ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ।
মই মো. সাদমান ছাকিব, এজন বাংলাদেশী ৱিকিপিডিয়ান। ২০১৬ চনত বিদ্যালয়ৰ “তথ্য আৰু যোগাযোগ প্ৰযুক্তি” কিতাপত মই প্ৰথমবাৰ ৱিকিপিডিয়াৰ বিষয়ে জানিব পাৰিলোঁ। তেতিয়াৰ পৰাই মই ৱিকিপিডিয়াত লিখিব বিচাৰিছিলোঁ; যদিও ইণ্টাৰনেট সংযোগৰ অভাৱৰ বাবে সম্পাদনা কৰিব পৰা নাছিলোঁ। ২০১৮ চনত, মই হঠাতে লক্ষ্য কৰিলোঁ, ফ্ৰী-বেচিক্স নামৰ এটা ৱেবছাইটত এম. বি. (মেগাবাইট) খৰচ নকৰাকৈ ৱিকিপিডিয়া পঢ়িব পৰা যায়। (এই সুবিধাটো এতিয়া বন্ধ হৈ গৈছে।) তেতিয়াৰ পৰাই মই ৱিকিপিডিয়াৰ নিয়মীয়া পাঠক। সেই সময়ত ৱিকিপিডিয়াৰ জৰিয়তে মই "অসমীয়া" নামৰ ভাষাটোৰ বিষয়ে জানিব পাৰিলোঁ। মোৰ মাতৃভাষা বাংলাৰ লগত অসমীয়া ভাষাত একে লিপি ব্যৱহাৰ কৰা দেখি বৰ আচৰিত হ’লোঁ। তেতিয়াৰ পৰাই অসমীয়া ভাষাৰ প্ৰতি মোৰ প্ৰেম গঢ় লৈ উঠিল।

 কিন্তু কোনো অজ্ঞাত কাৰণত, ফ্ৰী-বেচিক্স ৱেবছাইটৰ পৰা যেতিয়াই মই ৱিকিপিডিয়া সম্পাদনা কৰিবলৈ চেষ্টা কৰোঁ, মোৰ আইপি অৱৰুদ্ধ হৈ পৰে। এনেকৈ আৰু দুবছৰ পাৰ হৈ গ’ল। ২০২০ চনৰ ২০ জানুৱাৰীত হঠাৎ লক্ষ্য কৰিলোঁ যে, আইপি ব্লক অবিহনে ৱিকিপিডিয়াত সম্পাদনা কৰিব পাৰিলোঁ! তাৰ পিছত মই কোনো পলম নকৰাকৈ বাংলা ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ আৰম্ভ কৰিলোঁ। মই প্ৰথমে বাংলাদেশী প্ৰবন্ধটো সম্পাদনা কৰিলোঁ। সেইদিনা মই এই একাউণ্টটো খুলিলোঁ। বাংলা ৱিকিপিডিয়াত মোৰ প্ৰথম প্ৰবন্ধটো হৈছে খেওড়া। (কিছুদিন আগতে অসমীয়া ৱিকিত খেওড়া প্ৰবন্ধটো সৃষ্টি কৰিছিলোঁ।) তেতিয়াৰ পৰা মই নিয়মিতভাৱে ৱিকিপিডিয়া সম্পাদনা কৰি আহিছোঁ। বিশেষকৈ কোভিড-১৯ৰ লকডাউনৰ সময়ত, মোৰ সম্পাদনাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল।

 ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত মই প্ৰথমবাৰ অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰিছিলোঁ। কিন্তু মই তেতিয়ালৈকে অসমীয়া ভাষা বুজি পোৱা নাছিলোঁ বাবে অসমীয়া ৱিকিপিডিয়া পঢ়ি অসমীয়া শিকিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় এবছৰৰ ভিতৰত, মই মোটামুটিকৈ ভাষাটো আয়ত্ত কৰিব পাৰোঁ‌। ২০২১ চনৰ ৫ মে তাৰিখে মই অসমীয়া ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধটো সৃষ্টি কৰিছিলোঁ (মটক স্বায়ত্তশাসিত পৰিষদ)। তাৰ পিছত ১১ মে'ৰ পৰা মই প্ৰায়ে অসমীয়া ৱিকিত সম্পাদনা কৰি আহিছোঁ।

 মোৰ মাতৃভাষা বাংলা হোৱাৰ বাবে মই মূলতঃ বাংলা ৱিকিপিডিয়াত সক্ৰিয় (৩৮,০০০+ সম্পাদনা)। কিন্তু অসমীয়া ৱিকিপিডিয়াৰ লগতে মই ৱিকিমিডিয়া কমন্স, ৱিকিডেটা, বাংলা আৰু অসমীয়া ৱিকিউৎসতো সক্ৰিয়। মই বাংলা ৱিকিপিডিয়াৰ এজন নিৰীক্ষক, ৰোলবেকাৰ আৰু ফাইল মুভাৰ। লগতে ৱিকিমিডিয়া কমন্সত মই ফাইল মুভাৰ। ৱিকিত মোৰ আটাইতকৈ ডাঙৰ সাফল্য হৈছে ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১-ত গোলকীয়ভাৱে প্ৰথম স্থান লাভ কৰা। লগতে অসমীয়া ৱিকিপিডিয়াত এছিয়ান মাহ ২০২১-ত তৃতীয় স্থান লাভ কৰিছিলোঁ।

 অসমীয়া ৱিকিপিডিয়া সম্পাদনাত ৱিকিৰ ভিতৰত আৰু বাহিৰত মোক আটাইতকৈ বেছি সহায় কৰিছে সন্মানীয় হানিফ আলী আৰু কুলধৰ ৰাভা দাদায়ে। তদুপৰি নয়ন দাদাকে প্ৰমুখ্য কৰি অসমীয়া ৱিকিপিডিয়াৰ সকলোকে মোক ইয়াত লিখিবলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ধন্যবাদান্তে,
MS Sakib    «কওক...» 15:16, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]