উত্তৰীয়
উত্তৰীয় (ইংৰাজী: Uttariya) শৰীৰৰ ওপৰৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ইয়াক ডিঙিৰ পিছফালৰ পৰা দুয়োটা বাহুৰে পাক কৰি এফাল কাপোৰ পিঠিৰ ফালে পেলাই আৰু আনফালে শৰীৰৰ ওপৰৰ অংশৰ আধালৈ ওলোৱাই পিন্ধা হয়।[1][2][3][4] উত্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই চেলেং বা ওৰণি সৈতে একে।[5] উত্তৰীয় শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। উত্তৰীয় শব্দটো 'উত্তৰ' আৰু প্ৰত্যয় 'ঈয়'ৰ সংমিশ্ৰণৰ পৰা সৃষ্টি হৈছে।[6] বেদত উত্তৰীয়া শৰীৰৰ ওপৰৰ অংশৰ বাবে পিন্ধা বিভিন্ন ঢিলা কাপোৰ যেনে উপবসন, পৰয়ানহন আৰু অধিবাস, বৰহাতিক আৰু বৰ্ণক, উত্তৰসংঘ, সম্ভয়ান আদিকো বুজায়।[5]
ইতিহাস
[সম্পাদনা কৰক]উত্তৰীয় বৈদিক কালত ওপৰৰ শৰীৰৰ বাবে এটা পোছাক আছিল।[5] ইতিহাসবিদসকলৰ মতে এই বস্ত্ৰ প্ৰায় খ্ৰীষ্ট পূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৫০০ ৰ মাজত উদ্ভৱ হৈছিল। বৈদিক কালত পিন্ধা পোছাকবোৰত উত্তৰীয় মুখ্যতঃ গোটেই শৰীৰৰ চাৰিওফালে মেৰিয়াই কান্ধৰ ওপৰত ওলোমাই থোৱা এক কাপোৰ আছিল। মানুহে 'পৰিধান' নামৰ শৰীৰৰ তলৰ অংশৰ পোছাক পিন্ধিছিল। পৰিধানক সন্মুখত ভাঁজ কৰা হৈছিল আৰু 'মেখেলা' নামৰ কাপোৰেৰে পৰিধানক কঁকালত বন্ধা হৈছিল। একেবাৰে ওপৰত উত্তৰীয়া নামৰ ওপৰৰ পোছাক যি চেলেং চাদৰৰ দৰে দেশক আৱৰি থাকে পিন্ধা হৈছিল। গ্ৰীষ্মকালত সাধাৰণতে গৰমৰ বাবে উত্তৰীয় লোৱাৰ পৰা বিৰত থকা হৈছিল। "গোড়া পুৰুষ আৰু মহিলাসকলে সাধাৰণতে উত্তৰীয়খন কেৱল বাওঁ কান্ধৰ ওপৰত ওলোমাই উপবিতা নামৰ শৈলীত পিন্ধিছিল।"[7] প্ৰৱৰা নামৰ আন এবিধ পোছাক বৈদিক যুগৰ লোকসকলে ঠাণ্ডাত পিন্ধিছিল। এইবিধ পোছাক দুয়োলিংগৰ ব্যক্তিৰ সাধাৰণ পোছাক আছিল যদিও তেওঁলোকৰ কাপোৰৰ আকাৰ আৰু পিন্ধাৰ ধৰণত ভিন্ন আছিল। কেতিয়াবা দৰিদ্ৰ লোকসকলে নিম্ন অংশত পিন্ধা পোছাকটো কেৱল লেংটি হিচাপে পিন্ধিছিল আনহাতে ধনীসকলে ইয়াক সন্মানৰ চিহ্ন হিচাপে ভৰিলৈ বিয়পি থকা পোছাক পিন্ধিছিল।
খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজত সংকলিত মহাভাৰত মহাকাব্যত উত্তৰীয়ক পোছাক হিচাপে ব্যৱহাৰ কৰা উল্লেখ আছে। আনকি ইণ্ডো-ভাৰতীয় গোষ্ঠীৰ পুৰুষ আৰু মহিলাসকলেও ইয়াক অংগবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।[8][9][10] উত্তৰীয়ৰ ৰংবোৰ তেতিয়া সমাজত পৃথক বৰ্ণাশ্ৰমৰ সৈতে জড়িত আছিল৷ পাণ্ডৱসকলক সাধাৰণতে বগা উত্তৰীয় পিন্ধা উল্লেখ পোৱা গৈছে।[8]
মহিলাসকলে কেতিয়াবা দুখন উত্তৰীয়া ব্যৱহাৰ কৰিছিল। এখন হাতৰ ওপৰেৰে মূৰটো ওৰণিৰ দৰে ঢাকি ৰখাৰ বাবে। আনখন মহিলাসকলে তেওঁলোকৰ স্তন ঢাকিবলৈ চস্তনমাসুস্ক বা স্তনপট্ট (কুৰ্পসিকা বা কানচুকি বুলিও জনা যায়) ব্যৱহাৰ কৰিছিল। খ্ৰীষ্ট পূৰ্ব ষষ্ঠ শতিকাৰ বৌদ্ধ পালি সাহিত্যত উল্লেখ অনুসৰি শাৰী শটিকা হৈছে স্তনপট্ট, উত্তৰীয় আৰু ন্তৰীয়ক একত্ৰিত কৰাৰ এক বিকশিত ৰূপ।[1][2][3][11][12][13]
ইয়াক সাধাৰণতে পাতল কপাহ বা ৰেচমৰে তৈয়াৰ কৰা হৈছিল। কিন্তু কেতিয়াবা জন্তুৰ ছালৰ পৰায়ো প্ৰস্তুত কৰা হৈছিল।
এই পোছাকক কাৰু কাৰ্যসমূহ অতি পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে। অতীতৰ ভাস্কৰ্য আৰু মূৰ্তিসমূহত ইয়াৰ কেইটামান উদাহৰণ পোৱা যায়। সেয়েহে বস্ত্ৰ ইতিহাসবিদসকলে এইবোৰ অধ্যয়ন কৰে।[14]
আধুনিক ব্যৱহাৰ
[সম্পাদনা কৰক]হিন্দু মন্দিৰৰ ৰীতিসমূহ
[সম্পাদনা কৰক]পুৰীৰ প্ৰভু জগন্নাথৰ স্নান যাত্ৰাৰ দৰে আন বহুতো হিন্দু মন্দিৰত দেৱতাসকলক উপাসনাৰ অংশ হিচাপে বিশিষ্ট বেশ আগবঢ়োৱা হয়। পুৰোহিতসকলে ঈশ্বৰৰ মূৰ্তিসমূহক পোছাক আৰু অলংকাৰেৰে সজায়। তেওঁলোকে সাধাৰণতে তদপ আৰু উত্তৰীয় বস্ত্ৰ ব্যৱহাৰ কৰে। শৰীৰৰ তলৰ অংশ কাপোৰ হৈছে তদপ[15] আৰু ওপৰৰ অংশৰ বাবে উত্তৰীয় ব্যৱহাৰ কৰা হয়।[16]
বৌদ্ধ পোছাক
[সম্পাদনা কৰক]বৌদ্ধ সম্প্ৰদায়ৰ ভিক্ষুসকলে সাধাৰণতে অন্তৰীয়ৰ সৈতে এখন উত্তৰীয় আৰু ডাঙৰ চাদৰ পিন্ধে। এই সকলো কাপোৰ গেৰুৱা ৰঙৰ থাকে।
দৈনন্দিন ব্যৱহাৰ
[সম্পাদনা কৰক]উত্তৰীয় এতিয়াও সমগ্ৰ ভাৰতীয় উপমহাদেশত পিন্ধা হয় আৰু পৰম্পৰাগতভাৱে শাস্ত্ৰীয় যুগৰ পৰা কুৰ্তা, আচকান বা শেৰৱানীৰ ওপৰত উত্তৰীয় পিন্ধা হয়।[17] ইয়াক সাধাৰণতে ধুতিৰ এক প্ৰাচীন সংস্কৰণ অন্তৰীয়ৰ সৈতে সংমিশ্ৰণত ব্যৱহাৰ কৰা হয়। ইয়াক চাশ বা কমৰবন্ধৰ সৈতে বান্ধি ৰখা হয়। উত্তৰীয় পুৰুষ আৰু মহিলা উভয়ে দুপাট্টা, ওৰণি, পাগুৰী হিচাপেও ব্যৱহাৰ কৰিব পাৰে। অসমত সমাজৰ বৰমূৰীয়াসকলে একবস্ত্ৰৰ লগতে উত্তৰীয় বস্ত্ৰ আৰু পাগুৰি পৰিধান কৰিছিল।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Women's Sarees guide and information resource about Women's Sarees : Clothing, Style and Fashion Style Directory by Apparel Search". www.apparelsearch.com. https://www.apparelsearch.com/clothes/womens/s/sarees_guide_womens_sarees.htm। আহৰণ কৰা হৈছে: 2020-12-09.
- ↑ 2.0 2.1 "The history of sari: The nine yard wonder - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/life-style/fashion/buzz/the-history-of-sari-the-nine-yard-wonder/articleshow/70277974.cms। আহৰণ কৰা হৈছে: 2020-12-09.
- ↑ 3.0 3.1 G, Dr Ananth Prabhu (2020-05-30) (en ভাষাত). Glorious Bharat - Part 1. Dr. Ananth Prabhu G. পৃষ্ঠা. 39. https://books.google.com/books?id=gyfoDwAAQBAJ&q=sari+evolved+from+antriya&pg=PA39.
- ↑ Shastri, Ajay Mitra; Varāhamihira (1996) (en ভাষাত). Ancient Indian Heritage, Varahamihira's India: Historical geography, religion, and society. Aryan Books International. পৃষ্ঠা. 224. ISBN 978-81-7305-081-7. https://books.google.com/books?id=NhVWAAAAYAAJ&q=An+antariya+is+a+lower+garment+from+ancient+India..
- ↑ 5.0 5.1 5.2 Ayyar, Sulochana (1987) (en ভাষাত). Costumes and Ornaments as Depicted in the Sculptures of Gwalior Museum. Mittal Publications. পৃষ্ঠা. 34. ISBN 978-81-7099-002-4. https://books.google.com/books?id=G9eHPXL6UE0C&newbks=0&printsec=frontcover&hl=en.
- ↑ Mehta, Tarla (1995) (en ভাষাত). Sanskrit Play Production in Ancient India. Motilal Banarsidass Publ.. ISBN 978-81-208-1057-0. https://books.google.com/books?id=l7naMj1UxIkC&q=An+antariya+is+a+lower+garment+from+ancient+India.&pg=PA172.
- ↑ Ayyar, Sulochana (1987). Costumes and Ornaments as Depicted in the Sculptures of Gwalior Museum. Mittal Publications. পৃষ্ঠা. 95–96. ISBN 9788170990024. https://books.google.com/books?id=G9eHPXL6UE0C.
- ↑ 8.0 8.1 Vaidya, Chintaman Vinayak (2001) (en ভাষাত). Epic India, Or, India as Described in the Mahabharata and the Ramayana. Asian Educational Services. ISBN 978-81-206-1564-9. https://books.google.com/books?id=dmOUq73LZLgC&q=%22Uttariya%22+-wikipedia&pg=PA144.
- ↑ Varadpande, Manohar Laxman (1987) (en ভাষাত). History of Indian Theatre: Classical theatre. Abhinav Publications. পৃষ্ঠা. 47. ISBN 978-81-7017-430-1. https://books.google.com/books?id=fOZB7MbeMrAC&q=uttariya+pandavas&pg=PA23.
- ↑ Jain, Simmi (2003) (en ভাষাত). Encyclopaedia of Indian Women Through the Ages: Ancient India. Gyan Publishing House. পৃষ্ঠা. 99. ISBN 978-81-7835-172-8. https://books.google.com/books?id=NH1qr33kfXAC&q=%22Uttariya%22+-wikipedia&pg=PA99.
- ↑ Prasad Mohapatra, Ramesh (1992). Fashion Styles of Ancient India: A Study of Kalinga from Earliest Times to Sixteenth Century Ad. B.R. Publishing Corporation. পৃষ্ঠা. 35. ISBN 9788170187233. https://books.google.com/books?id=QO2BAAAAMAAJ&q=Stanapatta.
- ↑ Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p. 121
- ↑ Agam Kala Prakashan, 1991 "Costume, coiffure, and ornaments in the temple sculpture of northern Andhra", p. 118
- ↑ Kumar, Raj (2006) (en ভাষাত). Paintings and Lifestyles of Jammu Region: From 17th to 19th Century A.D.. Gyan Publishing House. ISBN 978-81-7835-577-1. https://books.google.com/books?id=f-1XyQ2eIG8C&q=uttariya+pandavas&pg=PA7.
- ↑ "Juggernaut of Puri". http://www.kamat.com/kalranga/nindia/orissa/jaganath.htm। আহৰণ কৰা হৈছে: 20 September 2006.
- ↑ Ghurye, G. S. (1947). "Some Notes on Hindu Costume". Bulletin of the Deccan College Research Institute খণ্ড 8: 97–172. ISSN 0045-9801. https://www.jstor.org/stable/42929589.
- ↑ B Samall - JASO, Journal of the Anthropological Society of Oxford, 1998 - anthro.ox.ac.uk. "Applique Craft in Orissa, India: Continuity, Change, and Commercialization". Archived from the original on 2020-09-16. https://web.archive.org/web/20200916191841/https://www.anthro.ox.ac.uk/sites/default/files/anthro/documents/media/jaso29_1998.pdf#page=54। আহৰণ কৰা হৈছে: 2021-03-14.