সমললৈ যাওক

হোলোং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হোলোং
Dipterocarpus macrocarpus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Dipterocarpaceae
গণ: Dipterocarpus
প্ৰজাতি: D. retusus
বৈজ্ঞানিক নাম
Dipterocarpus retusus
Blume[1]
সমাৰ্থক
  • Dipterocarpus macrocarpus Vesque
  • Dipterocarpus mannii King ex Kanjal, P.C.Kanjal & D.Das
  • Dipterocarpus pubescens Koord. & Valeton
  • Dipterocarpus spanoghei Blume
  • Dipterocarpus tonkinensis A.Chev.
  • Dipterocarpus trinervis Blume

হোলোং ( বৈজ্ঞানিক নাম :Dipterocarpus retusus)[2] এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।[3][4] প্ৰায় ২০–৩০ মিটাৰ (৭০–১০০ ফুট) ওখ[4] এই গছজোপা কম্বোডিয়াত সমভূমিৰ ঘন অৰণ্যত পোৱা যায়, পাহাৰৰ ঢালত আৰু নদীৰ কাষত আৰু ৮০০ মিটাৰ (২,৬০০ ফুট)ৰ পৰা ১৫০০ মিটাৰ (৫,০০০ ফুট) ভিতৰৰ অৰণ্যত সাধাৰণতে পোৱা যায়। হোলোং অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জাতীয় গছ।[5] ইংৰাজীত হোলোঙক "Hollong Tree" বোলা হয়।

ব্যৱহাৰ

[সম্পাদনা কৰক]

ভাৰতত এই কাঠ প্লাইউড আৰু বিভিন্ন আচবাব বনোৱাত ব্যৱহাৰ কৰা হয়। চীনত এই কাঠ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা হয়। হোলোং গছক অসমৰ মৰাণ জনগোষ্ঠীৰ লোক সকলে পবিত্ৰ গছ বুলি বিশ্বাস কৰে। কাঠ আৰু ৰেজিনৰ বাবে প্ৰধানকৈ এই গছৰ খেতি কৰা হয়। টৰ্চ আৰু মমবাতি তৈয়াৰ কৰাৰ উদ্দেশ্যে কম্বোডিয়াত পাহাৰীয়া অঞ্চলৰ মানুহে এই গছ সংগ্ৰহ কৰে। খুটা আৰু তক্তাৰ বাবে এই কাঠ উপযুক্ত।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dipterocarpus retusus". Plants of the World Online. Royal Botanic Gardens, Kew. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:320751-1। আহৰণ কৰা হৈছে: 18 April 2019. 
  2. USDA, ARS, Germplasm Resources Information Network. হোলোং in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  3. Ly, V.; Nanthavong, K.; Pooma, R.; Luu, H.T.; Nguyen, H.N.; Vu, V.D.; Hoang, V.S.; Khou, E. et al. (2017). Dipterocarpus retusus. 2017. p. e.T32400A2817693. doi:10.2305/IUCN.UK.2017-3.RLTS.T32400A2817693.en. 
  4. 4.0 4.1 4.2 DY PHON, Pauline, 2000, Plants Used In Cambodia, printed by Imprimerie Olympic, Phnom Penh
  5. "State Trees and Flowers of India". flowersofindia.net. http://flowersofindia.net/misc/state_flora.html। আহৰণ কৰা হৈছে: 10 January 2021.