প্ৰাকৃতিক উপগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Natural satelliteৰ পৰা পুনঃনিৰ্দেশিত)
গ্ৰহসমূহৰ ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহৰ বেছিভাগেই অনিয়মীয়া উপগ্ৰহ। গেনিমেড, তাৰ পিছত আছে টাইটান, কেলিষ্টো, আইঅ' আৰু পৃথিৱীৰ চন্দ্ৰ হৈছে সৌৰজগতৰ সৰ্ববৃহৎ প্ৰাকৃতিক উপগ্ৰহ। শুক্ৰৰ কোনো উপগ্ৰহ নাই, আনহাতে নেপচুনৰ ১৪টা আছে।

এটা প্ৰাকৃতিক উপগ্ৰহ (ইংৰাজী: Natural satellite) হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি গ্ৰহ বা বাওনা গ্ৰহ এটাক প্ৰদক্ষিণ কৰে (বা কেতিয়াবা আন এটা সৰু সৌৰজগতৰ বস্তুৰ)। ইংৰাজীত ইয়াক মুন (moon) বুলিও কয়।

সৌৰজগতত, ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ থকা ছটা গ্ৰহউপগ্ৰহ প্ৰণালী আছে। আই.এ.ইউ.-তালিকাভুক্ত বাওনা গ্ৰহবোৰতো প্ৰাকৃতিক উপগ্ৰহ আছে বুলি জনা গৈছে : প্লুটো, হাউমিয়া, মেকমেক, আৰু এৰিছ[1] ছেপ্টেম্বৰ ২০১৮ লৈকে, আন ৩৩৪টা সৰু গ্ৰহ আছে যাৰ প্ৰাকৃতিক উপগ্ৰহ আছে বুলি জনা গৈছে।[2] এটা গ্ৰহৰ ভৰ সাধাৰণতে ইয়াক প্ৰদক্ষিণ কৰা যিকোনো প্ৰাকৃতিক উপগ্ৰহৰ ভৰৰ কমেও ১০০০০ গুণ থাকে, একেদৰে ইয়াৰ ব্যাসো যথেষ্ট ডাঙৰ থাকে।[3] পৃথিৱী-চন্দ্ৰ প্ৰণালী হৈছে সৌৰজগতৰ এক অনন্য ব্যতিক্ৰম; ৩,৪৭৪ কিমি (২,১৫৮ মাইল) ব্যাসৰ চন্দ্ৰ পৃথিৱীৰ ব্যাসৰ ০.২৭৩ গুণ।[4] পৰৱৰ্তী সৰ্ববৃহৎ অনুপাত হৈছে ০.০৫৫ ত নেপচুন, ০.০৪৪ ত শনি, ০.০৩৮ ত বৃহস্পতি, আৰু ০.০৩১ ত ইউৰেনাচ। প্লেনেটইডৰ শ্ৰেণীৰ বাবে, সৌৰজগতত জনা জাত পাঁচটাৰ ভিতৰত, চাৰোনৰ অনুপাত সৰ্বাধিক, প্লুটোৰ ব্যাসৰ ০.৫২।

পৰিভাষা[সম্পাদনা কৰক]

প্ৰথম জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ আছিল চন্দ্ৰ, কিন্তু ১৫৪৩ চনত কোপাৰনিকছে ডি ৰিভলিউচনিবাছ অৰ্বিলিয়াম কোলেষ্টিয়াম প্ৰৱৰ্তন নকৰালৈকে ইয়াক "গ্ৰহ" বুলি গণ্য কৰা হৈছিল। ১৬১০ চনত গালীলীয় উপগ্ৰহ আৱিষ্কাৰ নোহোৱালৈকে এনে বস্তুবোৰক শ্ৰেণী বুলি উল্লেখ কৰাৰ কোনো সুযোগ নাছিল। গেলিলিঅ'ই তেওঁৰ আৱিষ্কাৰবোৰক Planetæ ("গ্ৰহ") বুলি উল্লেখ কৰিছিল, কিন্তু পিছলৈ আৱিষ্কাৰকাৰক সকলে প্ৰদক্ষিণ কৰা বস্তুবোৰৰ পৰা পৃথক কৰিবলৈ আন শব্দ বাছনি কৰিছিল।

কক্ষপথত থকা বস্তুবোৰ বৰ্ণনা কৰিবলৈ উপগ্ৰহ বা চেটেলাইট (satellite) শব্দটো ব্যৱহাৰ কৰা প্ৰথমজন আছিল জাৰ্মান জ্যোতিৰ্বিজ্ঞানী জহান্স কেপলাৰ। তেখেতে তেখেতৰ পত্ৰিকা "নাৰাটিঅ ডি অবজাৰ্ভেটিছ এ চে কোৱাটুৰ আইঅ'ইছ চেটেলিটিবাছ এৰোনিবাছ" (Narratio de Observatis a se quatuor Iouis satellitibus erronibus; বৃহস্পতি পৰ্যবেক্ষণৰ চাৰিটা উপগ্ৰহৰ বিষয়ে বৰ্ণনা)-ত ইয়াৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ লেটিন শব্দ চেটেলৰ পৰা এই শব্দটো আহৰণ কৰিছিল, যাৰ অৰ্থ হৈছে "গাৰ্ড", "পৰিচাৰক", বা "সঙ্গী", কিয়নো উপগ্ৰহবোৰে তেওঁলোকৰ প্ৰাথমিক গ্ৰহৰ সৈতে যাত্ৰা কৰে।[5]

এনেদৰে গ্ৰহ এটাক প্ৰদক্ষিণ কৰা বস্তু এটাৰ বিষয়ে উল্লেখ কৰাৰ বাবে উপগ্ৰহ বা চেটেলাইট (satellite) শব্দটো স্বাভাৱিক হৈ পৰিছিল, কিয়নো ই "চন্দ্ৰ" বা moon শব্দটোৰ বিভ্ৰন্তি শেষ কৰিছিল। ১৯৫৭ চনত স্পুটনিক নামৰ কৃত্ৰিম বস্তুটোৰ উৎক্ষেপণে নতুন পৰিভাষাৰ প্ৰয়োজনীয়তা সৃষ্টি কৰে। মানৱ-নিৰ্মিত উপগ্ৰহ (man-made satellite) আৰু কৃত্ৰিম চন্দ্ৰ (artificial moon) শব্দবোৰ অতি সোনকালে পৰিত্যাগ কৰি মাত্ৰ উপগ্ৰহ বা চেটেলাইট (satellite) বুলি কোৱা হৈছিল, আৰু ইয়াৰ ফলস্বৰূপে, শব্দটো মুখ্যতঃ মহাকাশত উৰি থকা কৃত্ৰিম বস্তুৰ সৈতে সম্পৰ্কিত হৈ পৰিল – কেতিয়াবা, আনকি গ্ৰহ এটাৰ চাৰিওফালে কক্ষপথত নথকা বস্তুবোৰোকো চেটেলাইট (satellite) বুলি কোৱা হ’ল।

অৰ্থৰ এই পৰিৱৰ্তনৰ বাবে, জনপ্ৰিয় বিজ্ঞান আৰু কল্পকাহিনীৰ কামত সাধাৰণ অৰ্থত ব্যৱহাৰ হৈ থকা চন্দ্ৰ বা মুন (moon) শব্দটোৱে সন্মান ঘূৰাই পালে আৰু আনকি বৈজ্ঞানিক প্ৰবন্ধতো এতিয়া প্ৰাকৃতিক উপগ্ৰহৰ সৈতে মুন (moon) শব্দটো সাল-সলনি কৈ ব্যৱহাৰ কৰা হয়। যেতিয়া পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰ আৰু এফালে আন গ্ৰহবোৰৰ প্ৰাকৃতিক উপগ্ৰহ, আৰু আনফালে কৃত্ৰিম উপগ্ৰহৰ সৈতে বিভ্ৰান্তিৰ অস্পষ্টতা দুয়োটা আঁতৰ কৰাৰ প্ৰয়োজন হয়, তেতিয়া প্ৰাকৃতিক উপগ্ৰহ ("কৃত্ৰিম"ৰ বিপৰীত অৰ্থ ৰূপে "প্ৰাকৃতিক") শব্দটো ব্যৱহাৰ কৰা হয়। বিভ্ৰান্তি এৰাই চলিবলৈ, পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহৰ কথা উল্লেখ কৰোঁতে মুন (Moon) শব্দটোৰ প্ৰথম আখৰটো বৰফলাত লিখা হয়, আৰু আন প্ৰাকৃতিক উপগ্ৰহৰ কথা উল্লেখ কৰোঁতে সৰুফলাত মানে moon বুলি লিখা হয়।

উপগ্ৰহৰ সংজ্ঞা[সম্পাদনা কৰক]

"উপগ্ৰহ" বুলি গণ্য কৰাৰ বাবে আকাৰৰ সৰ্বনিম্ন সীমা নাই। সৌৰজগতৰ এটা গ্ৰহৰ চাৰিওফালে চিনাক্ত কৰিব পৰা নিৰ্দিষ্ট কক্ষপথ থকা প্ৰতিটো প্ৰাকৃতিক মহাকাশীয় বস্তু, কিছুমান মাত্ৰ এক-দুই কিলোমিটাৰ ব্যাসৰ সৰু বস্তুকো উপগ্ৰহ বুলি গণ্য কৰা হৈছে। কিন্তু শনিৰ আঙুঠিৰ ভিতৰত থকা আকাৰৰ এক দশমাংশ বস্তুবোৰক, যাক পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰা হোৱা নাই, চন্দ্ৰবিন্দু (moonlets) বুলি কোৱা হৈছে। সৰু গ্ৰহাণু উপগ্ৰহ (গ্ৰহাণুৰ প্ৰাকৃতিক উপগ্ৰহ), যেনে ডেক্টাইল, ইয়াকো চন্দ্ৰবিন্দু (moonlets) বুলি কোৱা হৈছে।[6]

আকাৰৰ ওপৰৰ সীমাও অস্পষ্ট। দুটা কক্ষপথত থকা বস্তুক কেতিয়াবা প্ৰাথমিক আৰু উপগ্ৰহৰ সলনি দ্বৈত গ্ৰহ হিচাপে বৰ্ণনা কৰা হয়। ৯০ এণ্টিঅ'পৰ দৰে গ্ৰহাণুবোৰক দ্বৈত গ্ৰহাণু বুলি গণ্য কৰা হৈছে।

কিছুমান লেখকে প্লুটো-চাৰন প্ৰণালীক এটা দ্বৈত (বাওনা) গ্ৰহ বুলি গণ্য কৰে। সাধাৰণতে প্ৰাকৃতিক উপগ্ৰহ বুলিলে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু বুলি ক’ব পাৰি যি আন এটা ডাঙৰ জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি নক্ষত্ৰৰ সংজ্ঞাত নপৰে, তাৰ পৃষ্ঠৰ ওপৰত নিৰ্দিষ্ট কক্ষপথত মধ্যাকৰ্ষণ শক্তিৰে পৰস্পৰে বান্ধ খাই থাকি আবৰ্তন কৰি থাকে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Planet and Satellite Names and Discoverers". International Astronomical Union (IAU) Working Group for Planetary System Nomenclature (WGPSN). http://planetarynames.wr.usgs.gov/Page/Planets#DwarfPlanets। আহৰণ কৰা হৈছে: 27 January 2012. 
  2. Wm. Robert Johnston (30 September 2018). "Asteroids with Satellites". Johnston's Archive. http://www.johnstonsarchive.net/astro/asteroidmoons.html। আহৰণ কৰা হৈছে: 22 October 2018. 
  3. Canup, Robin M.; Ward, William R. (June 2006). "A common mass scaling for satellite systems of gaseous planets" (en ভাষাত). Nature খণ্ড 441 (7095): 834–839. doi:10.1038/nature04860. ISSN 1476-4687. https://www.nature.com/articles/nature04860. 
  4. Glenday, Craig (2014). Guinness World Records 2014. পৃষ্ঠা. 186. ISBN 978-1-908843-15-9. https://archive.org/details/guinnessworldrec0000unse_r3e7/page/186. 
  5. "Early History – First Satellites". www.jpl.nasa.gov. Archived from the original on 2018-02-07. https://web.archive.org/web/20180207135844/https://www.jpl.nasa.gov/jplhistory/early/firstsatellites.php। আহৰণ কৰা হৈছে: 2018-02-08. 
  6. F. Marchis et al. (2005). "Discovery of the triple asteroidal system 87 Sylvia". Nature খণ্ড 436 (7052): 822–24. doi:10.1038/nature04018. PMID 16094362. https://escholarship.org/uc/item/7nb376hk.