সেন্দূৰী বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Macaca arctoidesৰ পৰা পুনঃনিৰ্দেশিত)
সেন্দূৰী বান্দৰ
(Stump-tailed macaque)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. arctoides
বৈজ্ঞানিক নাম
Macaca arctoides
(I. Geoffroy, 1831)
সেন্দূৰী বান্দৰৰ বিতৰণ
(blue — native, red — introduced, orange — possibly extinct)
সমাৰ্থক
  • brunneus (Anderson, 1871)
  • harmandi (Trouessart, 1897)
  • melanotus (Ogilby, 1839)
  • melli (Matschie, 1912)
  • rufescens (Anderson, 1872)
  • speciosus (Murie, 1875)
  • ursinus (Gervais, 1854)

সেন্দূৰী বান্দৰ (ইংৰাজী: Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যনত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰীয়া বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়। এই ক'লা দাগবোৰৰ মাজে মাজে পৰিলক্ষিত হোৱা ৰঙা দাগবোৰৰ বাবে এই প্ৰজাতিৰ অসমীয়া নাম সেন্দূৰী বান্দৰ হয়।[3]

দৈহিক গঠন[সম্পাদনা কৰক]

সেন্দূৰী বান্দৰৰ সমগ্ৰ দেহটো ডাঠ, দীঘল, মটীয়া বৰণৰ নোমেৰে আবৃত। কিন্তু ইয়াৰ মুখখন আৰু চুটি নেজদাল নোমবিহীন। ইয়াৰ কপালৰ ফালে মূৰৰ অলপ অংশত নোম নাথাকে নাইবা বৰ কম নোম থাকে। ইয়াৰ দেহৰ পশ্চাৎ অংশৰ ছাল ৰঙা আৰু চেলাউৰিৰ ওপৰ অংশ বগা। পোৱালি জন্মতে বগা ৰঙৰ হয় আৰু ডাঙৰ হোৱাৰ লগে লগে গাৰ বৰণ ডাঠ হৈ আহে। মতা প্ৰাণীবোৰ মাইকীত কৈ আকৰত যথেষ্ট ডাঙৰ হয়। মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ৫১.৭-৬৫ ছে: মি: আৰু ওজন প্ৰায় ৯.৭-১০.২ কি: গ্ৰা: হয়, আনহাতে মাইকীৰ দেহৰ দৈৰ্ঘ্য ৪৮-৫৮ ছে: মি: আৰু ওজন ৭.৫-৯.১ কি: গ্ৰা:[4]

বসতিস্থল[সম্পাদনা কৰক]

সেন্দূৰী বান্দৰ সাধাৰণতে গভীৰ চিৰসেউজীয়া অৰণ্যত পোৱা যায়।[5]। অৰণ্যৰ ভূমিভাগত ইহঁতে দল বান্ধি ঘূৰি ফুৰে। বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য আৰু সেমেকা গছ-বন থকা হাবিৰ লগতে অন্যান্য পাহাৰীয়া অঞ্চলতো ইয়াক দেখা যায়। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায়।[6] মূল বসতিস্থল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা[7]

আচৰণ[সম্পাদনা কৰক]

সেন্দূৰী বান্দৰ মেকাক গোষ্ঠীৰ বান্দৰ হোৱাৰ বাবে ই সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰে। ইহঁতে প্ৰধানত: ফল-মূল খাই জীয়াই থাকে। মাজে সময়ে ই গছৰ গুটি, পাত, শিপা, কেঁকোৰা, ভেকুলী, চৰাইৰ কণী, কীট-পতংগ আদিও খায়।[5]

সেন্দূৰী বান্দৰে দল-বান্ধি বাস কৰে। একোটা দলত ৫-৬০টা পৰ্য্যন্ত বান্দৰ থাকিব পাৰে।[8] মতা প্ৰাণী প্ৰজননক্ষম হোৱাৰ লগে লগে পুৰণা দল এৰি নতুন দলৰ সদস্য হয়[9]

সেন্দূৰী বান্দৰৰ গড় আয়ুস ৩০ বছৰ। এই প্ৰাণীবিধৰ প্ৰজননৰ হাৰ অন্য বান্দৰৰ প্ৰজাতিৰ তুলনাত কম। এবছৰ বা দুবছৰৰ মূৰে মূৰে এটাকৈ পোৱালিৰ জন্ম হয়। মাইকী প্ৰাণী চাৰি বছৰ বয়সত প্ৰজননক্ষম হয়[10]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

এই প্ৰাণীবিধক আই. ইউ. চি. এন. ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনঅনুসৰি সেন্দূৰী বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী। এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ব কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 161. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100529. 
  2. Htun, S., Timmins, R. J., Boonratana, R. & Das, J. (2008). Macaca arctoides. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  3. "অসমৰ প্ৰাইমেট', সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  4. Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
  5. 5.0 5.1 Cawthon Lang KA (2005-10-04). "Primate Factsheets: Stump-tailed macaque (Macaca arctoides) Taxonomy, Morphology, & Ecology". http://pin.primate.wisc.edu/factsheets/entry/stump-tailed_macaque। আহৰণ কৰা হৈছে: 2008-04-17. 
  6. Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
  7. Choudhury, A.U. (2002) Status and conservation of the stump-tailed macaque Macaca arctoides in India. Primate Report 63: 63-72.
  8. Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
  9. Fooden J. 1990. The bear macaque, Macaca arctoides: a systematic review. J Hum Evol 19(6/7): 607-86.
  10. Brereton AR. 1992. Alternative reproductive tactics in stumptail macaques (Macaca arctoides). Folia Primatol 59(4): 208-12.