নৰসিংহ (উদ্ভিদ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Murraya koenigiiৰ পৰা পুনঃনিৰ্দেশিত)


নৰসিংহ গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
(অশ্ৰেণীকৃত): Rosids
শ্ৰেণী: Eudicots
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Murraya
প্ৰজাতি: M. koenigii
বৈজ্ঞানিক নাম
Murraya koenigii
(L.) Sprengel[1]

নৰসিংহ (; বৈজ্ঞানিক নামঃ Murraya koenigii) ৰুটেছি (Rutaceae) গোত্ৰৰ এবিধ বহুবৰ্ষীয় গুল্ম (জোপোহা) জাতৰ উদ্ভিদ। ৪-৬ মিটাৰ ওখ হোৱা এই উদ্ভিদবিধৰ গা-গছৰ পৰিধি ৪০ ছেঃমিঃ পৰ্যন্ত হয়। ইয়াৰ ফুলবিলাক সৰু, বগা আৰু গোন্ধযুক্ত। ইয়াৰ সৰু সৰু ক'লা ৰঙৰ ফলবিলাক খাব পাৰি। পাতৰ কাষ অসমান, ডিম্বাকাৰ আৰু পাতবোৰ একোডাল পটুৱাত এটাৰ পিছত এটাকৈ সৰু ঠাৰিৰে সংযুক্ত হৈ থাকে। একোডাল পটুৱাত ৫ ৰ পৰা ২৫ খিলাকৈ পাত থাকে। ফেব্ৰুৱাৰী মাহত ফুল ফুলে আৰু ফলবোৰ জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত পকে। ফলবোৰ ডিম্বাকৃতিৰ হয়। গুটিবোৰ ফলৰ ভিতৰত কিছুমান বিজলুৱা পদাৰ্থৰ ভিতৰত থাকে। প্ৰজনন গুটিৰ পৰা হয়।

উপলব্ধতা[সম্পাদনা কৰক]

নৰসিংহৰ কুমলীয়া আগ

পশ্চিম বংগ, অসম, কেৰালা, উৰিষ্যা, তামিলনাডু, গুজৰাট, হিমালয়ৰ কুমায়ুনৰ পাৰ্বত্য অঞ্চল আৰু ছিকিমভাৰতৰ বাহিৰেও মাদাগাস্কাৰ, ম্যানমাৰ, জাভা, লাউচ, বাংলাদেশ আদি ঠাইতো এই গছ পোৱা যায়।

ব্যৱহাৰ[সম্পাদনা কৰক]

সুদুৰ অতীতৰ পৰা নৰসিংহৰ পাত ৰন্ধন প্ৰণালীত ব্যৱহাৰ হৈ আহিছে। ইয়াৰ সুগন্ধ আৰু সুস্বাদুৰ বাবে তৰকাৰী আৰু আচাৰ আদি সামগ্ৰীত ব্যৱহাৰ হয়। ইয়াৰ পাত, ডাল –শিপা আদি অতীজৰে পৰা আয়ুৰ্বেদীয় আৰু ইউনানী ঔষধীয় পদ্ধতিত ব্যৱহাৰ হৈ আহিছে। ইয়াৰ গা-গছৰ পাতৰ পৰা নিষ্কাশিত ৰসৰে প্ৰস্তুত কৰা তেলেৰে অণুজীৱ ধ্বংস আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ কামত ব্যৱহাৰ কৰা হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Murraya koenigii information from NPGS/GRIN". www.ars-grin.gov. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?24703। আহৰণ কৰা হৈছে: 2008-03-11. 
  2. প্ৰান্তিক, লিখক: বিনোদ কলিতা, ১-১৫ ফেব্ৰুৱাৰী, ২০০৭, পৃষ্ঠা নং- ২৩, vol no- ২৬ বছৰ পঞ্চম সংখ্যা, PRANTIK ISSN- 0971-5932

বাহ্যিক সংযোগ[সম্পাদনা কৰক]