সমললৈ যাওক

মীনা খাদিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীনা খাদিকাৰ

মীনা খাদিকাৰ
জন্ম মীনা মংগেশকাৰ
৭ ছেপ্টেম্বৰ, ১৯৩১ (৯৩ বছৰ)
পেচা নেপথ্য গায়িকা, কণ্ঠশিল্পী
পিতৃ-মাতৃ দীননাথ মংগেশকাৰ
শ্বেৱন্তী মংগেশকাৰ
সন্তান যোগেশ আৰু ৰচনা
আত্মীয়-স্বজন লতা মংগেশকাৰ (ভনী)
আশা ভোঁচলে (ভনী)
উষা মংগেশকাৰ (ভনী)
হৃদয়নাথ মংগেশকাৰ (ভাই)

মীনা খাদিকাৰ (ইংৰাজী: Meena Khadikar) এগৰাকী ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ পণ্ডিত দীননাথ মংগেশকাৰৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ কন্যা।[1] তেওঁৰ ভাই-ভনীসকল ক্ৰমে- লতা মংগেশকাৰ, আশা ভোঁচলে, ঊষা মংগেশকাৰ, আৰু হৃদয়নাথ মংগেশকাৰ[2]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

১৯৩১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত মীনা খাদিকাৰৰ জন্ম হয়।[3] জন্মৰ সময়ত তেওঁৰ নাম আছিল মীনা মংগেশকাৰ৷ তেওঁৰ দেউতাক পণ্ডিত দীননাথ মংগেশকাৰ আছিল এগৰাকী মঞ্চশিল্পী তথা গায়ক। লতা মংগেশকাৰৰ পিছত মীনা আছিল দীননাথ মংগেশকাৰৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ কন্যা। তেওঁৰ ভাই-ভনীসকল হ’ল- আশা, ঊষা আৰু হৃদয়নাথ মংগেশকাৰ। তেওঁ মিঃ খাদিকাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ২০১১ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ যোগেশ খাদিকাৰে কেইটামান গীত ৰেকৰ্ড কৰিছে। যোগেশ জীতেন্দ্ৰ অভিষেকীৰ জীয়েকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

কৰ্মজীৱন (১৯৫২-২০০০)

[সম্পাদনা কৰক]

মীনাই কাম কৰা হিন্দী চলচ্চিত্ৰৰ ভিতৰত মেহবুব খানে পৰিচালনা কৰা ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত মাডাৰ ইণ্ডিয়া চলচ্চিত্ৰৰ গীত “দুনীয়া মে হম আয়ে হে তো” (লতা মংগেশকাৰ আৰু ঊষা মংগেশকাৰৰ সৈতে গাইছে), পিলপিলি চাহেব চলচ্চিত্ৰৰ “ফাগুন আয়া”, ফাৰ্মাইছ চলচ্চিত্ৰৰ “আপনে ছিন লিয়া দিল” গীতটোত মহম্মদ ৰফিৰ সৈতে দ্বৈত কণ্ঠত, “হে মৌচাম য়ে মস্তানা”, “মুস্কুৰানা”, আব্ৰু চলচ্চিত্ৰৰ “দিল চুৰানা” আৰু পাত্ৰানী চলচ্চিত্ৰৰ “আৰে কই জাও ৰি পিয়া কো বুলাও”।

মীনা খাদিকাৰ মাৰাঠী ইণ্ডাষ্ট্ৰীত কৰা সংগীত ৰচনাৰ বাবে অধিক জনাজাত, তেওঁ কৰা কামৰ ভিতৰত আছে এটি জনপ্ৰিয় শিশুৰ গীত আৰু এলবাম “আচাৱা সুন্দৰ চকলেটেচা বুংলা”, যাক পিছলৈ বঙালী আৰু গুজৰাটী ভাষালৈ অনুবাদ কৰি বাণীৱদ্ধ কৰা হৈছিল। ই মূল গীতটো মীনাৰ দুই সন্তান যোগেশ আৰু ৰচনাই গাইছিল। তেওঁৰ “চাং চাং ভোলানাথ” গীতটোও সুপৰিচিত।

মংগেশকাৰ পৰিয়াল

[সম্পাদনা কৰক]

মংগেশকাৰ পৰিয়াল হৈছে দীননাথ মংগেশকাৰৰ এক ভাৰতীয় পৰিয়াল। দীননাথে তেওঁৰ পৰিয়ালক তেওঁৰ জন্মস্থান গোৱাৰ মংগেশীৰ সৈতে চিনাক্ত কৰিবলৈ মংগেশকাৰ উপাধি গ্ৰহণ কৰিছিল।

দীননাথৰ পত্নী শ্বেৱন্তী (পিছলৈ শুদ্ধমতী নামলৈ সলনি কৰে), বোম্বাই প্ৰেচিডেঞ্চীৰ থালনাৰৰ (বৰ্তমান উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰত) এগৰাকী গুজৰাটী মহিলা আছিল, যি দীননাথৰ দ্বিতীয়গৰাকী পত্নী আছিল; তেওঁৰ প্ৰথম পত্নী নৰ্মদাৰ মৃত্যুৰ পিছত তেওঁ নৰ্মদাৰ সৰু ভনী শ্বেৱন্তীক বিয়া কৰায়।[4]

মীনাৰ বায়েক লতা মংগেশকাৰ ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু সন্মানীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ অবিবাহিত আছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলি জনা গৈছিল। ২০০১ চনত লতাজীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। মীনাৰ আন ভাই-ভনী সকলোৱে দক্ষ গায়ক আৰু সংগীতজ্ঞ।[5]

ডিস্কোগ্ৰাফী

[সম্পাদনা কৰক]
মাৰাঠী গীতসমূহ
  • “ইয়ে জাৱালি ঘে প্ৰিয়সখায়া ভগৱন্ত” - মনসালা পাখ অস্তাত সুৰকাৰ- মীনা খাদিকাৰ, গায়িকা- লতা মংগেশকাৰ‎
  • “বাভাৰলে মি বাভাৰে” - এক হোতা ৰাজা শ্ৰেষ্ঠ গীত
হিন্দী গীতসমূহ
  • “ফাগুন আয়া” - পিলপিলি চাহেব
  • “হে মৌচাম য়ে মস্তানা মুচকুৰানা দিল চুৰানা” - আব্ৰু

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]