সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৫/ৱিকিসংযোগ প্ৰকল্পৰ অভিজ্ঞতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • বিভূতি গগৈ

এই প্ৰকল্পত যোগ দিয়াৰ পূৰ্বে ৱিকিপিডিয়াত কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ। প্ৰথম দুমাহত ৱিকিপিডিয়াত প্ৰবন্ধ লিখা, কমন্সত ফটো আপলোড কৰা, ৱিকি উদ্ধৃতিত লেখা দিয়া আদি শিকিলোঁ। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ডিচেম্বৰ মাহত একো কাৰ্যতে ভাগ ল'ব নোৱাৰি বহুখিনি পিছ পৰি গ'লোঁ। ভৱিষ্যতে অভিজ্ঞ ৱিকিমিডিয়ানসকলৰ পৰা শিকিব পাৰিম বুলি আশা কৰিছোঁ। ৱিকিত সমস্যা হৈছিল ব্যক্তি এজনৰ ইমেজ বক্সটো ক'পি কৰি অনাত। তালিকা আকাৰত থকা তথ্যবোৰ যথাস্থানত বহুৱাওঁতে অসুবিধা পাওঁ। শ্ৰেণী সংযোগ কিয় কৰা দৰকাৰী ভালকৈ এতিয়াও বুজা‌ নাই। অন্যান্য প্ৰশিক্ষাৰ্থীসকলৰ তুলনাত বিশেষ শিকা নহ'ল। তথাপি ভৱিষ্যতে যি পাৰোঁ শিকিবলৈ যত্ন কৰিম। এই ছেগতে সকলো প্ৰদৰ্শকলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ অৱদান অতুলনীয়। JAKHINI (বাৰ্তা)

  • পৱন বৰ্মন

ইয়াৰ পূৰ্বে ৱিকিপিডিয়াত কেনেকৈ কাম কৰিব পাৰি সেই বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ, আচলতে ৱিকিপিডিয়াত কিবা লিখা কথা কেতিয়াওঁ ভবাও নাছিলোঁ। প্ৰথম অৱস্থাত এটা শংকা আছিল যিহেতু মই অনভিজ্ঞ, কিন্তু মোৰ মেণ্টৰ সন্মানীয় অজয় দাসে যথেষ্ট কষ্ট কৰি মোক কিছু শিকালে। প্ৰবন্ধ লিখা, কমন্সত ফটো আপলোড কৰা, ৱিকি উৎসত সংশোধন কৰা আদি শিকিলোঁ। এয়া অন্য এক অভিজ্ঞতা লাভ কৰিলোঁ; কিন্তু ব্যস্ততাৰ বাবে বছি সময় দিব নোৱাৰিলোঁ। ভৱিষ্যতে অভিজ্ঞ ৱিকিমিডিয়ানসকলৰ পৰা আৰু অধিক শিকিব পাৰিম বুলি আশা ৰাখিছোঁ। ৱিকিত তালিকাত লিখা আৰু সাঁচ কপি কৰাত অলপ সমস্যাৰ সন্মুখীন হৈছোঁ। অন্যান্য প্ৰশিক্ষাৰ্থীসকলৰ তুলনাত কিছু পিচ পৰি ৰ'লোঁ যদিও ভৱিষ্যতে শিকিবলৈ চেষ্টা কৰি যাম। এই প্ৰকল্পত জড়িত ন-পুৰণি সকলো সদস্যকে আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ অৱদান শলাগীবলগীয়া। পৱন বৰ্মন (বাৰ্তা) 17:20, 28 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • নৰুনা বৰুৱা

২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম‌ই অসমীয়া ৱিকিপিডিয়াৰ স্বয়ংক্ৰিয় সদস্য হৈ লৈছিলোঁ। বিশেষকৈ প্ৰয়াত সাহিত্যিক লোহিত দত্তবৰুৱা ডাঙৰীয়াই সামাজিক মাধ্যমৰ সাহিত্যৰ গ্ৰোপ এটাত মোৰ লিখনি এটাত অসমীয়া ভাষাৰ ডিজিটেল ৰূপত স্থায়ীভাৱে সংৰক্ষিত কৰিব পৰাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তেখেতৰ পৰামৰ্শটো মই অতিশয় ভাল পালোঁ। সেয়ে সদস্য হৈ পৰিলোঁ। আগতে ইণ্টাৰনেটত তথ্য চাওঁতে দেখা পাওঁ যে ইংৰাজী ৱিকিপিডিয়াত সকলো বিলাক পোৱা যায়। কিন্তু অসমীয়া ভাষাত সকলোবোৰ পোৱা নাযায়। ৱিকিপিডিয়াত সদস্য হোৱাৰ পাছত ছেগা-চোৰোকাকৈ প্ৰবন্ধ বিলাক সম্পাদনা কৰি গৈছিলো, যদিও প্ৰবন্ধ এটা সৃষ্টি কৰিবলৈ জনা নাছিলোঁ। প্ৰথমাৱস্থাত ৱিকিপিডিয়াত মোৰ প্ৰবন্ধ লিখোঁতে সাহিত্যৰ ৰচনাৰ দৰে হৈছিল বাক্যবোৰ। ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখোঁতে নিৰপেক্ষ আৰু তথ্যজনক হোৱাটো দৰকাৰী আৰু ৱিকিপিডিয়াত যে সকলোৱে সম্পাদনাত অৰিহণা যোগাব পৰা এখন ডিজিটেল বিশ্বকোষ,সেয়া পাছলৈ গম পাইছিলো। মেণ্টৰশ্বিপ প্ৰকল্প আৰম্ভ হোৱাৰ পাছত ৰুমী বৰা বাইদেউক মেণ্টৰ হিচাপে পাই তেওঁৰ পৰা ভাল দিহা পৰামৰ্শৰ লগতে অন্যান্য মেণ্টৰসকলেও গ্ৰোপত নজনা কথাবিলাক সুধিলে ভালদৰে সঁহাৰি দি বুজাই দিছিল। সেয়ে সকলোকে ধন্যবাদ জনালোঁ। কিন্তু মোৰ নিজৰ ব্যক্তিগত অসুবিধাৰ ৱিকিউৎসত লিখা নহ'ল আৰু শিকা নহ'ল। আশা কৰোঁ পাছলৈও শিকি যাব পাৰিম।Naruna Baruah (বাৰ্তা) 22:45, 28 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • হিমাশ্ৰী বৰা

২০২৪ চনৰ ৫ আৰু ৬ এপ্ৰিল তাৰিখে মহাবিদ্যালয়ত অৰ্থাৎ ৱিমেনজ্ কলেজ,তিনিচুকীয়াত আয়োজিত ৱিকিমিডিয়া কৰ্মশালাৰ সুবাদতে ৱিকিপিডিয়াৰ সদস্যভুক্ত হৈছিলোঁ কৰ্মশালাৰ সমল ব্যক্তি তথা সক্ৰিয় ৱিকিমিডিয়ান ভাস্কৰ ভূঞা ছাৰৰ সহায়ত। পৰৱৰ্তী সময়ত ছাৰৰ লগতে ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পৰ গঢ়-গতিৰ বুজ ল'বলৈ সক্ষম হওঁ অনামিকা বড়া বা আৰু ৰুমী বৰা জেঠাইৰ যোগেদি। অক্টোবৰ মাহৰ পৰা তিনিমহীয়া 'ৱিকি-মেণ্টৰশ্বিপ প্ৰকল্প'ৰ মেণ্টি হিচাপে অংশ লোৱাৰ পাছত শিকাৰ ইচ্ছাক গতি দিয়াৰ সৌভাগ্য হয় মেণ্টৰ দিব্য দত্ত ছাৰৰ তত্ত্বাৱধানত। তিনিমাহ নহওঁতেই ৱিকিউৎসত প্ৰায় চাৰিখন কিতাপৰ মুদ্ৰণ সংশোধন কৰিব পৰাকৈ পোৱা তেখেতৰ সহযোগিতাৰ ভৰত অনাগত দিনতো যথাসাধ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ম বুলি বিশ্বাস জন্মিছে। ৱিকিপিডিয়াত সম্পাদনাৰ মৰসাহ কৰিব পৰা নাই যদিও আগন্তুক বছৰটোত এই কাম সম্ভৱ কৰি তোলাৰ বাবে মন বান্ধিছোঁ। মেণ্টৰশ্বিপ প্ৰকল্প সমাপ্ত হোৱাৰ পাছতো শিকিবলৈ ৰৈ যোৱাখিনি শিকি,বৰঙণি যোগাবলৈ পালেহে 'মেণ্টি' আভূষণ সাৰ্থক হ'ব বুলি ভাবিম। চলিত বছৰৰ এপ্ৰিল মাহত সদস্যভুক্ত হৈ মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈ যি সীমিত বৰঙণিৰেও সক্ৰিয় সদস্য হৈ থাকিব পাৰিলোঁ, সতীৰ্থ মেণ্টিসকলে যি অভূতপৰ্ব কৰ্মদক্ষতাৰে সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধিৰ অংশীদাৰ হ'ল - এই সক্ৰিয়তা বৰ্তি থকাৰ কামনা কৰিলোঁ। অসমীয়া ৱিকিপিডিয়াৰ অক্লান্ত কৰ্মীসকললৈ অনিঃশেষ শুভেচ্ছা।Himashree Borah (বাৰ্তা) 14:53, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • পাপৰি বৰা

২০২১ বৰ্ষত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছুপৰিমাণে জানিব পাৰি এটা একাউণ্ট খুলিছিলোঁ। কিন্তু সেই সময়ত,কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পাৰি,সেই বিষয়ে কোনো ধাৰণা নথকাৰ বাবে সেই যাত্ৰা সিমানতে ৰৈ গৈছিল। কিন্তু সম্পূৰ্ণ তিনিবছৰৰ পিছত ২০২৪ বৰ্ষৰ,ছেপ্টেম্বৰ মাহত এই প্ৰকল্পৰ সৈতে পুনৰ জড়িত হোৱাৰ আমাৰ সৌভাগ্য হ'ল। মেণ্টৰ হিচাপে লাভ কৰা জলি ৰুমী বৰা বাইদেউৰ আন্তৰিকতা,সহযোগিতা আৰু সহৃদয়তাই বিমুগ্ধ কৰিলে। লগতে প্ৰতিগৰাকী অভিজ্ঞ ৱিকিমিডিয়ানৰ পৰা লাভ কৰা প্ৰত্যয়ভৰা সঁহাৰিও আদৰণীয় আছিল। বিভিন্ন গ্ৰন্থ, উপন্যাস, চিনেমাৰ প্ৰিয় সংলাপসমূহ সংগ্ৰহ কৰি সাঁচি ৰখাটো আমাৰ এটা অন্যতম প্ৰিয় কাম। পূৰ্বতে জনা নাছিলো যে 'ৱিকি উদ্ধৃতি' শীৰ্ষক কোনো প্ৰকল্প আছে। প্ৰথম এই প্ৰকল্পৰ বিষয়ে জানিব পাৰি অত্যন্ত আহ্লাদিত হৈছিলোঁ। মোৰ বাবে সপোন সপোন লগা এটা প্ৰকল্প আছিল-'ৱিকি উদ্ধৃতি'। এই প্ৰকল্পত কাম কৰি খুবেই ভাল লাগিল। ৱিকি উৎসত বৰ বিশেষ কাম আৰম্ভ কৰিব পৰা নাই,তথাপি অনাগত সময়ত ৱিকিৰ প্ৰতিটো প্ৰকল্পতে নিজৰ যৎপৰোনাস্তি অৱদান আগবঢ়াবলৈ চেষ্টা কৰিম। ৱিকি সংযোগ মেণ্টৰশ্বিপ প্ৰকল্পৰ সৈতে জড়িত হৈ যেন নিজৰ ভাষাটোক আৰু অকণমান বেছিকৈ ভাল পাবলৈ ল'লো,দায়বদ্ধতা অনুভৱ কৰিলোঁ। আশা ৰাখিছোঁ,এই দায়বদ্ধতাই আগন্তুক সময়তো আমাক উদ্বুদ্ধ কৰি ৰাখিব,সংকুচিত জীৱনৰ পৰিধিৰ পৰিৱৰ্তে বিশাল পোহৰৰ বাটৰ সন্ধান দিব। শেষত,এটা বিশুদ্ধ, মহৎ উদ্দেশ্যৰ কাৰণে নিজৰ জীৱনৰ পৰা এখিনি সোণ সৰা সময় আগবঢ়াই দিয়া অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ। পাপৰি বৰা (বাৰ্তা) 15:00, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • সুস্মিতা লেখাৰু

প্ৰথমেই অসমীয়া ৱিকিৰ সমূহ সতীৰ্থলৈ সম্ভাষণ। মই ২০২৪ বৰ্ষৰ ২৬ চেপ্তেম্বৰত প্ৰথম ৱিকিৰে জড়িত হওঁ ফেইচবুক বন্ধু এজনৰ পোষ্ট এটাৰ যোগেদি ৰুমী বাইদেউৰ তত্ত্বাৱধানত ৱিকি মেণ্টৰশ্বিপ প্ৰগামৰ দ্বাৰা। তাৰ আগলৈকে ৱিকিৰ বিষয়ে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল। কিন্তু মাতৃভাষাৰ প্ৰতি কিবা কৰাৰ টান সদায় আছে। ইয়েই মোক উদুদ্ধ কৰিলে ৱিকিলৈ আৰম্ভণি যাত্ৰাত। মই কি দিব পাৰিছোঁ বা পাৰিম নাজানো, কিন্তু ৱিকিৰে সৈতে যে থাকিম সেয়া নিশ্চিত। মেণ্টৰসকল, উদ্যোক্তাসকলক ধন্যবাদ -- আমাক ইমান সুন্দৰকৈ আগুৱাই নিয়াৰ বাবে, কাৰণ একোৱেই নজনা মোক তথা মোৰদৰে আনসকলক হাতত ধৰি অ,আ, শিকোৱাৰ দৰে শিকাইছিল। যোৱা ৩ মাহত অলপকৈ চিনাকি হ’লো ৱিকিৰে, ভৱিষ্যতলৈ আৰু বহু বাকী আছে শিকিবলৈ। আশাকৰোঁ সকলোৱে হাতে হাত ধৰি আমি আগুৱাই যাম। অসমীয়াৰ, অসমীয়া ৱিকিৰ জয়যাত্ৰা সদায় অটুত থাকক তাৰ কামনা সদায় কৰিম। জয়তু অসমীয়া ৱিকি॥ Sushmita Lekharu (বাৰ্তা) 15:55, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • কুমুদ ঘোষ

এই প্ৰকল্পত যোগ দিয়াৰ পূৰ্বে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে মই বিশেষ একো জনা নাছিলোঁ। এই প্ৰকল্পৰ জৰিয়তে ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ লিখিব লাগে, কাকত-আলোচনীতকৈ ৱিকিপিডিয়াত লিখাৰ শৈলীৰ ভিন্নতা কিদৰে পৃথক, ৱিকিমিডিয়া কমন্সত ফটো আপলোড কৰা, ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ কৰা, ৱিকিউৎসত পাঠ শুদ্ধ কৰা আদি কথাৰ লগতে বিভিন্ন সাঁচৰ প্ৰয়োগ আৰু তথ্যসূত্ৰ সংযোগ আদিৰ বিষয়ে‍ কিছু পৰিমাণে শিকিলোঁ। ব্যক্তিগতভাৱে ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স, ৱিকিউদ্ধৃতি আৰু ৱিকিউৎস আটাইকেইটাতে কাম কৰি ভাল পাইছোঁ। এই তিনিমাহত বহু কথা শিকিলোঁ আৰু বহু কথা শিকিবলৈ এতিয়াও বাকী আছে বুলি অনুভৱ কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ মেণ্টৰ প্ৰণামিকা অধিকাৰী বাইদেউৰ আন্তৰিকতাই বহু কথা শিকাত সহায় কৰিলে। অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰতিজন সদস্যৰ ওচৰত নতুন জগত এখনৰ সৈতে পৰিচয় হ’বলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইংৰাজী নৱবৰ্ষই সকলোৰে মনলৈ নতুন কৰ্ম-প্ৰেৰণাৰ শক্তি কঢ়িয়াই আনক সেই আশাৰে অসমীয়া ৱিকিপিডিয়াৰ জয়যাত্ৰা কামনা কৰিলোঁ।

কুমুদ ঘোষ (বাৰ্তা) 05:45, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • দিপাংকৰ দাস

মই ২০২২ চনৰ ডিচেম্বৰ মাহত ৱিকিৰ সৈতে জড়িত হওঁ। ৱিকি সম্বন্ধে সম্যক জ্ঞান লৈয়ে প্ৰবন্ধ লিখি গৈছিলো। তাৰ পিছত এদিন ফেইচবুকৰ যোগেদি "ৱিকি-মেণ্টৰশ্বিপ প্ৰকল্প"ৰ বিষয়ে জ্ঞাত হওঁ। মই পূৰ্বতে লিখা প্ৰবন্ধবোৰত বহু পৰিমাণে ভুল-ত্ৰুটি ৰৈ গৈছিল। সেয়ে মোৰ বাবে ই এক সোণালী-সুযোগ আছিল। "ৱিকি মেণ্টৰশ্বিপ" নামৰ হোৱাট্‌ছএপ গ্ৰুপটোত জড়িত হোৱাৰ পিছত জলি ৰুমী বৰা বাইদেৱে মোৰ মেণ্টৰ বাবুল বৈশ্য ছাৰৰ লগত চিনাকি কৰাই দিয়ে। এই তিনিমহীয়া কাৰ্যসূচীটোত, সন্মানীয় মেণ্টৰগৰাকীৰ পৰা আগেয়ে নজনা বহুতো কথাই শিকিলোঁ। আন্তঃৱিকি সংযোগৰ পৰা আৰম্ভ কৰি ফাইল আপলোড, শ্ৰেণীকৰণ, অনুবাদ কৌশল আদি বিভিন্ন কথা শিকিলোঁ। আৰু অনেক কৌশল-কিটিপ শিকিবলৈ বাকী আছে। ব্যক্তিগতভাৱে মই প্ৰবন্ধ লিখিয়ে ভাল পাইছোঁ। ডিজিটেল পৃথিৱীখনত নিজ মাতৃভাষাক চহকী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো ৱিকিত কাম কৰি যাম আৰু অভিজ্ঞসকলৰ দিহা-পৰামৰ্শও পাই থাকিম বুলি আশা থাকিল। শেষত, অসমীয়া ৱিকিপিডিয়াৰ সকলো অক্লান্ত কৰ্মীৰে শলাগ লৈছোঁ। Dasdipankar2005 (বাৰ্তা) 12:02, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • অঞ্জুমণি শইকীয়া

২০২৪ৰ আগষ্ট মাহৰ ২২ তাৰিখ,হঠাৎ মোৰ ভগ্নীসম অনামিকা বড়াৰ পৰা এটি বাৰ্তা পালো যে, "বাইদেউ আপোনালোকৰ প্ৰশিক্ষণ স্থলিত শ্ৰদ্ধাৰ দিব্য দত্ত চাৰক লগ কৰিবচোন। তেখেত ৱিকিপিডিয়াৰ এজন নীৰৱ কিন্তু সক্ৰিয় সাধক।"কিন্তু মোৰেই দুৰ্ভাগ্য যে তাৰ আগদিনাই সেই ঠাইত আমাৰ কাৰ্যসূচীৰ সমাপন ঘটিছিল। গতিকে তেখেতক লগ পাইও লগ পোৱাৰ সৌভাগ্য নহ'ল।কিন্তু ৱিকিপিডিয়াৰ কাম শিকাৰ দুৰ্বাৰ হেঁপাহ। প্ৰৱল ইচ্ছাৰ বাবেই হয়তো ৱিকিৰ তিনিমহীয়া প্ৰকল্প কাৰ্যসূচী মোৰ বাবে আশীৰ্বাদ হৈ আহিল। সোণতে সুৱগা চৰাই মেণ্টৰ ৰূপত লাভ কৰিলো সুদুৰ কানাডাৰ ড৹ জলী ৰুমী বৰা বাইদেউ ক। তেখেতে ৱিকিৰ "অ আ ক খ" ৰ পৰা অৰ্থাৎ একাউণ্ট খুলাৰ পৰা প্ৰত্যেকটো প্ৰকল্পই অতি সুন্দৰভাৱে তথা নিখুঁতভাৱে আমাৰ আগত উনুকিয়াই গ'ল। তাৰে ভিতৰত মই প্ৰথমেই "ৱিকি উদ্ধৃতি" আৰু তাৰ পিছত "ৱিকি উৎস"ত জনা নজনাৰ মাজেৰে কাম কৰিবলৈ অধিক আগ্ৰহী হ'লো।লগতে ইংৰাজী ৱিকিপিডিয়াৰ পৰা অসমীয়া ৱিকিপিডিয়ালৈ দুই এটা প্ৰৱন্ধ অনুবাদ কৰিবলৈও চেষ্টা কৰি চালো। ইয়াৰ বাবে শ্ৰদ্ধাৰ আনসকল মেণ্টৰলৈও কৃতজ্ঞতা জনালোঁ। প্ৰকল্পৰ সময়ত আৰম্ভণিতে টান পোৱা কামবোৰ জলী বাইদেৱে খুউব সুন্দৰকৈ বুজাই দিয়াৰ বাবে পাছলৈ সহজ হৈ পৰে। এয়া শিকাৰ আৰম্ভণিহে। ভৱিষ্যতেও আপোনালোক সকলোৰে সহায় সহযোগত যাতে নিজ মাতৃভাষাক বিশ্ব দৰবাৰত জিলিকাই তোলাত অলপ হলেও বৰঙণি যোগাব পাৰোঁ তাৰেই কামনা কৰিলোঁ। শেষত সদৌটিলৈ শ্ৰদ্ধা নিবেদিলো।অঞ্জুমণি শইকীয়া (বাৰ্তা) 15:03, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • দীপেন বৰুৱা

শ্ৰদ্ধাৰ মেণ্টৰসকলে অতি কম সময়তে বোধগম্য হোৱাকৈ সৰলীকৃত কৰি প্ৰতিটো কথা ইমান সাৱলীলভাৱে বুজাই দিলে যে ইয়াৰ কাৰিকৰী ব্যৱস্থাবোৰ বুজি পোৱাত অলপো অসুবিধা নহ’ল ৷৷ শ্ৰদ্ধাৰ গীতাৰ্থ বৰদলৈকে আদি কৰি সকলো মেণ্টৰে সুন্দৰভাৱে পৰ্য্যায়ক্ৰমে প্ৰতিটো বিষয় যেনে পৃষ্ঠা সৃষ্টি, ৱিকিপিডিয়াত লিখা আৰু প্ৰকাশ কৰাৰ ভাষা, সম্পাদনাৰ বিভিন্ন কৌশল, তথ্য সূত্ৰ যোগ কৰা, ছবি আপল’ড, কবিতা সম্পাদনা আদি সকলো বুজাই গ’ল ৷৷ চমু কথাত ৱিকিপিডিয়াত অৰিহণা যোগাব পৰাকৈ আমি সকলোৱে কম-বেছি পৰিমাণে প্ৰাৰম্ভিক জ্ঞানখিনি লাভ কৰিবলৈ সক্ষম হ’লোঁ এই মেণ্টৰশ্বিপ কাৰ্যক্ৰমৰ জৰিয়তে ৷৷ ৱিকিপিডিয়াৰ প্ৰতিটো ক্ষেত্ৰতেই কাম কৰিবলৈ ইচ্ছা জাগে যদিও ৱিকি উৎসত কাম কৰিবলৈকে অলপ বেছি ভাল হয় যেন অনুভৱ হয় ৷৷ শেষত, অসমীয়া ৱিকিপিডিয়ালৈ অৰিহণা আগবঢ়োৱা সকলো স্বেচ্ছাসেৱীৰ লগতে এই মেণ্টৰশ্বিপ কাৰ্য্যক্ৰমৰ লগত জড়িত সকলো শ্ৰদ্ধাৰ ব্যক্তিসকললৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাক এইখন জগতৰ লগত নতুনকৈ চিনাকি কৰি দিয়াৰ বাবে ৷৷ শুভকামনাৰে - দীপেন বৰুৱা (বাৰ্তা) 15:40, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]