শ্বেতা বাসু প্ৰসাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Shweta Basu Prasadৰ পৰা পুনঃনিৰ্দেশিত)
শ্বেতা বাসু প্ৰসাদ
জন্ম ১১ জানুৱাৰী, ১৯৯১ (৩৩ বছৰ)
জামশ্বেদপুৰ, বিহাৰ, ভাৰত (বৰ্তমান ঝাৰখণ্ডত)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২ – বৰ্তমানলৈকে
দাম্পত্যসঙ্গী ৰোহিত মিট্টাল (বি. ২০১৮; বিবি. ২০১৯)[1]

শ্বেতা বাসু প্ৰসাদ (ইংৰাজী: Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

শ্বেতা বাসু প্ৰসাদৰ জন্ম হৈছিল ১৯৯১ চনৰ ১১ জানুৱাৰীত, জামছেদপুৰ (তেতিয়াৰ বিহাৰ আৰু এতিয়াৰ ঝাৰখণ্ড)-ত। পৰৱৰ্তী সময়ত শ্বেতাই নিজৰ পৰিয়ালৰ সৈতে মুম্বাইলৈ প্ৰব্ৰজন কৰে। সেই সময়ত তেখেত শিশোৱেই আছিল।

মুম্বাইস্থিত ছাণ্টাক্ৰুজত থকা আৰ.এন.পোড্ডাৰ হাইস্কুলত শ্বেতাই বাণিজ্য শাখাত অধ্যয়ন কৰে আৰু গণমাধ্যম আৰু সাংবাদিকতাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। শ্বেতাই 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ' কাকতত স্তম্ভলেখক হিচাপেও কিছুদিন কৰ্মনিৰ্বাহ কৰে।[2]

মাকৰ বাসু নামটো শ্বেতাই নিজৰ নামৰ লগত সংযোজন কৰে।[3] ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে শ্বেতাই ছবিনিৰ্মাতা ৰোহিত মিট্টালৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে।[4] অৱশ্যে তেওঁলোকৰ বৈবাহিক জীৱন বেছি দিন নিটিকিল। কিয়নো বিবাহৰ পৰৱৰ্তী বৰ্ষটোতেই অৰ্থাৎ ২০১৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁলোকে ইনষ্টাগ্ৰামত বিচ্ছেদ ঘোষণা কৰে।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

'মকড়ী' নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে শ্বেতাক ২০০২ বৰ্ষটোৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ বঁটা প্ৰদান কৰিছে। (শ্বেতাৰ লগত আছে পি.এছ. কীৰ্তনা, কান্নাথিল মুত্থামিট্টাল), ৫০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰদান অনুষ্ঠানত

অতি কম বয়সতেই শ্বেতাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথমে টেলিভিছনৰ জৰিয়তে শ্বেতাই অভিনয় জীৱনৰ পাতনি মেলিছিল যদিও অতি সোনকালেই বলিউডত পদাৰ্পণ কৰে। ২০০২ চনত 'মকড়ী' নামৰ ছবিখনত শ্বেতাই অভিষেক কৰে। এইখন ছবিত শ্বেতাই এটা দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰে যাৰ বাবে তেখেতে 'শ্ৰেষ্ঠ শিশু অভিনেত্ৰী'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে। ৰূপালী পৰ্দাত আহৰণ কৰা এই সফলতাৰ বলত শ্বেতাই "কাহানী ঘৰ ঘৰ কী" আৰু "কৰিশ্মা কা কৰীশ্মা"ৰ দৰে টেলিভিছন ছিৰিজত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। ২০০৫ চনত শ্বেতাৰ অভিনয়-দক্ষতা চকুত পৰে পৰিচালক নাগেশ কুকুনুৰৰ। তেখেতে শ্বেতাক 'ইকবাল' নামৰ ছবিখনৰ প্ৰস্তাৱ আগবঢ়ায়। ছবিখনত শ্বেতাই "খাদিজা" নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে আৰু দৰ্শকৰ মাজত এক পৰিচিতি লাভ কৰে। ছবিখনৰ বাবে তেখেতে পঞ্চম কৰাচী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে।

শ্বেতা বাসু গণমাধ্যম আৰু সাংবাদিকতাৰ এগৰাকী স্নাতক। শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে ভাৰতীয় ধ্ৰুপদী সংগীতক বিষয় হিচাপে লৈ এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে। তথ্যচিত্ৰখনত তেখেতে সংগীত উদ্যোগৰ বহুকেইগৰাকী প্ৰসিদ্ধ শিল্পীৰ জীৱন আৰু কৰ্ম সন্নিৱিষ্ট কৰে। এইখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ শ্বেতাই ২০১২ চনৰ পৰা চাৰিটা বছৰধৰি কাম কৰে। তথ্যচিত্ৰখন শোভা মোদগল, এ. আৰ. ৰহমান, পণ্ডিত শিৱ কুমাৰ শৰ্মা, হৰিপ্ৰসাদ চৌৰাচিয়া, বিশাল ভাৰদ্বাজ, অমিত ত্ৰিবেদী, আমজাদ আলী খানকে ধৰি একাধিক গণ্য-মান্য শিল্পীয়ে সমৃদ্ধ কৰে। তথ্যচিত্ৰখনত ভাৰতীয় সংগীতৰ ইতিহাসভিত্তিক এটি দহমিনিটীয়া এনিমেশ্যনো সন্নিৱিষ্ট হয়। "ৰুটছ" নামৰ এই তথ্যচিত্ৰখন এতিয়া নেটফ্লিক্সত উপলব্ধ।[6]

শ্বেতাই ২০০৮ চনত "কোথা বাংগাৰু লোকাম" নামৰ ছবিখনৰ জৰিয়তে তেলুগু ছবিত অভিষেক কৰে। তামিল, তেলুগু আৰু বঙালী ভাষাত শ্বেতাই সৰ্বমুঠ আঠখন ছবিত এতিয়ালৈকে অভিনয় কৰিছে।

শ্বেতাই "দ্য টাছখেণ্ট ফাইলছ্" নামৰ এখন উৎকণ্ঠাপূৰ্ণ ড্ৰামা থ্ৰিলাৰ ছবিত এগৰাকী উদীয়মান সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰে। ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ দেহাৱসানৰ ওপৰত আধাৰিত এই ছবিখনত শ্বেতাই কেন্দ্ৰীয় প্ৰটাগনিষ্টৰ ভূমিকা পালন কৰে। ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে ইতিবাচক চৰ্চা আৰু প্ৰশংসা লাভ কৰে।[7] ২০১৯ চনৰ বক্স অফিচত এই ছবিখনে আশ্চৰ্যসূচকভাৱে সফলতা লাভ কৰে।[8] ছবিখন একেৰাহে পঞ্চাছ দিন চলে।

বঁটা[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ বঁটা শিতান ফলাফল তথ্যউৎস
২০০৩ মকড়ী ৫০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ শিশু অভিনেত্ৰী বিজয়ী [9]
২০০৬ ইকবাল জি চিনে বঁটা সমালোচকৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
২০০৬ স্ক্ৰীন বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী বিজয়ী
২০০৬ ৫১সংখ্যক ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [10]
২০০৭ কৰাচী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ শ্ৰেষ্ঠ সহ-অভিনেত্ৰী বিজয়ী
২০০৯ কোথা বাংগাৰু লোকাম ৫৬ সংখ্যক ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য তেলুগু ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [11]
২০০৯ সন্তোষম চলচ্চিত্ৰ মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Shweta Basu Prasad talks about divorce with Rohit Mittal: 'We've filed for a legal separation, are perfectly cordial'". Hindustan Times. https://www.hindustantimes.com/bollywood/shweta-basu-prasad-talks-about-split-with-rohit-mittal-we-ve-filed-for-a-legal-separation-are-perfectly-cordial/story-F0sd3mvg9gsHtAAyNjW2eM.html. 
  2. "Shweta Basu Prasad columns". 19 November 2017. https://indianexpress.com/article/entertainment/entertainment-others/shweta-basu-prasad-digital-playlist-two-a-film-fable-by-satyajit-ray-watch-video-4944810. 
  3. Shweta Prasad's name games. Hindustan Times (2007-11-26). Retrieved on 2012-06-21.
  4. "Trending Pics From Actress Shweta Basu Prasad's Wedding". NDTV.com. https://www.ndtv.com/entertainment/trending-pics-from-actress-shweta-basu-prasads-wedding-1962583. 
  5. "Shweta Basu Prasad Announces Separation from Husband Rohit Mittal in Less Than a Year of Marriage". News18. 10 December 2019. https://www.news18.com/news/movies/shweta-basu-prasad-announces-separation-from-husband-rohit-mittal-in-less-than-a-year-of-marriage-2418753.html। আহৰণ কৰা হৈছে: 2019-12-11. 
  6. "Makdee star Shweta Basu Prasad makes a documentary about classical music". Hindustan Times. 9 February 2017. https://www.hindustantimes.com/bollywood/makdee-star-shweta-basu-prasad-makes-documentary-about-classical-music/story-I8R58Ah6uS0YSSN0gpjEBN.html. 
  7. Hungama, Bollywood. "The Tashkent Files Review 1.5/5 | The Tashkent Files Movie Review | The Tashkent Files 2019 Public Review | Film Review". https://www.bollywoodhungama.com/movie/the-tashkent-files/critic-review/the-tashkent-files-movie-review/. 
  8. Hungama, Bollywood (25 April 2019). "The Tashkent Files Box Office Collections – The Tashkent Files continues with good momentum, should find screens in third week too :Bollywood Box Office - Bollywood Hungama". https://www.bollywoodhungama.com/news/box-office-special-features/tashkent-files-box-office-collections-tashkent-files-continues-good-momentum-find-screens-third-week/. 
  9. "50th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/67_50thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 September 2020. 
  10. "Filmfare Awards Winners 2006: Complete list of winners of Filmfare Awards 2006". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/entertainment/movie-awards/filmfare-awards-winners/bollywood/2006/101। আহৰণ কৰা হৈছে: 14 February 2020. 
  11. "56th Idea Filmfare Awards 2008 South: The winners". The Times of India. 11 August 2009. https://timesofindia.indiatimes.com/entertainment/regional/movie-details/news-interviews/56th-idea-filmfare-awards-2008-south-the-winners/articleshow/4845030.cms। আহৰণ কৰা হৈছে: 30 May 2021.