সমললৈ যাওক

পশ্চিম গাৰো পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(West Garo Hillsৰ পৰা পুনঃনিৰ্দেশিত)
পশ্চিম গাৰো পাৰ্বত্য জিলা
পশ্চিম গাৰো
মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অৱস্থান।
মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অৱস্থান।
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় তুৰা, ভাৰত
চৰকাৰ
  Vidhan Sabha constituencies 7
কালি
  মুঠ
৩,৭১৪ বৰ্গকিমি (১,৪৩৪ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৬,৪৩,২৯১
  ঘনত্ব ১৭০/বৰ্গকিমি (৪৫০/বৰ্গমাইল)

পশ্চিম গাৰো পাৰ্বত্য (ইংৰাজী: West Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ তুৰাত অৱস্থিত। এই জিলাখনৰ আয়তন ৩৭১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৬৪৩,২৯১ জন। ২০১১ চনলৈকে ই পূব খাছী পাৰ্বত্য জিলাৰ পিছতে মেঘালয়ৰ সাতখন জিলাৰ দ্বিতীয়খন আটাইতকৈ জনবহুল জিলা আছিল।[1]

পশ্চিম গাৰো পাৰ্বত্য জিলাখন মেঘালয়ৰ পশ্চিম দিশত অৱস্থিত। জিলাখনৰ পূব দিশত আছে পূব গাৰো পাৰ্বত্য জিলা, দক্ষিণ-পূবত আছে দক্ষিণ গাৰো পাৰ্বত্য জিলা, উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত অসমৰ গোৱালপাৰা জিলা আৰু দক্ষিণ দিশত আছে বাংলাদেশ।

১৯৭৬ চনৰ ২২ অক্টোবৰত গাৰো পাৰ্বত্য জিলাখনক পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু পূব গাৰো পাৰ্বত্য জিলা নামেৰে দুখন জিলালৈ বিভক্ত কৰা হয়। পশ্চিম গাৰো পাৰ্বত্য জিলাখনক বৰ্তমানৰ পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু ১৯৯২ চনৰ জুন মাহত দক্ষিণ গাৰো পাৰ্বত্য জিলালৈ পুনৰ বিভক্ত কৰা হয়।

অৰ্থনীতি

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফুলবাৰী-ধুবুৰী দলং

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফুলবাৰী-ধুবুৰী দলং সম্পূৰ্ণ হোৱাৰ পিছত, জিলাখন অসমৰ ধুবুৰী হৈ পশ্চিম বংগৰ সৈতে সংযোগ কৰা হ’ব আৰু ই দলংখন দেশৰ আটাইতকৈ দীঘল দলং হ’ব। ধুবুৰীৰ পৰা মহেন্দ্ৰগঞ্জ আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈকে বিস্তৃত ৰে’ল লাইনে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি সলনি কৰিব পাৰে।

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৬৪৩,২৯১ জন,[1] যি প্ৰায় মোনটেগ্ৰো[2] বা বাৰমোণ্ট যুক্তৰাষ্ট্ৰৰ সমান৷[3] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫১৪তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ১৭৩ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (৪৫০ /sq mi)[1] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.০২% ।[1] ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৭৯ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৬৮.৩৮% ৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  2. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html আহৰণ কৰা হৈছে: 2011-10-01. "Montenegro 661,807 July 2011 est."
  3. "2010 Resident Population Data". U. S. Census Bureau. Archived from the original on 2010-12-27. https://archive.today/20101227010452/http://2010.census.gov/2010census/data/apportionment-pop-text.php আহৰণ কৰা হৈছে: 2011-09-30. "Vermont 625,741"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।