4-districts/article67235407.ece আহৰণ কৰা হৈছে: 2023-11-01.
  10. The Office of Registrar General and Census Commissioner of India.
  11. আন্তঃৰাষ্ট্ৰীয় মান সংস্থা ৩১৬৬-২:আই এন
  12. "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
  13. 1 2 3 4 5 "CM Tarun Gogoi announces 5 new districts in Assam on Independence Day". Daily News and Analysis. PTI (Guwahati). 15 August 2015. http://www.dnaindia.com/india/report-cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day-2114724 আহৰণ কৰা হৈছে: 15 August 2015.
  14. "Charaideo inaugurated as a new dist". Assam Tribune. Archived from the original on 25 November 2020. https://web.archive.org/web/20201125110703/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1516%2Fstate050 আহৰণ কৰা হৈছে: 15 February 2016.
  15. "South Salmara-Mankachar dist inaugurated". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023802/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1116%2Fstate051 আহৰণ কৰা হৈছে: 11 February 2016.
  16. "West Karbi Anglong district inaugurated". Assam Tribune. Archived from the original on 3 April 2016. https://web.archive.org/web/20160403111745/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1216%2Fstate054 আহৰণ কৰা হৈছে: 11 February 2016.
  17. "Biswanath district inaugurated". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023327/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0216%2Fstate051 আহৰণ কৰা হৈছে: 2 March 2016.
  18. "Majuli to function as new district from today". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023219/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep0816%2Fat050 আহৰণ কৰা হৈছে: 9 September 2016.
  19. "Hojai inaugurated as new district". Voice of Greater Assam. Archived from the original on 22 February 2016. https://web.archive.org/web/20160222075032/http://www.voiceofgreaterassam.com/hojai-inaugurated-as-a-new-district-in-assam/ আহৰণ কৰা হৈছে: 20 February 2016.