ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • বহুতে প্ৰশ্ন কৰিছিল ‘অসমীয়া ৱিকিপিডিয়া’ৰ কেইবাটাও ডাঙৰ গ্ৰুপ আছেই ফেচবুকত। তেনে অৱস্থাত আৰু এটা গ্ৰুপটো খোলাৰ প্ৰয়োজন কি? আমি ভাবিছিলোঁ প্ৰয়োজন আছে। পাছত আমি চৌহদৰ প্ৰায় প্ৰতিখন হোষ্টেলৰ এজনকৈ ছাত্ৰক দায়িত্ব দিছিলোঁ হোষ্টেলত আগ্ৰহী যেন লগা ছাত্ৰ- ছাত্ৰীসকলক গ্ৰুপটোত এদ কৰিবলৈ। এনেদৰেই লগ পাইছিলোঁ তেতিয়া জুনিয়ৰ হোষ্টেলৰ আবাসী ছাইদুল ইছলাম আৰু অন্যান্য হোষ্টেলৰ নিতু দাস, চম্পকজ্যোতি ৰাজবংশী আদিক। আমি আটাইকেইজনে মিলি ৰাতি ৰাতি হোষ্টেলে হোষ্টেলে গৈ মিটিং পাতি হ’বলগীয়া ‘ৱিকিপিডিয়া সন্মিলন’ৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিছিলোঁ। ফেচবুকৰ যোগেদি হওক বা মুখেৰে আমি আটায়ে প্ৰায় দুশজনক আমি এই সন্মিলনৰ বিষয়ে কৈছিলোঁ আৰু ইয়াৰ ভিতৰত চল্লিছজনমানে আগ্ৰহ দেখুৱাইছিল। এইবোৰ কৰি ফুৰা কাৰণে আমাৰ কেইবাজনো সহযোগীয়ে ‘কামোৰ’ নাম পাইছিল। তথাপি আমি সফলতাৰে এন আই টি শিলচৰৰ চৌহদত আমি প্ৰথমখন ‘ৱিকি সন্মিলন’ পতাত সফল হৈছিলোঁ (৬ মাৰ্চ,২০১৪)। সিদিনা প্ৰায় ২৫জন ছাত্ৰ উপস্থিতিত প্ৰভাকৰ ছাৰে ৱিকিৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে আলোচনা কৰিছিল। প্ৰথমখন ‘ৱিকি সন্মিলন’ৰ পাছত আমাৰ সৰু ক্লাবটোৰ পৰা কেইবাটাও প্ৰবন্ধ আমি ‘অসমীয়া ৱিকিপিডিয়া’লৈ আগবঢ়াবলৈ সমৰ্থ হৈছিলোঁ। - ফাৰুক আজিজ (মাৰ্চ, ২০১৫)
  • প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়। উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে! - জলী ৰুমী বৰা (এপ্ৰিল, ২০১৫)
  • বৰ্তমান 'অসমীয়াৰ সংজ্ঞা' বিচৰা হৈছে। আমি সকলোৱে অসমীয়া, কিন্তু অসমীয়ানো কোন, আমি নাজানো!! অসমীয়া ভাষাৰো যেন তেনে অৱস্থা কেতিয়াও নহওক। আৰু তাৰ বাবে প্ৰয়োজন, অধিক লোকে অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱাৰ.... যুগৰ দাবীত, আন্তৰ্জালত!! অসমীয়া ৱিকিপিডিয়াত যদিও এতিয়াও সক্ৰিয় সদস্যৰ সংখ্যা কম, মই দেখাত নতুন সদস্য ভৰ্তিৰ হাৰ আগতকৈ দ্ৰুততৰ হৈছে। দেখিছোঁ, অপঞ্জীভূত লোকেও অৱদান আগবঢ়াইছে। এয়া নিশ্চয় অসমীয়া ৱিকিপিডিয়া সমাজৰ মৰমিয়াল প্ৰকৃতিৰ বাবে হৈছে। এই দিশত ৱিকিমেলসমূহৰ গুৰুত্বও আওকাণ কৰিব নোৱাৰি। সকলোৰে চেষ্টাৰ ফলত অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ১১০০০তকৈ অধিক সদস্য আছে। এই মাহ অসমীয়া ৱিকিপিডিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই মাহতেই অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৩৩৭০টালৈ বৃদ্ধি পালে। অসমীয়া ৱিকিপিডিয়াত প্ৰতি মাহে সৃষ্ট প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পোৱাটো অতি সুখৰ বিষয়। বহু কৰা হ'ল, বহু কৰিবলৈ আছে, কষ্ট আছে, কিন্তু সকলো কষ্ট সহ্য কৰিবলৈ, শক্তি দিবলৈ নিজৰ ভাষাটোৰ প্ৰতি প্ৰেমো আছে! শেষত সকলোকে এয়ে আহ্বান কৰিলোঁ যে সকলোৱে বৰ্তমানলৈকে দেখুওৱা পাৰদৰ্শিতা আৰু যতনেৰেই আগলৈও কাম কৰি যায়, সকলোৰে মনত যেন মাতৃ ভাষাৰ প্ৰতি প্ৰেম কম নহয়, আৰু নিজৰ এই মহৎ গুণেৰে যেন আনকো প্ৰভাৱিত কৰে, অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ যেন আন বহু লোক আগবাঢ়ি আহে। - ঈশান কাশ্যপ হাজৰিকা (মে', ২০১৫)
  • ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ। - গীতাৰ্থ বৰদলৈ (ছেপ্টেম্বৰ, ২০১৫)
  • অসমীয়া ৱিকিপিডিয়াৰ কাম কৰাৰ কথা বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু নাজানিছিলোঁ কি দৰে কৰিম, শিকাবলৈও মানুহ নাই। ২৮ ফেব্ৰুৱাৰী,২০১৫। মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালালৈ আগ্ৰহেৰে গ'লোঁ। শ্ৰীযুত বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আহিল সমল ব্যক্তি হিচাবে। আগ্ৰহবোৰ বাঢ়ি গ'ল। মহাবিদ্যালয়ৰ পৰা গৈ হোষ্টেল পাই ৰ'ব নোৱাৰিলোঁ। অপৰিপক্ব জ্ঞানেৰে আৰম্ভ কৰিলোঁ এটি প্ৰবন্ধ, নকছাৰি। কৰাৰ পাছত নিতুল বৰা ডাঙৰীয়াই শুধৰাই দিলে, শিকাই দিলে কিছুমান কথা। তেনেকৈয়ে আৰম্ভণি। ফে'চবুকৰ নিচা আঁতৰিল, ৱিকিপিডিয়াত নিচা লাগিল। আবেলিৰ কলেজৰ পৰা অহাৰ পাছত শোৱাৰ সময়খিনি লেপটপটো খুলি ৱিকিপিডিয়াৰ কামত লাগোঁ, ৰুমমেটে ভাবে কি হ'ল ইয়াৰ। - ৰাম কিংকৰ মহন্ত (অক্টোবৰ, ২০১৫)
  • এটা কথা উপলব্ধি কৰি দুখ লাগে যে অসমীয়া ভাষাত এখন ৱিকিপিডিয়া থকাৰ কথা এতিয়াও বহুতে নাজানে বা জানিলেও আজিলৈকে ইয়াৰ সদব্যৱহাৰ কৰি পোৱা নাই। আনহাতে বহুতে ইয়াক ইংৰাজী ৱিকিপিডিয়াৰ এক অনুকৰণ মাত্ৰ বুলি ভাবে। প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লয়। কিন্তু অনলাইন বিশ্বকোষখনৰ আঞ্চলিক ভাষাৰ অন্যতম ভাগ হিচাপে অসমীয়া ৱিকিপিডিয়াতো সেই একেখিনি তথ্যই মাতৃভাষাত উপলব্ধ। তদুপৰি ইংৰাজী বা অন্য ভাষাৰ ৱিকিপিডিয়াত বিতংকৈ তথ্য নোপোৱা অসমৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী, লোক সংস্কৃতি বা ব্যক্তিৰ বিষয়েও সবিশেষ অসমীয়া ভাষাৰ সংস্কৰণত আছে। এই কথাবোৰ সৰ্বসাধাৰণ ব্যৱহাৰকাৰীয়ে উমান পোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। - চন্দন চিৰিং ফুকন (নৱেম্বৰ, ২০১৫)
  • "অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰচ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰচ কৰে, তেতিয়া তেওঁলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ।" - দিব্য দত্ত (জানুৱাৰী, ২০১৬)
  • ২০১৫ চনৰ ৭ নবেম্বৰত ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ একাউণ্ট এটা খুলিলোঁ। সৰু সুৰা কিছুমান সম্পাদনা কৰাৰ পিছত ১১ নবেম্বৰত প্ৰথম বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰবন্ধটো সৃষ্টি কৰিলোঁ। তাৰ পিছৰে পৰা আজৰি সময় পালে ৱিকিত নতুন প্ৰবন্ধ লিখা মোৰ হবি হৈ পৰিল! এটা দুটাকৈ এতিয়ালৈকে প্ৰায় ৫৮টা প্ৰবন্ধ সৃষ্টি কৰিলোঁ আৰু যিমান পাৰোঁ কৰি গৈ থাকিম। মাজে মাজে হোৱা সম্পাদনা মেলা বোৰত অংশগ্ৰহণো কৰিছোঁ। মুঠতে এই তিনি মাহতে ৱিকিপিডিয়াৰ বহুতো নজনা কথা শিকিলোঁ। বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইণ্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়। - অজয় দাস (ফেব্ৰুৱাৰী, ২০১৬)
  • ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননি পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। - নিতুল বৰা (মাৰ্চ, ২০১৬)