চেমুৱেল বেকেট
অৱয়ব
চেমুৱেল বেকেট | |
---|---|
১৯৭৭ চনত চেমুৱেল বেকেট | |
জন্ম | চেমুৱেল বাৰ্কলে বেকেট ১৩ এপ্ৰিল, ১৯০৬ ফক্সৰক, ডাব্লিন, আয়াৰলেণ্ড |
মৃত্যু | ২২ ডিচেম্বৰ, ১৯৮৯ (৮৩ বছৰ) পেৰিছ, ফ্ৰান্স |
ছদ্মনাম | এণ্ড্ৰিউ বেলিছ[1] |
পেচা | ঔপন্যাসিক, নাট্যকাৰ, কবি, থিয়েটাৰ পৰিচালক, প্ৰবন্ধকাৰ, সাহিত্যিক অনুবাদক |
ভাষা | ইংৰাজী, ফৰাচী |
ৰাষ্ট্ৰীয়তা | আইৰিছ |
নাগৰিকত্ব | যুক্তৰাজ্য[2] |
চেমুৱেল বেকেট (ইংৰাজী: Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৯০৬ চনৰ ১৩ এপ্ৰিল চেমুৱেল বেকেটৰ জন্ম হয়। দেউতাকৰ নাম উইলিয়াম ফ্ৰেংক বেকেট।[3]
শিক্ষা
[সম্পাদনা কৰক]ফক্সৰকত হাইস্কুলীয়া জীৱন আৰম্ভ কৰে ৰজা জেমচে স্থাপন কৰা পৰ্টাৰয়েল স্কুলত। ১৯২৩ চনত ডাবলিনৰ ত্ৰিনিটি কলেজত ভৰ্তি হয় আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লয়।
চাকৰি জীৱন
[সম্পাদনা কৰক]বেকেটে চাৰিবছৰ ত্ৰিনিটি কলেজত অধ্যাপনা কৰিছিল।[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]১৯৩৫ চনত Echo's Bones and other Precipitates নামৰ কবিতা পুথি এখন প্ৰকাশিত হয়।[3] ১৯৩৮ চনত লণ্ডনত থকা কালত বেকেটে মাৰফি (Marphy) নামৰ এখন উপন্যাস ৰচনা কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছতে বেকেটে ফৰাচী ভাষাত Eleutheria নামৰ নাটক লিখি উলিয়ায়।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]১৯৬৯ চনত চেমুৱেল বেকেটে সাহিত্যৰ ন'বেল বঁটা পায়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Fathoms from Anywhere – A Samuel Beckett Centenary Exhibition". http://www.hrc.utexas.edu/exhibitions/web/beckett/career/watt/manuscripts.html.
- ↑ "Joyce chose to remain British". The Irish Times. https://www.irishtimes.com/opinion/letters/joyce-chose-to-remain-british-1.4066040.
- ↑ 3.0 3.1 3.2 3.3 কেইজনমান নোবেল বিজয়ী সাহিত্যিক, নৱকান্ত বৰদলৈ, প্ৰথম প্ৰকাশ: ২০০০, পৃষ্ঠা: ৭৫-৭৬