সমললৈ যাওক

অষ্ট্ৰেলিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Australiaৰ পৰা পুনঃনিৰ্দেশিত)
কমনৱেল্‌থ অব অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া
Flag of অষ্ট্ৰেলিয়া (Australia)
Flag
Coat of arms of অষ্ট্ৰেলিয়া (Australia)
Coat of arms
Anthem: এডভান্চ অষ্ট্ৰেলিয়া ফেয়াৰ[2]

Location of অষ্ট্ৰেলিয়া (Australia)
ৰাজধানীকানবেৰা
Largest cityছিডনী
Official languagesইংৰাজীN2
DemonymsAustralian, Aussie[3][4]
GovernmentFederal parliamentary democracy and constitutional monarchy, see Government of Australia
• Monarch
Queen Elizabeth II
Quentin Bryce
স্কট মৰিছন
Independence 
1 January 1901
11 December 1931
9 October 1942 (with effect from 3 September 1939)
3 March 1986
Area
• Total
76,17,930 বৰ্গ কি.মি. (29,41,300 বৰ্গ মাইল) (6th)
Population
• 2026 estimate
এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৫"[5] (53rd)
• 2006 census
19,855,288[6]
• Density
2.833 /কিমি (7.3 /বৰ্গ মাইল) (232nd)
GDP (PPP)2009 estimate
• Total
$851.170 billion[7]
• Per capita
$38,910[7]
GDP (nominal)2010 estimate
• Total
$1.193 trillion[7]
• Per capita
$53,862[7]
HDI (2007)বৃদ্ধি 0.970[8]
Error: Invalid HDI value (2nd)
Currencyঅষ্ট্ৰেলিয় ডলাৰ (AUD)
Time zoneUTC+8 to +10.5 (variousN3)
• Summer (DST)
UTC+8 to +11.5 (variousN3)
Calling code+61
Internet TLD.au

অষ্ট্ৰেলিয়া (ইংৰাজী: Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্‌থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে। দেশখনৰ উত্তৰে টিমুৰ সাগৰ, আৰাফুৰা সাগৰ, আৰু টৰেচ প্ৰণালী; পূবে প্ৰবাল সাগৰ আৰু তাছমান সাগৰ; দক্ষিণে ব্যাস প্ৰণালী আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্ৰেলিয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত উত্তৰে পাপুৱা নিউগিনি, ইণ্ডোনেছিয়া আৰু পূৱ টিমুৰ; ছলমন দ্বীপপুঞ্জ আৰু ভানুৱাটু আছে উত্তৰ-পূবত আৰু দক্ষিণ-পূবত নিউজিলেণ্ড অৱস্থিত। দেশখন পূব-পশ্চিমে প্ৰায় ৪০০০ কিমি আৰু উত্তৰ-দক্ষিণে প্ৰায় ৩৭০০ কিমি দৈৰ্ঘ্যৰ। অষ্ট্ৰেলিয়া বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ আৰু ৬ষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কানবেৰা; আনহাতে ছিডনী হৈছে বৃহত্তম চহৰ। এই দুই চহৰ দক্ষিণ-পূব অষ্ট্ৰেলিয়াত অৱস্থিত।

অষ্ট্ৰেলিয়াত প্ৰথম বসতি স্থাপন কৰিছিল আদিবাসী জাতিসমূহে। ১৭শ শতিকাৰ আগলৈকে বিশ্বৰ অন্য অঞ্চল সমূহৰ সৈতে দ্বীপটোৰ কোনো পৰিচয় নাছিল। ১৭৮৮ চনত দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ পোৰ্ট জেকচনত প্ৰথম স্থায়ী উপনিৱেশ প্ৰতিষ্ঠা কৰা হয়; ই আছিল ব্ৰিটিছ কয়দীসকলৰ উপনিৱেশ। ই পৰৱৰ্তীকালত প্ৰসাৰিত হয় আৰু ছিডনী চহৰ ৰূপে পৰিণত হয়। ১৯ শতিকা পৰ্য্যন্ত অষ্ট্ৰেলিয়া এক ব্ৰিটিছ উপনিৱেশ আছিল। ১৯০১ চনত স্বাধীন অষ্ট্ৰেলিয়া গঠিত হয়।

অষ্ট্ৰেলিয়াৰ মুঠ মাটিকালি প্ৰায় ৭৬,১৭,৯৩০ বৰ্গ কি:মি: আৰু ই ইণ্ডো-অষ্ট্ৰেলিয় প্লেটত অৱস্থিত। আৰাফুৰা আৰু টিমুৰ সাগৰে অষ্ট্ৰেলিয়াক এছিয়াৰ পৰা পৃথক কৰিছে। দেশ খনৰ উত্তৰ-পূব সীমান্তত অৱস্থিত বৃহৎ প্ৰবাল প্ৰাচীৰ বিশ্বৰ বৃহত্তম প্ৰবাল প্ৰাচীৰ। এই প্ৰাচীৰ অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব সীমান্তৰ প্ৰায় ২০১০ কিমি অঞ্চল জুৰি বিস্তৃত। ই দৰাচলতে প্ৰায় ২৫০০ প্ৰাচীৰ আৰু অসংখ্য সৰু সৰু দ্বীপৰ সমষ্টি। কুইন্সলেণ্ডৰ তীৰৰ কাষত অৱস্থিত ফেয়াৰফক্স দ্বীপ গ্ৰেট ব্যাৰিয়াৰ ৰীফৰ অংশ।

অষ্ট্ৰেলিয়া ৬খন অংগৰাজ্য লৈ গঠিত: নিউ চাউথ ৱেল্চ, কুইন্সলেণ্ড, দক্ষিণ অষ্ট্ৰেলিয়া, তাছমেনিয়া, ভিক্টোৰিয়া আৰু পশ্চিম অষ্ট্ৰেলিয়া। ইয়াৰোপৰি আছে দুখন টেৰিটৰী — অষ্ট্ৰেলিয় ৰাজধানী টেৰিটৰী আৰু উত্তৰ টেৰিটৰী। বহি:ভাগৰ নিৰ্ভৰশীল অঞ্চলৰ মাজত আছে আছমোৰ আৰু কাৰ্টিয়াৰ দ্বীপপুঞ্জ, অষ্ট্ৰেলিয় এণ্টাৰ্কটিকা, ক্ৰিছমাছ দ্বীপ, কোকোছ দ্বীপপুঞ্জ, কোৰাল ছি দ্বীপপুঞ্জ, হাৰ্ড দ্বীপ আৰু মেকড'নাল্ড দ্বীপপুঞ্জ, আৰু নৰফ'ক দ্বীপ।

সাঁচ:Navbox top

সাঁচ:Navbox bottom

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. It's an Honour – Symbols – Australian National Anthem Archived 9 November 2007 at the Wayback Machine and DFAT – "Australian National Anthem" Archived 23 September 2015 at the Wayback Machine; "National Symbols". Parliamentary Handbook of the Commonwealth of Australia (29th সম্পাদনা). 2005 [2002]. Archived from the original on 11 June 2007. https://web.archive.org/web/20070611101901/http://www.aph.gov.au/library/handbook/40thparl/national+symbols.pdf। আহৰণ কৰা হৈছে: 7 June 2007. 
  2. Australia's royal anthem is "God Save the Queen", played in the presence of a member of the Royal family when they are in Australia. In other contexts, the national anthem of Australia, "Advance Australia Fair", is played.[1]
  3. The Macquarie Dictionary
  4. "Collins English Dictionary". প্ৰকাশক Bishopbriggs, Glasgow: HarperCollins. 2009. পৃষ্ঠা: 18. ISBN 0-00-786171-2. 
  5. "Population clock". Australian Bureau of Statistics website. Commonwealth of Australia. http://www.abs.gov.au/ausstats/abs@.nsf/94713ad445ff1425ca25682000192af2/1647509ef7e25faaca2568a900154b63?OpenDocument। আহৰণ কৰা হৈছে: 15 July 2010.  The population estimate shown is automatically calculated daily at 00:00 UTC and is based on data obtained from the population clock on the date shown in the citation.
  6. সাঁচ:Census 2006 AUS
  7. 7.0 7.1 7.2 7.3 "Australia". IMF website. প্ৰকাশক Washington, D.C.: International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=193&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=43&pr.y=13। আহৰণ কৰা হৈছে: 21 April 2010. 
  8. Human Development Report 2009. The United Nations. Retrieved 5 October 2009.
  9. "3218.0 - Regional Population Growth, Australia, 2016" (en ভাষাত). Australian Bureau of Statistics. 28 July 2017. http://www.abs.gov.au/AUSSTATS/abs@.nsf/Lookup/3218.0Main+Features12016?OpenDocument। আহৰণ কৰা হৈছে: 10 August 2017. 

বহিঃসংযোগ

[সম্পাদনা কৰক]